ETV Bharat / bharat

EAM Jaishankar London visit : ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণত ডাউনিং ষ্ট্ৰীটত সপত্নীক বৈদেশিক মন্ত্ৰী জয়শংকৰ

author img

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 8:29 AM IST

ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনক আৰু তেওঁৰ পত্নী অক্ষতা মূৰ্তিৰ সৈতে ডাউনিং ষ্ট্ৰীটত দীপাৱলী বিশেষ চাহত অংশগ্ৰহণ ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু তেওঁৰ পত্নী কিয়োকো জয়শংকৰৰ । ব্ৰিটিছ প্ৰধানমন্ত্ৰীক আতিথ্যক লৈ আনন্দিত ভাৰতৰ মন্ত্ৰীগৰাকী ।

EAM Jaishankar London visit
ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণত ডাউনিং ষ্ট্ৰীটত সপত্নীক বৈদেশিক মন্ত্ৰী জয়শংকৰ

নেশ্যনেল ডেস্ক,১৩ নৱেম্বৰ : ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনক আৰু তেওঁৰ পত্নী অক্ষতা মূৰ্তিয়ে দেওবাৰে ডাউনিং ষ্ট্ৰীটত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু তেওঁৰ পত্নী কিয়োকো জয়শংকৰক দীপাৱলী বিশেষ চাহৰ বাবে নিমন্ত্ৰণ জনায় । জয়শংকৰে প্ৰধানমন্ত্ৰী সুনক আৰু তেওঁৰ পত্নীক তেওঁলোকৰ উষ্ম অভ্যৰ্থনা আৰু আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । এক্সৰ এটা পোষ্টত ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ এই আতিথ্যক লৈ আনন্দ প্ৰকাশ কৰে । ভাৰত আৰু ব্ৰিটেইনে সমসাময়িক সময়ৰ বাবে তেওঁলোকৰ সম্পৰ্ক শক্তিশালী কৰাত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে ৫ দিনীয়া কাৰ্যসূচীৰে ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ব্ৰিটেইন ভ্ৰমণ কৰিছে । লণ্ডন ভ্ৰমণৰ লক্ষ্য হৈছে দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশ পৰ্যালোচনা কৰা আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কক নতুন গতি প্ৰদান কৰা । মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ পোষ্টত সকলোকে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ লগতে আশা প্ৰকাশ কৰে যে এই পোহৰৰ উৎসৱে সকলোৰে বাবে শান্তি, সমৃদ্ধি কঢ়িয়াই আনিব ।

ব্ৰিটেইন ভ্ৰমণৰ অংশ হিচাপে মন্ত্ৰী জয়শংকৰে লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু সোমবাৰে লণ্ডনত ভাৰতীয় উচ্চ আয়োগে আয়োজন কৰা দীপাৱালীৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে । তেওঁ উত্তৰ প্ৰদেশৰ পৰা দুটা প্ৰাচীন মন্দিৰৰ ভাস্কৰ্যৰ প্ৰত্যাৱৰ্তন অনুষ্ঠানত অংশ লোৱাৰ লগতে 'এক বিলিয়ন মানুহে পৃথিৱীখন কেনেদৰে লক্ষ্য কৰে' বিষয়বস্তুৰ ওপৰত এক আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব ।

লণ্ডনত তেওঁ ব্ৰিটেইনৰ বৈদেশিক সচিব জেমছ ক্লেভাৰলিৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত আশা কৰে যে অহা কেইমাহমানৰ ভিতৰত সুনকে সম্ভাৱ্য ভাৰত ভ্ৰমণ কৰিব । ইফালে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে যোৱা সপ্তাহত এক বিবৃতিত কয় যে ভাৰত আৰু ব্ৰিটেইনৰ দ্বিপাক্ষিক অংশীদাৰিত্ব বৃদ্ধি পাইছে ।

ভাৰত আৰু ব্ৰিটেইনে যোৱা বছৰৰ পৰা এক মুক্ত বাণিজ্য চুক্তিৰ আলোচনা কৰি আহিছে যাৰ লক্ষ্য হৈছে আনুমানিক জিবিপি ৩৬ বিলিয়ন দ্বিপাক্ষিক বাণিজ্যিক অংশীদাৰিত্ব বৃদ্ধি কৰা । এই সন্দৰ্ভত ১৩ টা পৰ্যায়ৰ আলোচনা হৈছে । ২০২৪ চনত নিৰ্ধাৰিত দুয়োখন দেশৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে এই চুক্তি স্বাক্ষৰ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :French national cremated as per Hindu rituals : প্ৰথমবাৰৰ বাবে কাশীত হিন্দু ৰীতি-নীতি অনুসৰি সৎকাৰ ফৰাচী নাগৰিকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.