ETV Bharat / bharat

Hernia operation for Rs 50: 50 টকাতে হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰা এটা বিশেষ সংস্থা

author img

By

Published : Oct 29, 2022, 8:57 PM IST

এটা বিশেষ সংস্থাৰ ব্যতিক্ৰমী পদক্ষেপে সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ১৯৪৩ চনত একাংশ দৰিদ্ৰ লোকৰ সহায়ৰ অৰ্থে কলকাতা চহৰত পীপলছ ৰিলিফ কমিটি (পিআৰচি)(Peoples Relief Committee) স্থাপন কৰা হৈছিল ৷ শেহতীয়াকৈ এই সংস্থাটোৰ 80 বাৰ্ষিকী উপলক্ষে কেৱল ৫০ টকাত হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ ৰূপায়ণ কৰা হ’ব ৷

PRC arranges hernia operation for Rs 50
50 টকাতে হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ কৰা এটা বিশেষ সংস্থা

নেশ্যনেল ডেস্ক, ২৯ অক্টোবৰ: দেশজুৰি আকাশলংঘী মূল্যবৃদ্ধিয়ে জ্বলাকলা খুৱাইছে দেশবাসীক ৷ ইয়াৰে মাজতে এটা বিশেষ সংস্থাৰ ব্যতিক্ৰমী পদক্ষেপে সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ সমস্যাগ্ৰস্ত ভাৰতৰ প্ৰাক স্বাধীন কাল ১৯৪৩ চনত একাংশ দৰিদ্ৰ লোকৰ সহায়ৰ অৰ্থে কলকাতা চহৰত পীপলছ ৰিলিফ কমিটি (পিআৰচি)(Peoples Relief Committee) স্থাপন কৰা হৈছিল ৷ এই সংস্থাটোৰ মূল উদ্দেশ্য আছিল কম ব্যয়ৰে ৰোগীসকলক যাৱতীয় চিকিৎসাৰ লগতে সকলো সা-সুবিধা প্ৰদান কৰা ৷

এই বিশেষ সংস্থাটোৱে এতিয়ালৈ 80 বছৰত প্ৰৱেশ কৰিছে ৷ এই দীৰ্ঘতম যাত্ৰা সফলভাৱে ৰূপায়ণ কৰি 80 বছৰ গৰকা পি আৰ চিয়ে (80th anniversary of PRC )এই বিশেষ দিনটোৰ উদযাপনৰ উপলক্ষে 80 টা কাৰ্যসূচী ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে ৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হৈছে এই বিশেষ দিনটোৰ উপলক্ষে কেৱল ৫০ টকাত হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ ৰূপায়ণ কৰা হ’ব ৷ যিসকল লোক আৰ্থিকভাৱে দুৰ্বল, তেনে ৰোগীয়ে অনাগত এবছৰৰ বাবে এই সুবিধা লাভ কৰিব পাৰিব ৷ পিআৰচিৰ উপৰিও কলকাতাৰ বিভিন্ন প্ৰান্তৰ ওচৰৰ চিকিৎসালয়বোৰত কম ব্যয়ৰে চিকিৎসা কৰিব পৰাকৈ চিকিৎসাৰ সুবিধা উপলব্ধ কৰা হৈছে ৷

ইয়াৰোপৰি এই বিশেষ কাৰ্যসূচীৰ ভিতৰত থাকিব চিকিৎসা শিবিৰ, তেজ পৰীক্ষাকে ধৰি কেইবাটাও ৰোগ নিৰ্ণয় আৰু প্ৰতিৰোধৰ বাবে বিশেষ পৰিকল্পনা ৷ পীপলছ ৰিলিফ কমিটি (পিআৰচি)ৰ সচিব ড৹ ফুৱাদ হালিমে ই টিভি ভাৰতক জনোৱা অনুসৰি - আমি ইতিমধ্যে কেইবাটাও অঞ্চলত চিকিৎসা শিবিৰ পৰিচালনা কৰিছো ৷ বহু শিবিৰত ৰক্তদান কাৰ্যসূচীও চলি আছে ৷ সম্পূৰ্ণ বিনামূলীয়াকৈ ডেংগু, মেলেৰিয়াকে ধৰি কেইবাটাও ৰোগৰ পৰীক্ষাৰ লগতে চিকিৎসা প্ৰক্ৰিয়া অব্যাহত হৈ আছে ৷ কিন্তু এই সুবিধা কেৱল যিসকলে চিকিৎসাৰ বাবে ধন ব্যয় কৰিব নোৱাৰে তেওঁলোকৰ বাবেহে উপলব্ধ ৷

পিআৰচিৰ সভাপতি আৰু বিশিষ্ট চলচ্চিত্ৰ পৰিচালক কমলেশ্বৰ মুখাৰ্জীয়ে কয়, "সাধাৰণ হাৰ্নিয়া অপাৰেচনৰ বাবে অন্য চিকিৎসালয় অথবা হাস্পতালত অতি কমেও 10,000 টকা ব্যয় হয় ৷ কিন্তু এই অভিযানৰ অধীনত হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ মাত্ৰ 50 টকাত কৰা হ’ব (PRC arranges hernia operation for Rs 50)৷ এই অভিযানৰ অধীনত বিনামূলীয়া চকু পৰীক্ষা আৰু চশমা বিতৰণৰ লক্ষ্যও নিৰ্ধাৰণ কৰা হৈছে ৷ চহৰখনৰ কেবাটাও বস্তি অঞ্চলত থেলাচেমিয়া, হিমোগ্লোবিন সম্পৰ্কীয় ৰোগৰ বাবে চিকিৎসা শিবিৰ স্থাপন কৰা হৈছে ৷ 80 তম বাৰ্ষিকীৰ বাবে আমাৰ কামৰ সংখ্যা আৰু পৰিসৰ বৃদ্ধি কৰা হৈছে ৷"

পীপলছ ৰিলিফ কমিটিৰ সম্পাদক ড৹ ফুৱাদ হালিমে জনোৱা অনুসৰি ক’ভিডৰ সময়ত কলকাতাত স্বাস্থ্য আঁচনিৰ দ্বাৰা মাত্ৰ 50 টকাত সংস্থাটোৱে পাঁচটা শ্বিফ্টত ডায়েলাইচিছৰ ব্যৱস্থা কৰিছিল ৷

লগতে পঢ়ক: Tripura Gangrape : আৰক্ষীয়ে দলবদ্ধ ধৰ্ষণৰ উপযুক্ত অনুসন্ধান নকৰাৰ অভিযোগ কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.