ETV Bharat / bharat

Modi Security Breach in Punjab: নিৰাপত্তা ব্যৱস্থাৰ বাবে পাঞ্জাৱ চৰকাৰৰ পৰা স্পষ্টীকৰণ তলব

author img

By

Published : Jan 5, 2022, 6:34 PM IST

Updated : Jan 5, 2022, 7:40 PM IST

পাঞ্জাৱৰ ফিৰোজপুৰত প্ৰধানমন্ত্ৰীৰ ৰেলী বাতিলৰ ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে (MHA cancels Modi's Ferozepur rally)। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থাক লৈ সন্তুষ্ট নহয় গৃহ মন্ত্ৰালয় । নিৰাপত্তা ব্যৱস্থাৰ সুৰুঙা সন্দৰ্ভত স্পষ্টীকৰণ দিব লাগিব পাঞ্জাৱ চৰকাৰে ।

PM Modi convoy security lapse
নিৰাপত্তাজনিত কাৰণত প্ৰধানমন্ত্ৰীৰ ফিৰোজপুৰ ৰেলী বাতিল

নেশ্যনেল ডেস্ক, 5 জানুৱাৰী : পাঞ্জাৱৰ ফিৰোজপুৰত অনুষ্ঠিত হ'বলগীয়া প্ৰধানমন্ত্ৰী ৰেলী বাতিল কৰা হৈছে (PM Modi's rally at Ferozepur was cancelled)। বুধবাৰে গৃহ মন্ত্ৰালয়ে জনোৱা মতে নিৰাপত্তাজনিত কাৰণত বাতিল কৰা হৈছে প্ৰধানমন্ত্ৰীৰ ৰেলী (MHA cancels Modi's Ferozepur rally)। গৃহ মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰাত ব্যৰ্থ হৈছে পঞ্জাৱ চৰকাৰ । ৰাজ্য চৰকাৰখনক ইয়াৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ ।

বিবৃতি অনুসৰি পুৱা প্ৰধানমন্ত্ৰীয়ে বিমানেৰে বাথিন্দাত অৱতৰণ কৰে । তাৰ পৰা তেওঁ হেলিকপ্টাৰেৰে হুছেইনিৱালাৰ ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকলৈ যোৱাৰ কথা আছিল । কিন্তু বৰষুণ আৰু প্ৰতিকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২০ মিনিট অপেক্ষা কৰিবলগীয়া হয় । কিন্তু বতৰৰ অৱস্থা ঠিক নোহোৱাত তেওঁ পথেৰে যোৱাৰ সিদ্ধান্ত ল'লে ।

যাৰ বাবে তেওঁ দুই ঘণ্টাতকৈও অধিক সময়ৰ প্ৰয়োজন হ'ব । পাঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধানে নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিশ্চয়তা প্ৰদান কৰাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে পথেৰে ভ্ৰমণ আৰম্ভ কৰে ।

হুছেইনিৱালাৰ ৰাষ্ট্ৰীয় শ্বহীদ স্মাৰকৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৈত প্ৰধানমন্ত্ৰীৰ কনভয় এখন উৰণীয়া সেঁতুত উঠাৰ সময়তে একাংশ প্ৰতিবাদকাৰীয়ে পথটো অৱৰোধ কৰে । ফলত প্ৰধানমন্ত্ৰী ১৫-২০ মিনিট ধৰি উৰণীয়া সেঁতুৰ ওপৰতে আবদ্ধ হৈ থাকিবলগীয়া হয় । এয়া প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক বৃহৎ ত্ৰুটি হিচাপে বিবেচনা কৰিছে গৃহ মন্ত্ৰালয়ে ।

মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰীৰ সময়সূচী আৰু ভ্ৰমণৰ পৰিকল্পনা সম্পৰ্কে পাঞ্জাৱ চৰকাৰক আগতীয়াকৈ জনোৱা হৈছিল । বিশেষ প্ৰট'কল অনুসৰি ৰাজ্য চৰকাৰে ল’জিষ্টিক, নিৰাপত্তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু লগতে আকস্মিক কোনো পৰিকল্পনাৰ বাবেও সাজু থাকিব লাগিব । আকস্মিক পৰিকল্পনাৰ প্ৰতি লক্ষ্য ৰাখি পাঞ্জাৱ চৰকাৰে পথেৰে প্ৰধানমন্ত্ৰীৰ যাত্ৰা সুৰক্ষিত কৰিবলৈ অতিৰিক্ত নিৰাপত্তা বেষ্টনী গঢ়ি তুলিব লাগিব । কিন্তু এইবোৰত পাঞ্জাৱ চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ মন্ত্ৰালয়ৰ ।

লগতে পঢ়ক :AITC slams PM Modi's visit in Tripura : ত্ৰিপুৰা 'ক'ভিড মেনুফেকচাৰিং হাব'লৈ পৰিণত !

Last Updated : Jan 5, 2022, 7:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.