ETV Bharat / bharat

Prahlad meets with car accident: প্ৰধানমন্ত্ৰীৰ ভাতৃসহ পৰিয়ালৰ পাঁচগৰাকী লোক দুৰ্ঘটনাগ্ৰস্ত - প্ৰহ্লাদ মোদীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কনিষ্ঠ ভাতৃ প্ৰহ্লাদ মোদীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত (Prahlad meets with car accident) ৷ মঙলবাৰে কৰ্ণাটকৰ মহীশূৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাত আহত হয় প্ৰহ্লাদ মোদীসহ পৰিয়ালৰ পাঁচগৰাকী সদস্য় ৷

PM Modis brother Prahlad meets with car accident in Mysuru
দুৰ্ঘটনাত আহত হয় প্ৰহ্লাদ মোদীসহ পৰিয়ালৰ পাঁচগৰাকী
author img

By

Published : Dec 27, 2022, 7:00 PM IST

দুৰ্ঘটনাত আহত হয় প্ৰহ্লাদ মোদীসহ পৰিয়ালৰ পাঁচগৰাকী

নেশ্যনেল ডেস্ক, 27 ডিচেম্বৰ: মঙলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কনিষ্ঠ ভাতৃ প্ৰহ্লাদ মোদীৰ বাহন পতিত হয় এক দুৰ্ঘটনাত (PM Modis Brother car met with an accident) ৷ কৰ্ণাটকৰ মহীশূৰৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ ফলত দুৰ্ঘটনাত আহত হয় প্ৰধানমন্ত্ৰীগৰাকীৰ ভাতৃ আৰু তেওঁৰ পৰিয়ালসহ কমেও পাঁচজন লোক ৷ এখন বেঞ্জ এছ ইউ ভি বাহনেৰে মহীশূৰৰ পৰা বান্দীপুৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো (Prahlad meets with car accident in Mysuru)।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাহনখনত আছিল নৰেন্দ্ৰ মোডীৰ কনিষ্ঠ ভাতৃ প্ৰহ্লাদ মোডী (৭০), তেওঁৰ পুত্ৰ মেহুল প্ৰহ্লাদ মোদী (৪০), বোৱাৰী জিন্দাল মোদী (৩৫), নাতিনীয়েক মেনাট মেহুল মোদী (৬) আৰু চালক সত্যনাৰায়ণ (PM Modis Brother Injured in Mysuru Accident) । প্ৰাৰম্ভিক তথ্য অনুসৰি জানিব পৰা মতে বান্দীপুৰ অভিমুখে গৈ থকা অৱস্থাত কদাকোলাৰ সমীপত ডিভাইডাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ এছ ইউ ভি বাহনখনৰ সন্মুখৰ সোঁ চকাটো খুলি যোৱাৰ লগেত বাহনখনৰ যথেষ্ট পৰিমাণে ক্ষতি সাধন হয় ।

পিছত আহতসকলক ততাতৈয়াকৈ মহীশূৰৰ জে এছ এছ হাস্পতালত ভৰ্তি কৰোৱা হয় । জানিব পৰা মতে অধিক আঘাতপ্ৰাপ্ত হৈছে প্ৰহ্লাদ মোডী(Prahlad damodar das) , বোৱাৰী আৰু নাতিনীয়েক ৷ প্ৰহ্লাদ মোডীয়ে মুখত, বোৱাৰীয়েকে মূৰত আৰু নাতিনীয়েকে ভৰিত আঘাত পাইছে । ইয়াৰ বিপৰীতে প্ৰহ্লাদ মোদীৰ পুত্ৰ তথা চালক সত্যনাৰায়ণো সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে (PM Modis brother Prahlad Modi)।

মনকৰিবলগীয়া বিষয় যে এয়াৰবেগৰ বাবেই দুৰ্ঘটনাটো অধিক ভয়াৱহ হোৱাৰ পৰা ৰক্ষা পৰে ৷ প্ৰহ্লাদ মোডীৰ পৰিয়াল বাংগালুৰুৰ পৰা মহীশূৰ হৈ বান্দীপুৰলৈ গৈ আছিল এখন মাৰ্চিডিজ বেঞ্জ বাহনত । গৈ থকা অৱস্থাতে ঠিক সেই সময়তে বাহনখনে পথৰ মাজত থকা ডিভাইডাৰত খুন্দা মাৰে । সৌভাগ্যক্ৰমে বাহনখৰৰ বেলুন খোলাৰ লগে লগে ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে পৰিয়ালটো ।

উল্লেখ্য যে মহীশূৰ জিলাৰ আৰক্ষী অধীক্ষক সীমা আৰু জ্যেষ্ঠ বিষয়াসকলে ঘটনাস্থলী পৰিদৰ্শন কৰে । এই সন্দৰ্ভত মহীশূৰ দক্ষিণ থানাত ৰুজু হৈছে এজাহাৰ । আনহাতে জে এছ এছৰ চিকিৎসা হাস্পতালৰ অধীক্ষক ডাঃ মধুৱে কয় যে প্ৰধানমন্ত্ৰীৰ ভাতৃ প্ৰহ্লাদ মোডীকে ধৰি সকলোকে উপযুক্ত চিকিৎসা প্ৰদান কৰা হৈছে । মুঠ ৫গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । প্ৰহ্লাদ মোডীৰ ৬ বছৰীয়া নাতিনীয়েকে মূৰৰ বাওঁফালে আঘাত পাইছে । সকলোৰে বাবে সকলো ধৰণৰ পৰীক্ষা কৰা হৈছে । সকলোকে উপযুক্ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ সকলোকে মাজনিশা ১.৩০ বজাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ।

লগতে পঢ়ক: Jakhalabandha accident: ৰখাই থোৱা ট্ৰাকত স্কুটীৰে খুন্দিয়াই থিতাতে নিহত যুৱক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.