ETV Bharat / bharat

চাইবাছাত আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ - চাইবাছাত আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ

ঝাৰখণ্ডৰ চাইবাছাৰ চক্ৰধৰপুৰত মাওবাদীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষত আহত কোব্ৰা বেটেলিয়ানৰ এজন জোৱান ।

police_naxal_encounter_in_chaibasa_sunday
চাইবাছাত আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ
author img

By

Published : Feb 7, 2021, 3:15 PM IST

নিউজ ডেস্ক,৭ ফেব্ৰুৱাৰী: ঝাৰখণ্ডত অব্য়াহত আছে মাওবাদীৰ কাৰ্যকলাপ । শেহতীয়াকৈ ৰাজ্য়খনৰ চৰাইকেলা, চাইবাছা আদি অঞ্চলত বৃদ্ধি পাইছে মাওবাদীৰ কাৰ্যকলাপ । দেওবাৰে নিষিদ্ধ সংগঠনটোৰ বিৰুদ্ধে আৰক্ষীয়ে পশ্চিম সিংভূমৰ চক্ৰধৰপুৰ অঞ্চলত অভিযান চলোৱা দেখা গ'ল । অভিযানৰ সময়তে আত্মগোপন কৰি থকা মাওবাদীৰ সদস্যই আৰক্ষী আৰু কোব্ৰা বেটেলিয়ানৰ দলটোক আক্ৰমণ কৰে । লগে লগে আৰক্ষীৰ দলটোৱেও তীব্ৰ প্ৰত্তুত্য়ৰ দিয়ে । কিন্তু এই ঘটনাত গুলীবিদ্ধ হয় এজন কোব্ৰা বাহিনীৰ জোৱান । আঘাতপ্ৰাপ্ত জোৱানজনক ততালিকে বিশেষ হেলিকপ্টাৰেৰে ৰাঁচীৰ মেডিকা হাস্পতাললৈ লৈ যোৱা হয় । চিকিৎসকে জনোৱা মতে আঘাতপ্ৰাপ্ত জোৱানজন সম্প্ৰতি বিপদমুক্ত । জোৱান জন কোব্ৰা বাহিনীৰ ২০৯ বেটেলিয়ানৰ নাৰায়ণ চেত্ৰী বুলি জানিব পৰা গৈছে ।

ইফালে প্ৰায় ১ ঘন্টা ধৰি আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ চলাৰ পিছত মাওবাদীৰ সদস্য়সকলে হাবি মাজেৰে পলাই যাবলৈ সক্ষম হয় । জানিব পৰা মতে এই ঘটনা এই সংঘৰ্ষত দুজন মাওবাদী সদস্য় নিহত হৈছে । অৱশ্য়ে এই বিষয়ে এতিয়াও আৰক্ষীয়ে তথ্য় ফাদিল কৰা নাই । ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে । অঞ্চলটোত বৃহৎ সংখ্য়ক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান মোতায়ন কৰা হৈছে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই অভিযানত কিছুমান অস্ত্ৰ আৰু ঘৰত ব্য়ৱহৃত সামগ্ৰী উদ্ধাৰ কৰা হৈছে ।

লগতে পঢ়ক:গুজৰাট চৰকাৰক সমালোচনা মনীষ চিচোদিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.