ETV Bharat / bharat

Manipur Election 2022 : আজি মণিপুৰত ভাগ্য নিৰ্ণয় হ’ব 92 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

author img

By

Published : Mar 5, 2022, 8:59 AM IST

মণিপুৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায় (Polling for second phase of Manipur elections) ৰ ভোটগ্ৰহণ শনিবাৰে ছয়খন জিলাত আৰম্ভ হৈছে ৷ ৰাজ্যখনৰ 22 টা সমষ্টিত পুৱা 7 বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ । যিসকল ভোটাৰ কৰ’ণাৰ দ্বাৰা সংক্ৰিমত হৈছে অথবা আইছ’লেছনত আছে, তেওঁলোকে 3-4 বজাত ভোটদান কৰিব পাৰিব ৷

Polling for second phase of Manipur elections begins, fate of 92 candidates to be sealed
মণিপুৰ বিধানসভা নিৰ্বাচনৰ

নেশ্যনেল ডেস্ক, 5 মাৰ্চ : মণিপুৰ বিধানসভা নিৰ্বাচনৰ আজি দ্বিতীয় তথা অন্তিম পৰ্যায় (Polling for second phase of Manipur elections) ৷ শনিবাৰে ছয়খন জিলাৰ 22 টা সমষ্টিত পুৱা 7 বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ । যিসকল ভোটাৰ কৰ’ণাৰ দ্বাৰা সংক্ৰমিত হৈছে অথবা আইছ’লেছনত আছে, তেওঁলোকে ভোটগ্ৰহণৰ অন্তিম সময়ত অৰ্থাৎ 3-4 বজাত ভোটদান কৰিব পাৰিব ৷

দুগৰাকী মহিলাকে ধৰি প্ৰায় 92 গৰাকী প্ৰাৰ্থীয়ে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ নিৰ্বাচন অনুষ্ঠিত হোৱা 22 টা সমষ্টি হৈছে - লিলং, থৌবাল, ৱাংখেম, হেইৰোক, ৱাংজিং টেনথা, খাংগাবো, ৱাবগাই, কাকচিং, হিয়াংলাম, চুগনু, জিৰিবাম, চান্দেল (ST), টেংনুপাল (ST), ফুংগিয়াৰ (ST), উখৰুল (ST), চিংগাই (ST), কাৰোং (ST), মাও (ST), টাডুবি (ST), তামুবি (ST), তামি (ST), তামুচি (ST), তামিং (ST) আৰু তামেগিং (ST) ৷

উল্লেখ্য যে, দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়চোৱাত 1,247 টা ভোটকেন্দ্ৰত থকা ভোটাৰৰ সংখ্যা হৈছে প্ৰায় ৮.৩৮ লাখ ৷

বিগত ৩ মাৰ্চত নিৰ্বাচন আয়োগে ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অব্যাহত থকা সকলো প্ৰকাৰৰ নিৰ্বাচনী প্ৰচাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে ।

এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে, বৰ্তমানৰ মণিপুৰ চৰকাৰৰ কাৰ্যকাল 2017 চনৰ 20 মাৰ্চত আৰম্ভ হৈছিল ৷ যাৰ সমাপ্তি ঘটিব চলিত বৰ্ষৰ 19 মাৰ্চত ৷ মণিপুৰৰ মুঠ 60 টা বিধানসভা সমষ্টিৰ ভিতৰত 38 টা বিধানসভা সমষ্টিত বিগত 28 ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল । প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ আছিল 78.30 শতাংশ । এইবেলি নিৰ্বাচনত গেৰুৱা দল বিজেপিয়ে এককভাৱে নিৰ্বাচনী যুঁজত নামি 60 খন আসনতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷

2017 চনৰ মণিপুৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে 28 খন আসন দখল কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰে ৷ বিপৰীতে বিজেপিয়ে লাভ কৰিছিল 21 খন আসন ৷ তদুপৰি নেচনেল পিপলছ পাৰ্টী (NPP) আৰু নাগা পিপলছ ফ্ৰণ্টে (NPF) চাৰিখনকৈ আৰু লোক জনশক্তি পাৰ্টীয়ে (LJP) মাত্ৰ এখন আসনহে লাভ কৰে ৷ বিজেপিয়ে ৩৬.২৮ শতাংশ ভোট লাভ কৰিছিল আৰু কংগ্ৰেছে মুঠ ভোটৰ ৩৫.১১ শতাংশ লাভ কৰিছিল ।

পৰৱৰ্তী সময়ত বিজেপিয়ে এনপিপি, এনপিএফ আৰু এলজেপিৰ সৈতে মিত্ৰতা কৰি বীৰেন সিঙৰ নেতৃত্বত চৰকাৰ গঠন কৰে ৷ উল্লেখ্য যে, মণিপুৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ১০ মাৰ্চত ঘোষণা কৰা হ'ব ।

লগতে চাওক: Manipur Election 2022: 67 শতাংশ ভোটদানেৰে সমাপ্ত মণিপুৰৰ প্ৰথম পৰ্যায়ৰ সাধাৰণ নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.