ETV Bharat / bharat

Judge Neelkanth Ganjoo Murder Case : কাশ্মীৰী পণ্ডিত ন্যায়াধীশ হত্যা; ৩৪ বছৰ পিছত পুনৰ তদন্ত জম্মু-কাশ্মীৰ আৰক্ষীৰ

author img

By

Published : Aug 8, 2023, 2:57 PM IST

তিনি দশক পূৰ্বে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নীলকণ্ঠ গঞ্জুৰ হত্যাৰ আঁৰত থকা বৃহত্তৰ অপৰাধমূলক ষড়যন্ত্ৰ উদ্ঘাটন কৰাৰ বাবে এই গোচৰটো পুনৰ মুকলি কৰা হৈছে ।

Judge Neelkanth Ganjoo Murder Case
Judge Neelkanth Ganjoo Murder Case

নিউজ ডেস্ক, ৮ আগষ্ট : কাশ্মীৰী পণ্ডিত তথা ন্যায়াধীশৰ হত্যাৰ গোচৰৰ ৩৪ বছৰ পিছত তদন্ত পুনৰ মুকলি কৰিছে জম্মু-কাশ্মীৰ প্ৰশাসনে । উল্লেখ্য, ১৯৮৯ চনত বিচ্ছিন্নতাবাদী সংগঠন জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্টৰ প্ৰতিষ্ঠাপক মকবুল ভাটক ফাঁচিৰ নিৰ্দেশ দিছিল কাশ্মীৰী পণ্ডিত ন্যায়াধীশগৰাকীয়ে । সেই অপৰাধতে তেওঁক হত্যা কৰা হৈছিল ।

জম্মু-কাশ্মীৰ আৰক্ষীৰ ৰাজ্যিক অনুসন্ধান সংস্থাই মঙলবাৰে কয় যে তিনি দশক পূৰ্বে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ নীলকণ্ঠ গঞ্জুৰ হত্যাৰ আঁৰত থকা বৃহত্তৰ অপৰাধমূলক ষড়যন্ত্ৰ উদ্ঘাটন কৰাৰ বাবে এই গোচৰটো পুনৰ মুকলি কৰা হৈছে । লগতে সংস্থাটোৱে এই হত্যাকাণ্ডৰ ঘটনা বা পৰিস্থিতিৰ সৈতে অৱগত সকলো লোককে আগবাঢ়ি আহি তাৎক্ষণিকভাৱে গোচৰটোৰ তদন্তৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰভাৱ পেলাব পৰা যিকোনো ঘটনাৰ বিৱৰণ দিবলৈও আবেদন জনাইছে ।

উল্লেখ্য যে ন্যায়াধীশ নীলকান্ত গঞ্জু নামৰ কাশ্মীৰী পণ্ডিতজনে জেকেএলএফৰ প্ৰতিষ্ঠাপক মকবুল ভাটক ব্ৰিটেইনত ভাৰতীয় কূটনীতিবিদ ৰবীন্দ্ৰ মাহত্ৰেক হত্যা কৰাৰ বাবে শাস্তি প্ৰদান কৰিছিল । ভাটক ভাৰত চৰকাৰে ফাঁচি প্ৰদান কৰিছিল আৰু তেওঁৰ মৃতদেহ তিহাৰ কাৰাগাৰতে সমাধিস্থ কৰা হৈছিল । ৰাজ্যিক অনুসন্ধান সংস্থাৰ বিজ্ঞপ্তিত লগতে কোৱা হৈছে ।

যিসকল লোকে ঘটনাটোৰ উপযোগী আৰু প্ৰাসঙ্গিক তথ্য প্ৰদান কৰিব তেনে সকলো ব্যক্তিৰ পৰিচয় সম্পূৰ্ণৰূপে গোপনে ৰখা হ'ব আৰু তা উপৰি তেওঁলোকক উপযুক্তভাৱে পুৰস্কৃত কৰা হ'ব । আনহাতে, ১৯৮৯ চনত গাঞ্জুৰ হত্যাৰ পিছত কাশ্মীৰৰ কাশ্মীৰী পণ্ডিত সম্প্ৰদায় অতিশয় ভীতিগ্ৰস্ত হৈছিল আৰু তাৰ পিছত হিংসাত্মক ঘটনা বৃদ্ধি পোৱাৰ ফলত তেওঁলোকে জম্মুৰ ফালে প্ৰব্ৰজন কৰিছিল ।

লগতে পঢ়ক :Samvasini Case hearing: লুটপাতৰ 23 বছৰীয়া পুৰণি গোচৰত বিচাৰৰ সন্মুখীন সুৰজেৱালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.