ETV Bharat / bharat

Woman Killed Husband: প্ৰেমিকেৰে মিলি স্বামীক হত্যা কৰি সমাধিস্থ কৰিলে ঘৰৰ কাষতে - wife killed husband

লখিমপুৰ খেৰীত সংঘটিত এক হত্যাকাণ্ডৰ কথা প্ৰকাশ কৰি আৰক্ষীয়ে মৃতকৰ পত্নী আৰু তেওঁৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰা বুলি উল্লেখ কৰে (Woman Killed Husband) । আৰক্ষীয়ে হত্যাত ব্যৱহৃত অস্ত্ৰও উদ্ধাৰ কৰে ।

murder
murder
author img

By

Published : Dec 31, 2022, 8:40 PM IST

নিউজ ডেস্ক, ৩১ ডিচেম্বৰ : উত্তৰ প্ৰদেশৰ নিঘাচন কোতৱালী অঞ্চলত পত্নী আৰু পত্নীৰ অবৈধ প্ৰেমিকৰ বলি হ'বলগা হয় স্বামী (Woman Killed Husband) । উক্ত হত্যাকাণ্ডৰ ১২ ঘণ্টাৰ ভিতৰত স্বামীৰ হত্যাৰ কথা প্ৰকাশ কৰে আৰক্ষীয়ে । আৰক্ষীয়ে জনোৱা অনুসৰি, পত্নীয়ে প্ৰেমিকৰ সৈতে মিলি তেওঁৰ স্বামীক হত্যা কৰে আৰু মৃতদেহটো ঘৰৰ ওচৰত সমাধিস্থ কৰে । আৰক্ষীয়ে তেওঁৰ পত্নী জুলি আৰু সন্তোষ কুমাৰ পালক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে (husband killed by wife and lover) । আৰক্ষীয়ে তেওঁৰ পৰা হত্যাত ব্যৱহৃত অস্ত্ৰও উদ্ধাৰ কৰিছে ।

নিঘাচনৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক অৰুণ কুমাৰ সিঙে প্ৰকাশ কৰা মতে, ৩০ ডিচেম্বৰত নিঘাচন আৰক্ষী থানাই তথ্য লাভ কৰে যে সিঙ্গাহী ৰোডৰ নিঘাচন চহৰৰ বাসিন্দা বনৱাৰীক তেওঁৰ পত্নীয়ে হত্যা কৰি মৃতদেহটো ঘৰৰ ওচৰত সমাধিস্থ কৰে । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী সক্ৰিয় হয় আৰু ধাৰা 302 আৰু এছচিএছটি আইনৰ অধীনত এটা গোচৰ ৰুজু কৰে । নায়েব তহচিলদাৰৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে (wife killed husband) ।

এছপি সঞ্জীৱ সুমনে ঘটনাটোৰ বিষয়ে সোনকালেই অৱগত কৰিবলৈ নিঘাচানৰ চিঅ'ৰ নেতৃত্বত এটা দল গঠন কৰিবলৈ নিৰ্দেশ দিয়ে । উক্ত ঘটনাৰ 12 ঘণ্টাৰ ভিতৰতে দলটোৱে মৃতকৰ পত্নী জুলি আৰু তেওঁৰ অবৈধ প্ৰেমিক সন্তোষ কুমাৰ পালক গ্ৰেপ্তাৰ কৰে (wife arrested for killed husband) । আৰক্ষীয়ে জনোৱা অনুসৰি, জুলিয়ে জেৰাকাৰীসকলৰ আগত প্ৰকাশ কৰে যে যোৱা পাঁচৰ পৰা ছয় বছৰ ধৰি সন্তোষৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল ।

কিন্তু তেওঁৰ স্বামীয়ে তেওঁলোকৰ প্ৰেমত বাধা দিছিল । তেওঁলোক দুয়োজনে কুঠাৰেৰে ডিঙি কাটি বনৱাৰীক হত্যা কৰে আৰু মৃতদেহটো ঘৰৰ ওচৰৰ ভূমিত পুতি থয় । ইতিমধ্যে আৰক্ষীয়ে প্ৰেমিক সন্তোষ আৰু বনৱাৰীৰ পত্নী জুলিক গ্ৰেপ্তাৰ কৰিছে আৰু হত্যাত ব্যৱহৃত অস্ত্ৰবিধো উদ্ধাৰ কৰিছে । পৰিদৰ্শক অৰুণ কুমাৰ সিঙে কয় যে দুয়োজনে তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰিছে । দুয়োকে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক :New Year Celebration : সাৱধান ! আজি নিশা গোলাপী হৈ ৰাস্তালৈ নোলাব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.