ETV Bharat / bharat

ক'ভিড-১৯ সম্পৰ্কে প্ৰধানমন্ত্ৰী মোডীৰ উচ্চস্তৰীয় বৈঠক - ক'ভিড-১৯ঃ মোডীৰ উচ্চস্তৰীয় বৈঠক

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ২৪ ঘণ্টাত দেশত নতুনকৈ ৯৩,২৪৯ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । এতিয়ালৈকে ক’ভিড ১৯ ত আক্ৰান্ত হৈছে মুঠ ১,২৪,৮৫,৫০৯ জন লোক । লগতে ২৪ ঘণ্টাত দেশত ৫১৩ জন লোকে মহমাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে । নতুনকৈ মৃত্যু হোৱা ৰোগীসহ বৰ্তমানলৈকে দেশত ১,৬৪,৬২৩ জন লোকৰ মৃত্যু হৈছে । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এতিয়ালৈকে দেশত মুঠ ৭,৫৯,৭৯,৬৫১ জন লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

কৰ'ণাৰ দ্বিতীয়টো ঢৌ সন্দৰ্ভত মোডীৰ উচ্চস্তৰীয় বৈঠক

author img

By

Published : Apr 4, 2021, 1:47 PM IST

নেশ্যনেল ডেস্ক,৪ এপ্ৰিল: দেশত শেহতীয়াভাৱে বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ আৰম্ভ হৈছে কৰ'ণাৰ দ্বিতীয়টো ঢৌ ৷ প্ৰায় ৮৫ শতাংশ নতুনকৈ কৰ'ণা ভাইৰাছৰ ঘটনা সংঘটিত হৈছে কেৱল মাত্ৰ আঠখন ৰাজ্যত ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ক'ভিড-১৯ সম্বন্ধীয় আৰু টীকাকৰণ সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰে এক বৈঠকত মিলিত হয় ।

সূত্ৰ অনুসৰি, দেশত শেহতীয়াকৈ কৰ'ণাৰ দ্বিতীয়টো ঢৌ আৰু টীকাকৰণ প্ৰদানৰ সমীক্ষাৰ পৰ্যালোচনা কৰিবলৈ কেবিনেট সচিব, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব আৰু স্বাস্থ্য সচিবকে ধৰি সকলো জ্যেষ্ঠ বিষয়াৰে এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰিছে ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ২৪ ঘণ্টাত দেশত নতুনকৈ ৯৩,২৪৯ জন লোক মহামাৰীত আক্ৰান্ত হৈছে । এতিয়ালৈকে ক’ভিড ১৯ ত আক্ৰান্ত হৈছে মুঠ ১,২৪,৮৫,৫০৯ জন লোক । লগতে ২৪ ঘণ্টাত দেশত ৫১৩ জন লোকে মহামাৰীৰ কবলত পৰি প্ৰাণ হেৰুৱাইছে । নতুনকৈ মৃত্যু হোৱা ৰোগীসহ বৰ্তমানলৈকে দেশত ১,৬৪,৬২৩ জন লোকৰ মৃত্যু হৈছে ।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এতিয়ালৈকে দেশত মুঠ ৭,৫৯,৭৯,৬৫১ জন লোকক প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক: পশ্চিমবংগৰ তিনি আৰক্ষী বিষয়াক বদলীকৰণৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.