ETV Bharat / bharat

UP Fifth phase polling : 11 বজালৈ 21.39 শতাংশ ভোটগ্ৰহণ

author img

By

Published : Feb 27, 2022, 10:29 AM IST

Updated : Feb 27, 2022, 11:47 AM IST

পুৱা ৭ বজাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ (UP assembly election 2022) পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ । ১২ খন জিলাৰ ৬১ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । প্ৰায় ২.২৪ কোটি ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৬৯২ গৰাকী প্ৰাৰ্থীৰ ।

UP Fifth phase polling
উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন

নেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী : উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচন (UP assembly election 2022) চলি আছে । দেওবাৰে ৰাজ্যখনৰ পঞ্চম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ হৈছে (UP Fifth phase polling begins)। ৬১ টা সমষ্টিত অনুষ্ঠিত হৈছে নিৰ্বাচনৰ ভোটগ্ৰহণ ।

অযোধ্যা, চুলতানপুৰ, চিত্ৰকূট, প্ৰতাপগড়, কৌশাম্বী, প্ৰয়াগৰাজ, বাৰাবাকী, বাহৰাইচ, শ্ৰাৱস্তী, গোণ্ডা, আমেঠি আৰু ৰায়বৰেলীকে ধৰি ১২ খন জিলাত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ । পুৱাৰে পৰা শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । জানিব পৰা মতে, 11 বজালৈ 21.39 শতাংশ ভোটগ্ৰহণ হৈছে ।

পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত কেইবাগৰাকী প্ৰভাৱশালী প্ৰাৰ্থীৰ ভৱিষ্যৎ নিৰ্ণয় হ'ব । প্ৰভাৱশালী নেতাসকলৰ ভিতৰত আছে উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, মন্ত্ৰী সিদ্ধাৰ্থ নাথ সিং, কংগ্ৰেছ বিধায়িনী দলৰ নেতা আৰাধনা মিশ্ৰকে ধৰি কেইবাগৰাকী । প্ৰায় ৬৯২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব প্ৰায় ২.২৪ কোটি ভোটাৰে । সন্ধিয়া ৬ বজাৰ লগে লগে সমাপ্ত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া ।

ইফালে ৰাজ্যখনৰ উক্ত জিলাকেইখনত ভাৰতীয় জনতা পাৰ্টী (বিজেপি), সমাজবাদী পাৰ্টী (এছপি), কংগ্ৰেছ আৰু বহুজন সমাজ পাৰ্টি (বিএছপি)ৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা গৈছে । ২০১৭ চনত, বিজেপিয়ে এই সমষ্টিবোৰৰ ৫৫ টাৰ ভিতৰত ৩৮ টাতে জয়ী হ'বলৈ সক্ষম হৈছিল আনহাতে এছপিয়ে লাভ কৰিছিল ১৫ খন আসন । কংগ্ৰেছে মাত্ৰ দুখন আসন লাভ কৰিছিল ।

উল্লেখ্য যে সাতটা পৰ্যায়ৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে সমাপ্ত হৈছে । বাকী দুটা পৰ্যায়ৰ ভোটগ্ৰহণ ৩ মাৰ্চ আৰু ৬ মাৰ্চত অনুষ্ঠিত হ'ব । ভোটগণনা ১০ মাৰ্চত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : UP polls 2022: বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত কৃষি প্ৰধান আমেঠি সমষ্টি

Last Updated : Feb 27, 2022, 11:47 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.