ETV Bharat / bharat

25 ফেব্ৰুৱাৰীত পণ্ডিচেৰীত বিজেপিৰ সভা সম্বোধন কৰিব মোডীয়ে - কেন্দ্ৰীয় শাসিত অঞ্চল

পণ্ডিচেৰীত বহুকেইটা উন্নয়নমূলক আংচনিৰ আধাৰশিলা স্থাপন কৰাৰ বাবে সাজু হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ এখন ৰাজহুৱা সভা সম্বোধন কৰাৰ লগতে উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে ৷ বিগত তিনি বছৰত কেন্দ্ৰীয় শাসিত অঞ্চলটোত মোডীৰ এইয়া দ্বিতীয়টো ভ্ৰমণ ৷

PM to address BJP public meeting, launch projects in Pondy on Feb 25

author img

By

Published : Feb 24, 2021, 3:10 PM IST

নেচনেল ডেস্ক, 24 ফেব্ৰুৱাৰী: নিৰ্বাচনক লৈ ক্ৰমাৎ ব্যস্ততা বৃদ্ধি পোৱা পণ্ডিচেৰীত কেইবাটাও উন্নয়নমূলক আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ বাবে সাজু হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ বৃহস্পতিবাৰে পণ্ডিচেৰীত উপস্থিত হৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে এখন ৰাজহুৱা সভা সম্বোধন কৰাৰ লগতে উন্নয়নমূলক আঁচনিসমূহৰ অধীনত হ'ব লগীয়া কামৰ আধাৰশিলা স্থাপন কৰিব ৷

পণ্ডিচেৰীৰৰ বিজেপি প্ৰধান স্বামীনাথনে জানিবলৈ দিয়া মতে 10:30 বজাত হেলিপেডত অৱতৰণ কৰাৰ পাছত মোডীয়ে কেন্দ্ৰৰ উদ্যোগত সম্পূৰ্ণ হ'ব লগীয়া আঁচনিৰ শুভাৰম্ভ কৰাৰ বাবে জৱাহৰলাল নেহৰু ইনষ্টিটিউট অফ প'ষ্টগ্ৰেজুৱেট মেডিকেল এডুকেশ্বন এণ্ড ৰিচাৰ্চলৈ বুলি ৰাওনা হ'ব ৷ ইয়াৰ পাছতে মোডীয়ে ৰাজহুৱা সভাখন সম্বোধন কৰিব ৷

উল্লেখ্য যে, বিগত তিনি বছৰত কেন্দ্ৰীয় শাসিত অঞ্চলটোলৈ মোডীৰ এইয়া দ্বিতীয় ভ্ৰমণ ৷ 2016 চনৰ পৰা কংগ্ৰেছ মন্ত্ৰালয়ক নেতৃত্ব দিয়া ভি নাৰায়ণাস্বামীয়ে 22 ফেব্ৰুৱাৰীত সম্পূৰ্ণ কেবিনেটৰ সৈতে পদত্যাগ কৰাৰ প্ৰতি লক্ষ্য ৰাখি পণ্ডিচেৰীৰ এই সম্পূৰ্ণ পৰিৱৰ্তিত ৰাজনৈতিক পৰিৱেশত মোডীৰ এই ভ্ৰমণ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ৷

লগতে পঢ়ক: 'Arjun Mark1A' টেংক ভাৰতীয় সেনাত অন্তৰ্ভুক্ত কৰিবলৈ সাজু প্ৰতিৰক্ষা মন্ত্ৰালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.