ETV Bharat / bharat

কৃষি আইনৰ বিৰোধিতাত কৃষকৰ দিল্লী চলো কাৰ্যসূচী: প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা

author img

By

Published : Nov 27, 2020, 2:31 PM IST

প্ৰতিবাদকাৰীসকল অধিক উগ্ৰ হৈ পৰাত আৰক্ষীয়ে লাঠি চালনা কৰাৰ লগতে টেংকাৰেৰে পানী ঢালি দিল্লীত প্ৰৱেশত বাধা দিয়াৰ চেষ্টা কৰে ৷

police use tear gas shells to disperse protesting farmers at singhu border
কৃষি আইনৰ বিৰোধীতাত কৃষকৰ দিল্লী চলো কাৰ্যসূচী: প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা

নিউজ ডেস্ক, 27 নৱেম্বৰ: কৃষি আইনৰ বিৰোধিতাত পঞ্জাৱ হাৰিয়ানাৰ কৃষকে ৰূপায়ন কৰা প্ৰতিবাদী আন্দোলনে ব্যাপক ৰূপ ধাৰণ কৰিছে ৷ কৃষি আইনৰ বিৰোধিতাত শুকুৰবাৰে প্ৰতিবাদকাৰীসকলে দিল্লী চ’ল কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰায় সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে পঞ্জাৱৰ পৰা হাৰিয়ানা আৰু হাৰিয়ানাৰ পৰা দিল্লীৰ অভিমুখে ব্যাপক প্ৰস্তুতিৰে যাত্ৰা আৰম্ভ কৰে ৷ আনহাতে এই প্ৰতিবাদীকাৰীসকলক দিল্লী প্ৰৱেশত বাধা দিয়াৰ বাবে পুৱাৰে পৰা হাৰিয়ানা দিল্লীৰ সীমান্তত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় ৷ যাৰ ফলত অন্যান্য যান বাহন চলাচলত ব্যাঘাত হৈছে ।

হাৰিয়ানা দিল্লী সিঘু সীমান্ত একত্ৰিত হোৱা প্ৰতিবাদী কৃষকসকলক চত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছৰ ব্যৱহাৰ কৰে । আৰক্ষীৰ কন্দুৱা গেছ আৰু বাধাত ক্ষুদ্ধ হৈ প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বেৰেকড ভাঙি আৰু শিল দলিয়াই দিল্লীৰ সীমাত প্ৰৱেশৰ চেষ্টা কৰে ৷ প্ৰতিবাদকাৰীসকল অধিক উগ্ৰ হৈ পৰাত আৰক্ষীয়ে লাঠি চালনা কৰাৰ লগতে টেংকাৰেৰে পানী ঢালি দিল্লীত প্ৰৱেশত বাধা দিয়াৰ চেষ্টা কৰে ৷ দিল্লী আৰক্ষীয়ে কৃষকৰ প্ৰতিবাদলৈ লক্ষ্য ৰাখি দিল্লীৰ 9খন ষ্টেডিয়ামত অস্থায়ী কাৰাগাৰ সাজিবৰ বাবে দিল্লী চৰকাৰক অনুমতি বিচাৰে । কিন্তু দিল্লী চৰকাৰে আৰক্ষীৰ এই অনুৰোধ নাকচ কৰে ৷

নিৰাপত্তাৰ দিশৰ পৰা হাৰিয়ানা দিল্লীৰ সিঘু সীমান্ত অতি সংবেদনশীল বুলি ধৰা হয় ৷ সিঘু সীমান্তই হাৰিয়ানা, পঞ্জাৱৰ লগতে কেইবাখনো ৰাজ্যক দিল্লীৰ লগত সংযোগ কৰিছে ৷ যাৰবাবে শুকুৰবাৰে পুৱাৰে পৰা সিঘু সীমান্তত বিপুল পৰিমানে চিআইএছএফ, পেৰামিলিটেৰী বাহিনী আৰু বিএছএফৰ লোকক নিয়োগ কৰা হয় ৷

আনহাতে হাৰিয়ানা আৰু পঞ্জাৱৰ আম্বালাৰ চম্ভু সীমান্ততো আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে ৷ কিন্তু প্ৰতিবাদকাৰীসকল অধিক উগ্ৰ হৈ পৰাত আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ টেংকাৰেৰে পানী ঢলাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে ৷

লগতে পঢ়ক: নিভাৰ ঘূৰ্ণীবতাহ : পণ্ডিচেৰীক সমৰ্থন কৰাৰ বাবে কেন্দ্ৰক ধন্যবাদ কিৰণ বেদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.