ETV Bharat / bharat

দীপ সিদ্ধুৰ বিৰুদ্ধে পৰিপূৰক চাৰ্জশ্বিট দাখিল আৰক্ষীৰ - deep sidhu

গণতন্ত্ৰ দিৱসত দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত দীপ সিদ্ধু(DEEP SIDHU) আৰু আন অভিযুক্তৰ বিৰুদ্ধে পৰিপূৰক চাৰ্জশ্বিট(SUPPLEMENTARY CHARGE SHEET) দাখিল কৰিলে দিল্লী আৰক্ষীয়ে । কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ সময়ত সংঘটিত এই হিংসাত্মক ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে অভিযুক্ত সিদ্ধুক যোৱা ৯ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল ।

Police files supplementary charge against Deep sidhu and others
দীপ সিদ্ধুৰ বিৰুদ্ধে পৰিপূৰক চাৰ্জশ্বিট দাখিল আৰক্ষীৰ
author img

By

Published : Jun 17, 2021, 6:47 PM IST

নেশ্যনেল ডেস্ক, ১৭ জুন : দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে অভিনেতা দীপ সিদ্ধু(DEEP SIDHU) আৰু আন অভিযুক্তৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা(SUPPLEMENTARY CHARGE SHEET) দাখিল কৰে । মুখ্য মহানগৰ দণ্ডাধীশ গজেন্দ্ৰ সিং নাগৰে ১৯ জুনৰ দুপৰীয়া ২ বজাত নতুন অভিযোগনামাৰ শুনানি গ্ৰহণ কৰিব ।

আদালতে প্ৰকাশ কৰা মতে, গণতন্ত্ৰ দিৱসত দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ গোচৰৰ তদন্তকাৰী বিষয়াই গুৰুতৰভাৱে আহত সাক্ষীসকলৰ নাম আদালতক জানিবলৈ দিছে আৰু সাক্ষী হিচাপে থকা আৰক্ষী জোৱানৰ পৰা অস্ত্ৰ-শস্ত্ৰও কাঢ়ি লোৱা হৈছিল । যোৱা ২৬ জানুৱাৰীত তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষকে ট্ৰেক্টৰ ৰেলী(TRACTOR RALLY) উলিওৱাৰ সময়ত প্ৰতিবাদকাৰী কৃষকসকলে আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় আৰু লালকিল্লাত প্ৰৱেশ কৰে ।

প্ৰতিবাদী কৃষকে বহুকেইজন আৰক্ষী বিষয়া-জোৱানকো আক্ৰমণ কৰে । বৰ্তমান দিল্লী আৰক্ষীৰ অপৰাধ শাখাক গোচৰটোৰ তদন্তৰ দায়িত্ব দিয়া হৈছে । ১৭ মে'ত আৰক্ষীয়ে ৩,২২৪ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে আৰু সিদ্ধুকে ধৰি ১৬ জন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে ।

উল্লেখ্য যে, এই হিংসাত্মক ঘটনাৰ মূল ষড়যন্ত্ৰকাৰী হিচাপে অভিযুক্ত সিদ্ধুক যোৱা ৯ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ কৰা হৈছিল । লালকিল্লাত বিশৃংখল পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে দীপ সিদ্ধুৰ বিৰুদ্ধে ।

লগতে পঢ়ক:প্ৰাক্তন এনকাউণ্টাৰ বিশেষজ্ঞৰ ঘৰত NIA ৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.