ETV Bharat / bharat

Poster politics : হিন্দু দেৱ-দেৱতাৰ ৰূপত প্ৰকাশ ৰাজনৈতিক নেতাক - কমল নাথ

পোষ্টাৰৰ ৰাজনীতিয়ে ভাৰতত এক নতুন মাত্ৰা লাভ কৰা দেখা গৈছে ৷ ধৰ্মীয় চেতনা জগাবলৈ বিভিন্ন ৰাজনৈতিক দলে তেওঁলোকৰ হেভীৱেট নেতাৰ প্ৰতিচ্ছবি বিভিন্ন হিন্দু দেৱ-দেৱতাৰ ৰূপত প্ৰকাশ কৰিবলৈ ধৰিছে ৷ শেহতীয়াকৈ উত্তৰ প্ৰদেশত যোগী আদিত্য নাথক ভগৱান শ্ৰীকৃষ্ণৰ পিতৃ বাসুদেৱৰ ৰূপত প্ৰকাশ কৰা দেখা গৈছে ৷

Poster politics
হিন্দু দেৱ-দেৱতাৰ ৰূপত প্ৰকাশ ৰাজনৈতিক নেতাক
author img

By

Published : Sep 1, 2021, 8:19 PM IST

নিউজ ডেস্ক, 1 ছেপ্টেম্বৰ : চ’ছিয়েল মিডিয়াত বিশেষ সমাদৰ লাভ কৰিছে এখন কাৰ্টুনে ৷ ছবিখনত দেখা গৈছে বাসুদেৱ ৰূপে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে এটা পাচিত সমগ্ৰ উত্তৰ প্ৰদেশখন (এটি শিশু ৰূপত) তুলি মূৰত লৈ গৈছে ৷ এই ফটোখনে ৰাজনৈতিক পৰিবেশটো গমৰ কৰি তুলিছে ৷ কাৰ্টুনখনত পাচিত থকা শিশুটোক উত্তৰ প্ৰদেশ হিচাপে বুজোৱা হৈছে আৰু দেখা গৈছে যে, যোগী আদিত্য নাথে উত্তৰ প্ৰদেশক মাফিয়া, সন্ত্ৰাস আৰু অসামাজিক কাৰকবোৰৰ পৰা ৰক্ষা কৰিছে ৷

য’ত ভগৱান বিষ্ণুৰ পঞ্চমুখী নাগক পাঁচখন আঁচনি হিচাপে চিহ্নিত কৰা হৈছে ৷ এই আঁচনি কেইখন হ’ল, উজ্জ্বলা আঁচনি, মিছন শক্তি, ক’ভিড টীকাকৰণ, লাভ-জেহাদ আৰু ভাগ্যলক্ষ্মী যোজনা ৷ এই কেইখন আঁচনিয়ে বাসুদেৱ ৰূপী আদিত্য নাথক ভৰা নৈখন পাৰ হওতে আৱৰি ধৰিছে ৷ যিদৰে বসুদেৱে শ্ৰীকৃষ্ণক শিৰত লৈ যমুনা পাৰ হওঁতে নাগে ফনা ধৰি বৰষুণৰ পৰা ৰক্ষা কৰিছিল ৷

Poster politics
যোগী আদিত্য নাথ

এই ফটোখন উত্তৰ প্ৰদেশ বিজেপিয়ে তেওঁলোকৰ টুইটাৰত আপলোড কৰি শিৰোনাম দিছে যে, "Kaliyug monsters create an uproar, Chief Minister Yogi turns nurturer" ৷ ইয়াৰ দ্বাৰা তেওঁলোকে বুজাবলৈ চেষ্টা কৰিছে যে, উত্তৰ প্ৰদেশ বাসীক আতংক তথা বিপদৰ পৰা ৰক্ষা কৰিছে যোগী আদিত্য নাথে ৷ উল্লেখ্য যে, 2022 চনত উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

Poster politics
শিৱৰাজ সিং চৌহান

মঙলবাৰে, মধ্যপ্ৰদেশত আন এখন পোষ্টাৰ প্ৰকাশ কৰিছে কংগ্ৰেছে ৷ এইখন পোষ্টাৰত কংগ্ৰেছ নেতা কমল নাথক শ্ৰীকৃষ্ণ আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক কংসৰ ৰূপত প্ৰকাশ কৰা হৈছে ৷ এই ফটোখনৰ দ্বাৰা একাংশ জনতাই কমল নাথক 2023ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিজেপিক এক শিক্ষা দিবলৈ দাবী জনাইছে ৷ এগৰাকী কংগ্ৰেছ নেতা শ্বায়েৰ খানে মত প্ৰকাশ কৰিছে যে, ‘‘যেতিয়াই পাপ বেছি হয় তেতিয়াই ভগবানে কাৰোবাক পঠিয়াই ধৰালৈ ৷ কমল নাথ সেই গৰাকী বিকাশ পুৰুষ ৷ তেওঁৰ চিনন্দোৱাৰা আৰ্হি বিকাশৰ অন্যতম নিদৰ্শন ৰাজ্যখনৰ বাবে ৷ কিন্তু শিৱৰাজ সিং চৌহানে মধ্যপ্ৰদেশত বিশেষ একোৱেই কৰা নাই’’ ৷

  • कलियुगी राक्षस मचाएं हाहाकार
    मुख्यमंत्री योगी बने पालनहार #BJP4UP pic.twitter.com/7JPNyIStiz

    — BJP Uttar Pradesh (@BJP4UP) August 31, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচন অহা 2023 চনত হোৱাৰ সম্ভাৱনা আছে ৷ কংগ্ৰেছৰ কমল নাথ আৰু বিজেপিৰ শিৱৰাজ সিং চৌহানৰ মাজত তেতিয়াৰ পৰাই সংঘাত আৰম্ভ হৈছিল যেতিয়া যোৱা বৰ্ষত কংগ্ৰেছে সংখ্যা গৰিষ্ঠতা হেৰুওৱাৰ পাচত কমল নাথে পদত্যাগ কৰিছিল ৷ তাৰ পাচতেই ৰাজ্যখনত চৰকাৰ গঠন কৰিছিল বিজেপিয়ে আৰু মুখ্যমন্ত্ৰী হিচাপে চতুৰ্থবাৰৰ বাবে শপত লৈছিল শিৱৰাজ সিং চৌহানে ৷

Poster politics
কমল নাথ

যি কি নহওক দুই দলৰ এই ব্যতিক্ৰমী প্ৰচাৰশৈলীয়ে সমৰ্থকক বাৰুকৈয়ে আকৃষ্ট কৰিছে আৰু দুয়োখন ফটো চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰি দেখা গৈছে ৷

লগতে পঢ়ক : ৰঞ্জন গগৈ কেনেকৈ সাংসদ হ'ল: উচ্চতম ন্যায়ালয়ত গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.