ETV Bharat / bharat

উধমপুৰ-বাৰামুলা ৰে’ল সংযোগী প্ৰকল্পৰ বাবে 2022 বৰ্ষৰ 15 আগষ্ট সময়সীমা নিৰ্ধাৰণ

author img

By

Published : Dec 31, 2020, 12:27 PM IST

34 সংখ্যক PRAGATI মত-বিনিময়ত বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সযোগে ভিন্ন মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় সচিব আৰু মুখ্য সচিবসকলক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ ৷ জম্মু-কাশ্মীৰত নিৰ্মাণ কৰা উধমপুৰ-বাৰামুলা ৰে’ল সংযোগসহ 7 টা মন্ত্ৰণালয়ৰ সৈতে সম্পৰ্কিত 11 টা প্ৰকল্পৰ পৰ্যালোচনা কৰে প্ৰধানমন্ত্ৰীয়ে ৷ এই প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ সময়সীমা 15.08.2022 হিচাপে নিৰ্ধাৰণ প্ৰধানমন্ত্ৰীৰ ৷

PM discussion
প্ৰধানমন্ত্ৰীৰ বৈঠক

নেশ্যনেল ডেস্ক,31 ডিচেম্বৰ : বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সযোগে 34 সংখ্যক PRAGATI মত-বিনিময়ত ভিন্ন মন্ত্ৰণালয়ৰ কেন্দ্ৰীয় সচিব আৰু মুখ্য সচিবসকলৰ সৈতে সাক্ষাৎ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

এই বৈঠকত জম্মু-কাশ্মীৰৰ মুখ্য সচিব বিভিআৰ সুব্ৰমণিয়াম, স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ প্ৰশাসনিক মুখ্য সচিব আৰু জল শক্তিয়ে অংশগ্ৰহণ কৰে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰত নিৰ্মাণ কৰা উধমপুৰ-বাৰামুলা ৰে’ল সংযোগসহ 7 টা মন্ত্ৰণালয়ৰ সৈতে সম্পৰ্কিত 11 টা প্ৰকল্পৰ পৰ্যালোচনা কৰে ।

উধমপুৰ-শ্ৰীনগৰ-বাৰামুলা ৰে’ল সংযোগ (USBRL) প্ৰকল্পই ৰে’ল লাইনৰ সৈতে কাশ্মীৰ উপত্যকাক সংলগ্ন কৰিব ৷ প্ৰধানমন্ত্ৰীয়ে জনায় যে, সকলো সমস্যা সমাধান কৰি থকা হৈছে আৰু কামবোৰ মসৃণভাৱে চলি আছে । কাশ্মীৰৰ পৰ্যটন আৰু অৰ্থনীতি দিশত প্ৰকল্পটোৰ সম্ভাৱনা ৰক্ষা কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ সময়সীমা 15.08.2022 হিচাপে নিৰ্ধাৰণ কৰে ।

সমগ্ৰ দেশতে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য আঁচনি (PMJAY) প্ৰগতিৰ সমীক্ষা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, এই আঁচনিখনে কেৱল বিত্তীয় সকাহ প্ৰদান নকৰে, ই দৰিদ্ৰ পৰিয়ালবোৰক সুৰক্ষা হিচাপেও কাম কৰে ৷ প্ৰসংগক্ৰমে, জম্মু-কাশ্মীৰে অলপতে আয়ুষ্মান ভাৰত-‘ছেহত’ আৰম্ভ কৰিছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো বাসিন্দাৰ বাবে বিনামূলীয়া ব্যয় আৰু নগদবিহীন স্বাস্থ্যযত্নৰ লাভালাভ বৃদ্ধি কৰিছে ।

তেওঁ কয় যে জল জীৱন অভিযানযোগে- হৰ ঘৰ নল চে জল অৰ্থাৎ দেশৰ প্ৰতিটো গ্ৰাম্য পৰিগৃহক 2024 চনৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ পৰিষ্কাৰ খোৱাপানী প্ৰদান কৰা হ’ব । এই প্ৰচেষ্টাৰ ফলত গ্ৰাম্য সম্প্ৰদায়ৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত হ’ব ৷

উল্লেখ্য যে, এই প্ৰকল্পৰ কাম জম্মু-কাশ্মীৰৰ দুখন জিলাত সম্পূৰ্ণ হৈছে আৰু বাকীবোৰ জিলাত 2022 চনৰ ভিতৰত সম্পূৰ্ণ হ’ব ।

লগতে পঢ়ক : ৰাজকোটৰ এইমছৰ আধাৰশিলা স্থাপন কৰিব মোডীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.