ETV Bharat / bharat

বৃহস্পতিবাৰে আত্মসহায়ক গোটৰ মহিলাৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : Aug 11, 2021, 6:40 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে বৃহস্পতিবাৰে 'দীনদয়াল অন্ত্যোদয় যোজনা'-ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছন(Deendayal Antyodaya Yojana-National Rural Livelihoods Mission)ৰ অধীনত পদোন্নতি লাভ কৰা মহিলা আত্মসহায়ক গোটৰ সদস্যাৰ সৈতে বাৰ্তালাপ কৰিব । ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

Atmanirbhar Narishakti se Samvad
বৃহস্পতিবাৰে আত্মসহায়ক গোটৰ মহিলাৰে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

নেশ্যনেল ডেস্ক, ১১ আগষ্ট: বৃহস্পতিবাৰে 'আত্মনিৰ্ভৰ নাৰীশক্তিৰ সৈতে বাৰ্তালাপ' শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । 'দীনদয়াল অন্ত্যোদয় যোজনা'-ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছন(Deendayal Antyodaya Yojana-National Rural Livelihoods Mission)ৰ অধীনত পদোন্নতি লাভ কৰা মহিলা আত্মসহায়ক গোটৰ সদস্যা আৰু কমিউনিটী ৰিছ'ৰ্ছ পাৰ্ছনৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰিব ।

ভিডিঅ' কনফাৰেন্সিংৰ জৰিয়তে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডী আৰু আত্মসহায়ক গোটৰ মহিলাসকলে । বৃহস্পতিবাৰে দুপৰীয়া ১২:৩০ বজাত এই অনুষ্ঠানটি আৰম্ভ হ'ব । এই অনুষ্ঠানটিত দেশৰ বিভিন্ন প্ৰান্তৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ সফলতাৰ কাহিনীৰ এখন সংকলন মুকলি কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

এই অনুষ্ঠানৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে ৪ লাখতকৈও অধিক আত্মসহায়ক গোটলৈ ১,৬২৫ কোটি টকাৰ মূলধন সমৰ্থন পুঁজি আগবঢ়াব ।

ইয়াৰ উপৰিও তেওঁ খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগ মন্ত্ৰালয়ৰ পিএমএফএমই (PM Formalisation of Micro Food Processing Enterprises) আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ৭৫০০ গৰাকী সদস্যাৰ বাবে ২৫ কোটি টকা আৱণ্টন দিব । এই আঁচনিৰ অধীনত ৭৫ টা কৃষক উৎপাদক সংগঠন(Farmer Producer Organizations)ৰ বাবে ৪.১৩ কোটি টকা মুকলি কৰি দিব ।

এই ভাৰ্চুৱেল অনুষ্ঠানটিত আত্মসহায়ক গোটৰ মহিলাসকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা সুবিধাৰ জৰিয়তে কৰা কামৰ বিষয়ে জনাব পাৰিব পাৰিব । লগতে তেওঁলোকে সন্মুখীন হোৱা অসুবিধাৰ বিষয়েও অৱগত কৰিব পাৰিব ।

প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে হ'বলগীয়া এই মত বিনিময় অনুষ্ঠানৰ আলোচনাই আত্মসহায়ক গোটৰ মহিলাসকলক আগন্তুক দিনত কাম কৰি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:গুলমাৰ্গত সেনাই স্থাপন কৰিলে 100 ফুট দৈৰ্ঘৰ ত্ৰিৰংগা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.