ETV Bharat / bharat

PM's security breach: আৰক্ষী সঞ্চালকসহ ১৪ গৰাকী বিষয়াক তলব কেন্দ্ৰীয় তদন্তকাৰী সমিতিৰ

author img

By

Published : Jan 7, 2022, 8:28 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তাজনিত ঘটনাৰ তদন্তৰ বাবে গৃহ মন্ত্ৰালয়ৰ তিনিজনীয় তদন্তকাৰী দল উপস্থিত পঞ্জাৱৰ ফিৰোজপুৰত । ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি ১৪ গৰাকী বিষয়াৰ বিৰুদ্ধে চমন জাৰি দলটোৰ (MHA panel summons 14 top officials)। উচ্চতম ন্যায়ালয়ে সোমবাৰলৈকে স্থগিত ৰাখিছে বিষয়টোৰ শুনানি ।

PMs security breach
১৪ গৰাকী বিষয়াক তলব কেন্দ্ৰীয় তদন্তকাৰী সমিতিৰ

নেশ্যনেল ডেস্ক,৭ জানুৱাৰী : পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তা ব্যৱস্থাৰ ত্ৰুটিৰ বিষয়টোৱে ইতিমধ্যে দেশজুৰি চৰ্চা লাভ কৰিছে । কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ ঘটনাৰ বাবে ৰাজ্য চৰকাৰক দোষাৰোপ কৰাৰ লগতে বিষয়টো তদন্তৰ বাবে গৃহ মন্ত্ৰালয়ে এক বিশেষ সমিতি গঠন কৰিছে । গৃহ মন্ত্ৰালয়ৰ এই বিশেষ তিনিজনীয়া সমিতিখনত আছে কেবিনেট সচিবালয়ৰ সচিব (নিৰাপত্তা) সুধীৰ কুমাৰ চক্সেনা, চোৰাংচোৱা ব্যুৰ'ৰ যুটীয়া সঞ্চালক বলবীৰ সিং আৰু বিশেষ সুৰক্ষা গোটৰ আইজি এছ সুৰেশ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফিৰোজপুৰ ভ্ৰমণৰ সময়ত নিৰাপত্তা উলংঘনৰ বিষয়টো তদন্তৰ বাবে শুকুৰবাৰে তিনিজনীয় সমিতিৰ দলটো উপস্থিত হয় পঞ্জাৱত । পাঁচখনকৈ জিলাৰ ১৩ গৰাকী বিষয়া লগতে পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান সিদ্ধাৰ্থ চট্টোপাধ্যায়ক সমিতিৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে (MHA panel summons 14 top officials)।

দলটোৱে প্ৰথমে ফিৰোজপুৰৰ ওচৰৰ পেৰায়ানা উৰণীয়া সেতুত উপস্থিত হয় য'ত পাঞ্জাৱ আৰক্ষী আৰু প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বাৰ্তালাপ কৰে । ইয়াৰ পাছতে ৰাজপথত প্ৰতিবাদৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে ১৫-২০ মিনিট সময় অপেক্ষা কৰিবলগীয়া হোৱা সেই বিশেষ স্থানো পৰিদৰ্শন কৰে দলটোৱে ।

ইফালে দলটোৱে ফিৰোজপুৰ এছএছপি আৰু ডিআইজিকো তলব কৰিছে । সমগ্ৰ ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ হিচাপে ৰাজ্য চৰকাৰে এক প্ৰতিবেদনো দাখিল কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত । য'ত ৰাজ্য চৰকাৰে উল্লেখ কৰিছে যে বিষয়টো সন্দৰ্ভত এক এজাহাৰ দাখিল কৰা হৈছে আৰু তদন্তৰ বাবে দুজনীয়া সদস্যৰ এক সমিতিও গঠন কৰিছে ৰাজ্য চৰকাৰে ।

উল্লেখ্য যে বুধবাৰৰ ঘটনা সন্দৰ্ভত প্ৰায় ১৫০ গৰাকী লোকৰ বিৰুদ্ধে বৃহস্পতিবাৰে নিশা ফিৰোজপুৰৰ ওচৰৰ কুলগড়ী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তা ব্যৱস্থাত সুৰুঙা বিষয়টোৱে আদালতৰ মজিয়া পাইছে । উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে এক শুনানিৰ সময়ত বিষয়টো সোমবাৰলৈকে স্থগিত ৰাখে । শুনানিৰ সময়ত ৰাজ্যৰ গৃহ সচিবকো প্ৰশ্ন কৰা হৈছিল ।

আদালতত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গঠন কৰা তদন্ত সমিতিৰ ওপৰত দুয়োপক্ষই আপত্তি দৰ্শাইছিল । কেন্দ্ৰীয় চৰকাৰ লগতে আৱেদন দাখিল কৰা অধিবক্তাজনে এই তদন্তত NIAৰ হস্তক্ষেপ দাবী কৰিছে ।

লগতে পঢ়ক :Modi Security Breach in Punjab: নিৰাপত্তা ব্যৱস্থাৰ বাবে পাঞ্জাৱ চৰকাৰৰ পৰা স্পষ্টীকৰণ তলব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.