নিউজ ডেস্ক, 25 মে’: তেলেংগানাত গণ প্ৰহাৰ সদৃশ ঘটনা (mob lynching style attack) ৷ স্থানীয় মুছলমান সংস্থা মজলিছ বচাও তেহৰীকে দাবী কৰা অনুসৰি এখন হোটেলৰ স্বত্বাধিকাৰী আৰু গেছ বিতৰণ কৰা এজন কৰ্মচাৰীৰ মাজত হোৱা সামান্য বিবাদৰ ফলত এগৰাকী গৰ্ভৱতী মহিলাৰ গৰ্ভপাত হয় (Majlis Bachao Tehreek)৷ এই সমগ্ৰ ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়াৰ আঁৰত বিজেপি দলৰ নৰসাপুৰ পৌৰসভাৰ অধ্যক্ষ মুৰলী যাদৱ আৰু কাউন্সিলাৰ জড়িত থকা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় সংস্থাটোৱে (Pregnant woman suffers miscarriage) ৷
ঘটনাৰ বিৱৰণী অনুসৰি যোৱা 7 মে’ত মেদক জিলাৰ নৰসাপুৰ ক্ৰছিং পথতেস্থিত কল্যাণী বিৰিয়ানী হোটেলৰ মালিক মইনুদ্দিনে এটা গেছৰ চিলিণ্ডাৰ আনিবলৈ নিৰ্দেশনা দিছিল (Muslim pregnant woman suffered miscarriage ) ৷ তাৰ পিচতে লিংগম সম্প্ৰদায়ৰ এগৰাকী যুৱকে গেছৰ ডেলিভাৰী দিবলৈ আহিছিল (MBT on Narsapur incident)৷
তেনে সময়তে মইনুদ্দিন আৰু ডেলিভাৰী দিবলৈ অহা যুৱকজনৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ এই তৰ্কা-তৰ্কিৰ প্ৰায় 4 ঘণ্টাৰ পিচতে ৰাজেন্দ্ৰ বুচেশ য়াদয়, মল্লেশ গৌড়, প্ৰভু স্বামী, কিৰণ স্বামীসহ ৫০ জন লোক মইনুদ্দিনৰ হোটেললৈ গৈছিল (Muslim hotel owner beaten in Narsapur) ৷ দলটোৱে জয় শ্ৰী ৰাম ধ্বনিৰে শ্লোগান দিয়েই দলটোৱৰ এজন লোকে মইনুদ্দিনক হোটেলৰ ভিতৰৰ পৰা বলপূৰ্বকভাৱে টানি লৈ আহিছিল ৷ তাৰ পিচতে মইনুদ্দিনৰ ওপৰত নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল দলটোৱে ৷
এই ঘটনা দেখি মইনুদ্দিনৰ মাতৃ আৰু গৰ্ভৱতী ভগ্নীয়ে বচাবলৈ আহোঁতেই দলটোৱে দুয়োগৰাকী মহিলাক প্ৰহাৰ কৰে ৷ দলটোৰ প্ৰহাৰত গৰ্ভৱতী মহিলাগৰাকীৰ আভ্যন্তৰীণ আঘাত হোৱাত তেওঁৰ সন্তানটোৰ গৰ্ভতে মৃত্যু হয় ৷
এই ঘটনাৰ পিচত এমবিটিৰ মুখপাত্ৰ আমজেদ উল্লাহ খানে অভিযোগ কৰে যে অভিযুক্ত বিজেপি নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে স্থানীয় আৰক্ষীয়ে মইনুদ্দিনক গ্ৰেপ্তাৰ কৰে ৷ এই ঘটনাৰ পিচত তেওঁলোকৰ হোটেলখন বন্ধ হৈ থকাৰ বাবে বৃদ্ধ মাতৃ আৰু গৰ্ভৱতী ভগ্নীৰ অৱস্থান এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷ খানে কৈছিল যে নৰসাপুৰ আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত কঠোৰ পদক্ষেপ গ্ৰহণ কৰি মইনুদ্দিন পৰিয়ালৰ পৰা কোনো অভিযোগ উত্থাপন হোৱা নাই বুলি প্ৰকাশ কৰে ৷
খানে বিষয়টোৰ সন্দৰ্ভত উচ্চ ন্যায়ালয়ত তদন্তৰ দাবী জনোৱাৰ লগতে অভিযুক্তক এতিয়াও গ্ৰেপ্তাৰ নকৰাৰ বাবে আৰক্ষী অধীক্ষক মেদকক নিলম্বন কৰিবলৈ দাবী উত্থাপন কৰিছিল । এমবিটিৰ মুখপাত্ৰ খানে শেহতীয়াকৈ এক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছিল যে মুখ্যমন্ত্ৰী কে চি আৰে প্ৰশাসনক নিয়ন্ত্ৰণ কৰি ৰাখিব পৰা নাই ৷