ETV Bharat / bharat

গৃহৰাজ্য বিহাৰত 3000 কিলোমিটাৰ পদযাত্ৰা কৰিব প্ৰশান্ত কিশোৰে

বিশিষ্ট ৰাজনৈতিক বিশ্লেষক তথা পৰামৰ্শদাতা প্ৰশান্ত কিশোৰে বিহাৰত আৰম্ভ কৰিব পদযাত্ৰা (Prashant Kishore to start Padyatra in Bihar)। ৩০০০ কিলোমিটাৰ পদযাত্ৰা কৰিব প্ৰশান্ত কিশোৰে । কিন্তু বিভিন্ন দলক নিৰ্বাচনী ৰণনীতিৰ বিষয়ে কোৱা প্ৰশান্ত কিশোৰে কিয় এই পদযাত্ৰাৰ সিদ্ধান্ত লৈছে ?

author img

By

Published : May 5, 2022, 7:56 PM IST

Padyatra of Prashant Kishor
প্ৰশান্ত কিশোৰে বিহাৰত আৰম্ভ কৰিব পদযাত্ৰা

নেশ্যনেল ডেস্ক,৫ মে': বিহাৰত প্ৰশান্ত কিশোৰে কৰিব ৩০০০ কিলোমিটাৰৰ পদযাত্ৰা (Prashant Kishore announced 3000 km Padyatra in Bihar)। বিশিষ্ট ৰাজনৈতিক ৰণনীতিবিদগৰাকীয়ে সংবাদমাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে । অহা ২ অক্টোবৰত পশ্চিম চম্পাৰণৰ গান্ধী আশ্ৰমৰ পৰা এই পদযাত্ৰা আৰম্ভ হ'ব (Prashant Kishore plans to Padyatra in Bihar)। তেওঁ আশাবাদী যে তেওঁৰ এই অভিযানে 'জন সুৰাজ' (সুশাসন)ৰ ধাৰণাৰ পক্ষত থকা লোকসকলক একত্ৰিত কৰাত সহায় কৰিব ।

প্ৰশান্ত কিশোৰে উল্লেখ কৰা মতে, অহা ৩-৪ মাহত বিহাৰৰ বহুতো বিশিষ্ট ব্যক্তিক তেওঁ লগ কৰিব আৰু তেওঁলোকৰ মাজত 'জন সুৰাজ' (সুশাসন)ৰ ধাৰণা গঢ়ি তোলাৰ চেষ্টা কৰিব । লগতে তেওঁলোকক ইয়াত অংশ কৰাবলৈ চেষ্টা কৰিব । কংগ্ৰেছৰ সৈতে আলোচনা বিফল হোৱা সন্দৰ্ভত তেওঁ কয় যে, আগন্তুক দিনত কেনেদৰে কাম কৰিব বিচাৰে সেই সম্পৰ্কে তেওঁৰ পৰিৱৰ্তে কংগ্ৰেছেহে সিদ্ধান্ত ল'ব লাগিব (Prasant Kishore on Congress) ।

তেওঁ লগতে কয় যে, কংগ্ৰেছক কোনো প্ৰশান্ত কিশোৰৰ প্ৰয়োজন নাই, দলটোত আৰু বহু সক্ষম লোক আছে । তেওঁলোকে জানে কংগ্ৰেছক আগুৱাই নিবলৈ কি কৰিব লাগিব । বিহাৰৰ উন্নয়ন সম্পৰ্কে প্ৰশান্ত কিশোৰে উদ্বেগ প্ৰকাশ কৰি কয় যে প্ৰায় ৩০ বছৰ ধৰি লালু আৰু নীতিশে শাসন কৰাৰ পিছতো বিহাৰ আজি দেশৰ আটাইতকৈ পিছপৰা আৰু দৰিদ্ৰ ৰাজ্য । তেওঁৰ মতে উন্নয়নৰ বহু দিশত বিহাৰ এতিয়াও দেশৰ ৰাজ্যসমূহৰ ভিতৰত নিম্নতম স্থানত আছে ।

বিহাৰে আগন্তুক সময়ত যদি আগশাৰীৰ ৰাজ্যসমূহৰ সৈতে একে শাৰীত থিয় হ'ব বিচাৰে তেন্তে বিহাৰত নতুন চিন্তা আৰু নতুন প্ৰচেষ্টাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ পিছত, প্ৰশান্ত কিশোৰে শেহতীয়াকৈ বিহাৰত 'জন সুৰাজ' অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল । অৱশ্যে, তেওঁ নিজৰ জন্মস্থানত কাৰ্যকৰী কৰিব বিচৰা প্ৰকৃত ৰণনীতিটো সম্পৰ্কে এতিয়াও প্ৰকাশ কৰা নাই । তেওঁৰ এই 'জন সুৰাজ' ঘোষণাৰ পাছতে ইতিমধ্যে ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতে সন্দেহ কৰিছে যে কিশোৰে ৰাজ্যখনত এটা নতুন দল গঠন কৰিব ।

ইফালে প্ৰশান্ত কিশোৰক গুৰুত্ব দিয়াৰ কথা অশ্বীকাৰ কৰিছে ৰাজ্যখনৰ বহু শীৰ্ষ নেতাই । বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কোৱা মতে কিশোৰৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই । আনহাতে, আৰজেডি নেতা তথা বিৰোধী দলৰ নেতা তেজস্বী যাদৱে কোৱা মতে তেওঁ ৰাজনৈতিক ৰণনীতিবিদৰ বাতৰি অনুসৰণ নকৰে । প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোডীয়েও দাবী কৰে যে ৰাজনৈতিক ৰণনীতি প্ৰস্তুত কৰা আৰু জনসাধাৰণৰ সৈতে সম্পৰ্ক গঢ়ি তোলা দুটা পৃথক বিষয় ।

ৰাষ্ট্ৰীয় জনতা দলৰ (আৰজেডি) সৰ্বোচ্চ নেতা লালু প্ৰসাদে কিশোৰৰ প্ৰচেষ্টা ফ্লপ হ'ব বুলি মন্তব্য কৰিছিল । এই নেতাসকলে প্ৰশান্ত কিশোৰক অৱজ্ঞা কৰিলেও কিন্তু কিশোৰৰ শক্তিৰ বিষয়ে জ্ঞাত । কিয়নো ২০১৪ চনৰ লোকসভা নিৰ্বাচনত কিশোৰে বিজেপি দলৰ বাবে কেনে ভূমিকা লৈছিল সেই কথা নেতাসকল ভালদৰে অৱগত ।

জনতা দল (ইউনাইটেড) আৰু আৰজেডিয়েও ২০১৫ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত তেওঁৰ ৰাজনৈতিক ৰণনীতি অনুসৰণ কৰিছিল কিশোৰ পশ্চিমবংগ, তেলেংগানা আৰু দিল্লীৰ ক্ষেত্ৰতো সফল হৈছিল । সেয়েহে, বিহাৰৰ প্ৰতিটো দলে প্ৰশান্ত কিশোৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

লগতে পঢ়ক :ত্ৰিপুৰাৰ পৰ্যটনৰ উন্নয়নৰ বাবে বেংকসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জিষ্ণু দেৱবৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.