ETV Bharat / bharat

Encounter in UP: যোৱা ৬ বছৰত উত্তৰ প্ৰদেশত আৰক্ষীৰ এনকাউণ্টাৰত নিহত ১৮০ জন

author img

By

Published : Apr 13, 2023, 7:05 PM IST

উত্তৰ প্ৰদেশত আৰক্ষীৰ এনকাউণ্টাৰ অব্যাহত আছে (UP police encounter)। আতিক আহমেদৰ পুত্ৰ আছাদ আৰু শ্বুটাৰ গোলামক এনকাউণ্টাৰৰ পাছতে যোগী চৰকাৰৰ দিনত আৰক্ষীৰ গুলীত নিহত অপৰাধীৰ সংখ্যা ১৮০ লৈ বৃদ্ধি পাইছে । এই পৰিসংখ্যাই এটা কথা স্পষ্ট কৰিছে যে সমগ্ৰ ৰাজ্যখনতে অপৰাধীসকলৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান চলি আছে ।

Encounter in UP
যোৱা ৬ বছৰত উত্তৰ প্ৰদেশত আৰক্ষীৰ এনকাউণ্টাৰত নিহত ১৮০ জন

নেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল : উত্তৰ প্ৰদেশৰ ঝান্সীত এছ টি এফৰ সৈতে সংঘৰ্ষত আতিক আহমেদৰ পুত্ৰ নিহত হয় (Atiq Ahmad son Asad encounter)। এনকাউণ্টাৰত আছাদৰ লগতে গোলামো নিহত হয় । দুয়ো উমেশ পাল হত্যাকাণ্ডৰ অভিযুক্ত আছিল । এছ টি এফে দুয়োৰে পৰা এটা বিদেশী পিষ্টল উদ্ধাৰ কৰে । আছাদ আৰু গোলামৰ মৃত্যুৰ পাছত উত্তৰ প্ৰদেশত আৰক্ষীৰ এনকাউণ্টাৰত নিহত অপৰাধীৰ সংখ্যা ১৮০ লৈ বৃদ্ধি হৈছে (Uttar Pradesh police encounter news)।

তথ্য অনুসৰি যোৱা ৬ বছৰত অৰ্থাৎ যোগী চৰকাৰৰ দিনত ১৮০ গৰাকী অপৰাধী আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে (180 killed in Police encounter in UP)। প্ৰায় ২৩ হাজাৰ ৩২ গৰাকী অপৰাধীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে । কেৱল এয়াই নহয়, আৰক্ষীৰে সংঘৰ্ষত ৪৯০০ জন অপৰাধীৰ ভৰিত গুলী লাগিছে । আৰক্ষী আৰু অপৰাধীৰ সংঘৰ্ষত ১৫ গৰাকী সাহসী আৰক্ষী কৰ্মীও শ্বহীদ হৈছে ।

২০১৮ চনত উত্তৰ প্ৰদেশ আৰক্ষীয়ে গাজিয়াবাদ, কানপুৰকে ধৰি বহু জিলাত সংঘটিত সংঘৰ্ষত মুঠ ৪১ জন কুখ্যাত অপৰাধীৰ লগতে বাৱাৰিয়া দলটোৰ চাৰিজন ডকাইতক গুলীয়াই হত্যা কৰিছিল । আইন-শৃংখলাৰ বিশেষ ডিজি প্ৰশান্ত কুমাৰৰ মতে, ২০১৭ চনত ২৮ জন, ২০১৮ চনত ৪১ জন, ২০১৯ চনত ৩৪ জন, ২০২০ চনত ২৬ জন, ২০২১ চনত ২৬ জন, ২০২২ চনত ১৪ জন আৰু ২০২৩ চনত ১১ জন অপৰাধী নিহত হৈছে ।

যোগী চৰকাৰ গঠন হোৱাৰ পাছতে ২০১৭ চনত উত্তৰ প্ৰদেশত অপাৰেচন ক্লিন আৰম্ভ হৈছিল (Encounter during Yogi govt)। ইয়াৰ অধীনত, অপৰাধীসকলৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰা হয় । আৰক্ষীয়ে ৰাজ্যখনত ২৩,০৩২ জন অপৰাধীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে । ২০১৭ চনৰ পৰা ৰাজ্যখনত প্ৰতিদিনে আৰক্ষী আৰু অপৰাধীৰ মাজত অতি কমেও চাৰিটাকৈ সংঘৰ্ষ হৈছে । যোৱা ৬ বছৰত ১০,৫০০ টা এনকাউণ্টাৰ হৈছে । য'ত ৪৯০০ টা অপৰাধীৰ ভৰিত গুলী লাগিছে । এই সংঘৰ্ষত ১৪২৫ গৰাকী আৰক্ষীও আহত হৈছে ।

জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মতে উত্তৰ প্ৰদেশৰ ১০ খন জিলাত আৰক্ষীয়ে দুৰ্বৃত্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত আগ্ৰাত ১৪ জন নিহত আৰু ২৫৮ জন আহত হয় । প্ৰয়াগৰাজত, ৯ জন নিহত হৈছে আৰু ১০১ জন আহত হৈছে । বৰেলীত আৰক্ষীৰ গুলীত ৭ জন অপৰাধী নিহত হয় আৰু ৪৩৭ জন অপৰাধী আহত হয় । গোৰখপুৰ জিলাত ৭ জন অপৰাধী নিহত আৰু ১৯৬ জন আহত হৈছে ।

কানপুৰত ৫ জন লোক নিহত হৈছে আৰু ১১৭ জন অপৰাধী আহত হৈছে । উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত ১১ জন অপৰাধী আৰক্ষীৰ গুলীত নিহত হোৱাৰ বিপৰীতে ৩৩১ জন অপৰাধী আহত হয় । মিৰাটত ৬৩ জন নিহত আৰু ১৭০৮ জন আহত হয় । বাৰাণসীত ১৯ জন অপৰাধী নিহত আৰু ২২৯ জন আহত হয় ।

আনহাতে লক্ষ্ণৌ আৰক্ষী জিলাত ৮ জন লোক নিহত হৈছে । গৌতম বুদ্ধ নগৰ আৰক্ষী জিলাত আৰক্ষী আৰু অপৰাধীৰ সংঘৰ্ষত ৯ জন নিহত হোৱাৰ উপৰিও ৭০২ জন আহত হয় । বাৰাণসী আৰক্ষী জিলাত ৭ জন অপৰাধী নিহত হয় । কানপুৰ আৰক্ষী জিলাত ৪ জন অপৰাধী নিহত হয় আৰু ১৭৬ জন আহত হয় । আগ্ৰা আৰক্ষী জিলাত ৬ জন নিহত হয় আৰু ৮০ জন আহত হয় ।

যোৱা ৬ বছৰত গাজিয়াবাদ আৰক্ষী জিলাত এনকাউণ্টাৰত ৬ জন নিহত হয় আৰু ৩৬৬ জন আহত হয় । প্ৰয়াগৰাজ আৰক্ষী জিলাত ৩ অপৰাধী আৰক্ষীৰ গুলীত নিহত হয় আৰু ৫৮ অপৰাধী আহত হয় । ঝান্সিত ২ জন নিহত হয় য'ত আছাদ আৰু গোলাম অন্তৰ্ভুক্ত আছে ।

উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যই মাফিয়া আতিক আহমেদৰ পুত্ৰ আছাদ আৰু শ্বুটাৰ গোলামৰ এনকাউণ্টাৰ সন্দৰ্ভত টুইট কৰিছে (Keshav Prasad Maurya on Asad encounter)। এছটিএফক অভিনন্দন জনাই তেওঁ লিখিছে যে অধিবক্তা উমেশ পাল আৰু আৰক্ষী কৰ্মীৰ হত্যাকাৰীসকলেও একেই পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব । একাংশ নেতাৰ মতে আকৌ উত্তৰ প্ৰদেশত মাফিয়াৰ স্থান নাই ।

অৱশ্যে, বিৰোধীয়ে এই কাৰ্যক লৈ চৰকাৰক সমালোচনা কৰিছে । সমাজবাদী পাৰ্টিৰ মুখপাত্ৰ অমেইক জামাই কৈছে যে এনকাউণ্টাৰ ন্যায় নহয় । এছ পিৰ মুৰব্বী অখিলেশ যাদৱে কয় যে ভুৱা এনকাউণ্টাৰ চলাই বিজেপি চৰকাৰে প্ৰকৃত বিষয়বোৰৰ পৰা মনোযোগ আঁতৰাবলৈ চেষ্টা কৰি আছে । বিজেপিয়ে আদালতক বিশ্বাস নকৰে । তেওঁ আছাদ এনকাউণ্টাৰৰ তদন্তৰো দাবী জনায় ।

লগতে পঢ়ক :Asad Encounter by UP STF : এনকাউণ্টাৰত নিহত মাফিয়া আতিক আহমেদৰ পুত্ৰ আছাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.