নেশ্যনেল ডেস্ক,৩০ ছেপ্টেম্বৰ : দেশৰ নিৰ্বাচনমুখী ৫ খন ৰাজ্যত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছে । কংগ্ৰেছ নেতৃত্বাধীন ছত্তীশগড়কো শেহতীয়াকৈ বিজেপিয়ে টাৰ্গেট কৰি লৈছে । যাৰ বাবে প্ৰধানমন্ত্ৰীকে ধৰি বিজেপিৰ বহু শীৰ্ষ নেতা ৰাজ্যখনলৈ গৈ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে । আনহাতে নেতৃত্বাধীন কংগ্ৰেছকো লক্ষ্য কৰি লৈছে বিজেপিৰ নেতাসকলে ।
ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ পৰিৱৰ্তন মহাসংকল্প ৰেলী সম্বোধন কৰে । য'ত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ নেতৃত্বাধীন বাঘেল চৰকাৰৰ বিৰুদ্ধে ছত্তীশগড়ত ভয় আৰু দুৰ্নীতি বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰে । তেওঁ কয় যে বিজেপি চৰকাৰে সততাৰে কাম কৰি আছে । বিজেপিয়ে কেতিয়াও ছত্তীশগড়ৰ বিৰুদ্ধে বৈষম্যমূলক আচৰণ কৰা নাই । বিজেপিয়ে ছত্তীশগড়ৰ উন্নয়নৰ বাবে কাম কৰিছে বুলি তেওঁ দাবী কৰে ।
-
छत्तीसगढ़ की तेज प्रगति के लिए भाजपा संकल्पबद्ध है। बिलासपुर में विशाल जनसभा को संबोधित कर रहा हूं। https://t.co/ZNYR4t4XQ6
— Narendra Modi (@narendramodi) September 30, 2023 " class="align-text-top noRightClick twitterSection" data="
">छत्तीसगढ़ की तेज प्रगति के लिए भाजपा संकल्पबद्ध है। बिलासपुर में विशाल जनसभा को संबोधित कर रहा हूं। https://t.co/ZNYR4t4XQ6
— Narendra Modi (@narendramodi) September 30, 2023छत्तीसगढ़ की तेज प्रगति के लिए भाजपा संकल्पबद्ध है। बिलासपुर में विशाल जनसभा को संबोधित कर रहा हूं। https://t.co/ZNYR4t4XQ6
— Narendra Modi (@narendramodi) September 30, 2023
প্ৰধানমন্ত্ৰী মোদীৰ মতে ছত্তীশগড়ত পৰিৱৰ্তনৰ সিদ্ধান্ত লোৱা হৈছে । ৰাজ্যখনত উৎসাহ দেখা গৈছে বুলিও তেওঁ উল্লেখ কৰে । কংগ্ৰেছ চৰকাৰৰ অত্যাচাৰত ভুগি থকা ছত্তীশগড়ৰ ৰাইজে এই কথা কৈছে বুলি তেওঁ দাবী কৰে । তেওঁ উল্লেখ কৰা মতে তেওঁ পূৰ্বেও বহুবাৰ বিলাসপুৰলৈ আহিছে । গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোতেও তেওঁ বিলাসপুৰলৈ গৈছে । কিন্তু কেতিয়াও এনে উৎসাহ দেখা নাছিল বুলি তেওঁ দাবী কৰে ।
প্ৰধানমন্ত্ৰীৰ মতে ছত্তীশগড় সন্ত্ৰাস, দুৰ্নীতি আৰু অপশাসনৰ দ্বাৰা পীড়িত । নিযুক্তি কেলেংকাৰী হৈছে ৰাজ্যখনৰ মুখ্য কেলেংকাৰী । তেওঁ দাবী কৰা মতে ৰাজ্যখনত প্ৰতিটো আঁচনিতে দুৰ্নীতি আছে । সেয়েহে ছত্তীশগড়ৰ ৰাইজ কংগ্ৰেছক আঁতৰাবলৈ সম্পূৰ্ণ প্ৰস্তুত বুলিও তেওঁ দাবী কৰে ।
আনহাতে কংগ্ৰেছে দৰিদ্ৰসকলৰ প্ৰতি অন্যায় কৰাৰো তেওঁ অভিযোগ উত্থাপন কৰে । বিজেপিয়ে গৰীৱ কল্যাণ অন্ন যোজনা আৰম্ভ কৰিছিল । কিন্তু ছত্তীশগড় চৰকাৰে দৰিদ্ৰ লোকৰ বিৰুদ্ধে কাম কৰিছে বুলি তেওঁ দাবী কৰে । যদি কংগ্ৰেছে পুনৰ সুযোগ পায় তেনেহ'লে ৰাজ্যখনত পুনৰ কেলেংকাৰী কৰিব বুলিও তেওঁ অভিযোগ কৰে । ছত্তীশগড়ৰ সুৰা কেলেংকাৰী সন্দৰ্ভতো প্ৰধানমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
মুঠতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ চৰকাৰ লগতে দলটোক তীব্ৰ আক্ৰমণ কৰে আৰু ছত্তীশগড়ৰ ৰাইজক সতৰ্ক কৰি দিয়ে । ইফালে প্ৰধানমন্ত্ৰীক এই ছত্তীশগড়ৰ ৰাইজে উষ্ম আদৰণি জনায় । বিলাসপুৰৰ বিজেপি সাংসদ অৰুণ চাও এই অনুষ্ঠানত উপস্থিত থাকে । সভাস্থলীত উপস্থিত থকা সকলো লোকে প্ৰধানমন্ত্ৰী মোদীক মোবাইলৰ ফ্লেছলাইট জ্বলাই আদৰণি জনায় ।
লগতে পঢ়ক :Cleanliness drive : স্বচ্ছ অভিযানত দেশবাসীক অংশগ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰীৰ