ETV Bharat / bharat

Crime in Bihar: পাটনাত মেঘালয়ৰ দুজন লোকক দুৰ্ব্যৱহাৰ

author img

By

Published : Apr 12, 2023, 5:31 PM IST

খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ সন্দেহত বিহাৰৰ আলমগঞ্জত মেঘালয়ৰ দুজন লোকক দুৰ্ব্যৱহাৰ (Police action in misbehave Meghalaya persons)। বিহাৰৰ এডিজিয়ে টুইট কৰি প্ৰকাশ কৰিছে নিৰ্যাতন চলোৱাৰ তথ্য় ।

Misbehave with Meghalaya persons in bihar
মেঘালয়ৰ দুজন লোকক দুৰ্ব্যৱহাৰ

নেশ্য়নেল ডেস্ক, ১২ এপ্ৰিল: বিহাৰৰ আলমগঞ্জ আৰক্ষী থানা এলেকাৰ পাটনাত মেঘালয়ৰ দুজন লোকক একাংশ ব্য়ক্তিয়ে দুৰ্ব্যৱহাৰ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছত আৰক্ষীয়ে এইক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰিছে (Misbehave with Meghalaya persons in bihar) । আৰক্ষীয়ে ইতিমধ্য়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । এই গোচৰটো পাটনাৰ মেয়ৰ তথা ৱাৰ্ড কাউন্সিলাৰ সীতা চাহুৰ এলেকাত সংঘটিত হৈছে । এই বিষয়টো সমাধান কৰিবলৈ আলমগঞ্জ আৰক্ষী থানাত উপস্থিত হোৱা মেয়ৰ সীতা চাহুই পুত্ৰৰ সহযোগত গোচৰটো গাপ দিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপিত হৈছে ।

এই ঘটনাটো সংঘটিত হোৱা পিছত বিহাৰৰ এডিজি জি এছ গাংৱাৰে টুইট কৰি কয় যে, আলমগঞ্জ আৰক্ষী থানা এলেকাত মেঘালয়ৰ দুজন লোকক নিৰ্যাতন চলোৱা হৈছে (Alamganj police station)। দুয়োজন লোকক পিচত আৰক্ষী থানালৈ আনি উক্ত ঘটনা সন্দৰ্ভত তথ্য বিচৰা হয় । আৰক্ষীয়ে কয় যে এই ঘটনাৰে জড়িত লোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব ।

  • Condemn the incident in Bihar where our elders from Presbyterian Church were manhandled by miscreants. Instructed Meg police to be in touch with Bihar police who are helping our elders, their statements are being taken to file fir against those miscreants. @officecmbihar

    — Conrad K Sangma (@SangmaConrad) April 11, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইপিনে,মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইও এই ঘটনাটোক গৰিহণা দিছে (manhandled with Meghalaya persons by miscreants )। তেওঁ আৰক্ষী বিষয়াসকলক বিহাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যোগাযোগত থাকিবলৈ নিৰ্দেশ দিছে । এই তথ্য লাভ কৰাৰ পিচত উপ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈইক ফোন কৰি তৎক্ষণাৎ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে যোগাযোগ কৰে ।

  • मेघालय से आये व्यक्तियों के साथ Manhandling के संबंध में प्रेस विज्ञप्ति । pic.twitter.com/sR3eApjc8Y

    — Patna Police (@PatnaPolice24x7) April 11, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইপিনে, স্থানীয় লোকসকলে কয় যে, আলমগঞ্জৰ এজন হিন্দু লোকে কেইগৰাকীমান খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকক তেওঁৰ ঘৰলৈ নিশাৰ আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছিল । কিন্তু একাংশ লোকে হিন্দুসকলক এই ঘৰটোত খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰা বুলি ভাবি তেওঁৰ ঘৰত প্ৰৱেশ কৰে । একাংশ লোকে মেঘালয়ৰ পৰা অহা দুজন লোকক দুৰ্ব্যৱহাৰ কৰে । ইয়াৰ পিছত, বিষয়টো স্থানীয় আৰক্ষী চকীত অৱগত কৰা হয় ।

ইপিনে,বিহাৰৰ এডিজি জি এছ গাংৱাৰে কয়,"মেঘালয়ৰ পৰা অহা লোক দুজনৰ সন্ধিয়া প্ৰায় ৭ বজাত বিমান আছিল (case of misbehave with Meghalaya persons)। মেঘালয়ৰ পৰা অহা লোক দুজনক আলমগঞ্জ থানাৰ আৰক্ষীয়ে সময়মতে নিৰাপত্তা প্ৰদান কৰি বিমানবন্দৰলৈ নিয়ে । পাটনা আৰক্ষী মেঘালয় আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যোগাযোগত আছে । বিষয়টোত আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।"

লগতে পঢ়ক:Pomegranate Peels Benefits: আৱৰ্জনা বুলি গণ্য কৰা ডালিমৰ বাকলিৰ এইসমূহ উপকাৰিতাৰ বিষয়ে আপুনি জ্ঞাত নে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.