নেশ্যনেল ডেস্ক,18 মে’: ক’ভিড মহামাৰীৰ সৈতে যুঁজ দি থকা ৰাজ্যসমূহৰ জিলা স্বাস্থ্য বিষয়াসকলৰ অভিজ্ঞতা সন্দৰ্ভত বিষয়াসকলৰ সৈতে মঙলবাৰে পুৱা 11 বজাত এক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷
প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যালয়ৰ বিষয়ববীয়াই জনোৱা মতে, বিশেষকৈ কৰ্ণাটক, বিহাৰ, অসম, চণ্ডীগড়, তামিলনাডু, উত্তৰাখণ্ড, মধ্য প্ৰদেশ, গোৱা, হিমাচল প্ৰদেশ আৰু দিল্লীৰ জিলা স্বাস্থ্য বিষয়াসকলৰ সৈতে বিষয়টোক লৈ আলোচনা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
বৈঠকত মহামাৰী ক’ভিডৰ বিৰুদ্ধে নগৰ আৰু গ্ৰামাঞ্চলত যুঁজ অব্যাহত ৰখাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে স্বাস্থ্য বিষয়াসকলৰ সৈতে পৰামৰ্শ আৰু কিছু পদ্ধতি ভাগ-বতৰা কৰিব ৷ এনে পদক্ষেপে জিলা স্বাস্থ্য বিষয়াসকলক এক সঁহাৰি প্ৰদান কৰিব ৷ লগতে বিষয়াসকলৰ লক্ষ্যযুক্ত ৰণনীতি ৰূপায়ণ আৰু প্ৰয়োজনীয় নীতিগত হস্তক্ষেপক সমৰ্থন কৰিব বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ বিষয়ববীয়াই সদৰী কৰে ৷
লগতে কোৱা হৈছে যে, ক’ভিডৰ দ্বিতীয় ঢৌৰ মোকাবিলা কৰাৰ বাবে স্বাস্থ্য সেৱা সুবিধা প্ৰস্তুত কৰা, স্বাস্থ্য সেৱা কৰ্মচাৰীৰ উপলব্ধতা নিশ্চিত কৰা আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তেওঁলোকৰ নিৰন্তৰ প্ৰচেষ্টাত জিলাসমূহৰ সফলতাৰ কাহিনীও জড়িত হৈ আছে, যাক সমগ্ৰ দেশতে পুনৰাবৃত্তি কৰিব পাৰি ৷
লগতে পঢ়ক : ক'ভিডৰ সংকটত কেন্দ্ৰীয় চৰকাৰ উদ্ধাৰৰ বাবে আগুৱাই অহা উচিত