ETV Bharat / bharat

PM Modi Adi Kailash Yatra : আদি কৈলাসত প্ৰধানমন্ত্ৰীৰ ধ্যান; পাৰ্বতী কুণ্ড মন্দিৰত বজালে শংখ আৰু ডম্বৰু - PM Modi Parvati Kund Temple visit

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে উত্তৰাখণ্ডৰ মানস খাণ্ড নামেৰে জনাজাত কুমাও মণ্ডল ভ্ৰমণ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কুমাও মণ্ডলৰ পিথোৰাগড় জিলাৰ কৈলাস মন্দিৰ পৰিদৰ্শন কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে অমৃতসৰৰ পাৰ্বতী কুণ্ডত প্ৰাৰ্থনাও কৰে ।

আদি কৈলাসত প্ৰধানমন্ত্ৰীৰ ধ্যান
PM Modi Adi Kailash Yatra
author img

By ETV Bharat Assamese Team

Published : Oct 12, 2023, 2:04 PM IST

নিউজ ডেস্ক, ১২ অক্টোবৰ : উত্তৰাখণ্ড ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে পুৱা প্ৰায় ৮.৩০ বজাত পিথোৰাগড়ত উপস্থিত হয় । প্ৰথমে প্ৰধানমন্ত্ৰী মোদীয়ে বিখ্যাত আদি কৈলাস ভ্ৰমণ কৰে । প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি পথছোৱা সুন্দৰভাৱে সজোৱা হয় । পথটোৰ দুয়োফাল ফুলৰ মালাৰে সজোৱা হয় । প্ৰধানমন্ত্ৰী মোদীয়ে পুষ্পসজ্জিত পথটোৰে কৈলাসৰ সৌন্দৰ্যৰ প্ৰশংসা কৰি লাহে লাহে আগবাঢ়ে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদি কৈলাসক তেওঁৰ চিৰাচৰিত শৈলীৰে ভক্তিভৰা অভিবাদন জনায় । দীৰ্ঘসময় ধৰি তেওঁ আদি কৈলাসৰ ফালে ভক্তিভাবেৰে চাই থাকে । সেই সময়ত বৰফেৰে আবৃত কৈলাস সূৰ্যৰ পোহৰত ৰূপালী ৰঙেৰে জিলিকি আছিল । কিছু সময়ৰ বাবে তেওঁ হাতযোৰ কৰি মন্ত্ৰ জপ কৰে । তাৰ পিছত দুয়োখন হাত ওপৰলৈ দাঙি হৰ হৰ মহাদেৱ উচ্চাৰণ কৰে ।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভক্তিৰে তাত নিৰ্মিত আসনত বহে । তাত প্ৰধানমন্ত্ৰী মোদীয়ে আদি কৈলাসৰ ওপৰত ধ্যানত বহে । উল্লেখ্য যে ভগৱান শিৱৰ ওপৰত প্ৰধানমন্ত্ৰী মোদীৰ অপৰিসীম বিশ্বাস সকলোৰে অৱগত ।

উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভাৰ সাংসদ । বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰৰ সৌন্দৰ্যবৰ্ধন তেওঁৰ অনুপ্ৰেৰণাতে হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ সপোনৰ প্ৰকল্পৰ অধীনত উজ্জয়িনীৰ মহাকাল মন্দিৰৰ কৰিডৰো নিৰ্মাণ কৰা হৈছে ।

কৈলাসৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে পাৰ্বতী কুণ্ডত প্ৰাৰ্থনা কৰে । ইয়াৰ পিছত তেওঁ মন্দিৰৰ বাহিৰত পূজা কৰে ।

মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে পুৰোহিতজনে প্ৰধানমন্ত্ৰী মোদীক তিলক প্ৰদান কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে পাৰ্বতী কুণ্ড মন্দিৰত প্ৰাৰ্থনাও কৰে ।

আনহাতে, প্ৰধানমন্ত্ৰী মোদীয়ে মন্দিৰত ভগৱান শিৱ আৰু দেৱী পাৰ্বতীক প্ৰাৰ্থনা জনায় । তাৰ পিছত প্ৰধানমন্ত্ৰীয়ে শংখ বজায় । পূজাৰ শেষত পুৰোহিতজনে প্ৰধানমন্ত্ৰী মোদীৰ হাতত ৰঙা সূতা বান্ধি দিয়ে। ইয়াৰ পিছত তেওঁ পুৰোহিতক দক্ষিণা প্ৰদান কৰে ।

তাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে পাৰ্বতী কুণ্ড মন্দিৰত কৰা উপাসনা সম্পূৰ্ণ হয় । প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পৰৱৰ্তী স্থান হৈছে গুঞ্জি গাঁও ।

লগতে পঢ়ক :Bihar train accident: বিশেষ ৰে’লৰে গুৱাহাটীলৈ অনা হৈছে দুৰ্ঘটনাগ্ৰস্ত নৰ্থ ইষ্ট এক্সপ্ৰেছ ১০০০ যাত্ৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.