ETV Bharat / bharat

PM Modi slams UPA : কংগ্ৰেছক পুৰণি ফোনৰ সৈতে তুলনা প্ৰধানমন্ত্ৰী মোদীৰ - India Mobile Congress

পূৰ্বৰ ইউপিএ নেতৃত্বাধীন চৰকাৰক পুৰণি ফোনৰ সৈতে তুলনা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ২০১৪ চনত ৰাইজে পুৰণি ফোন এৰি পৰিৱৰ্তনৰ বাবে বিজেপিক সুযোগ দিছিল । বৰ্তমান বিশ্বই 'মেড ইন ইণ্ডিয়া' ফোন ব্যৱহাৰ কৰি আছে ।

PM Modi slams UPA
কংগ্ৰেছক পুৰণি ফোনৰ সৈতে তুলনা প্ৰধানমন্ত্ৰী মোডীৰ
author img

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 3:13 PM IST

নেশ্যনেল ডেস্ক,২৭ অক্টোবৰ : সমাগত লোকসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ এবাৰ কংগ্ৰেছক লক্ষ্য কৰি লৈছে । ২০১৪ চনত দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে চৰকাৰ গঠন কৰিছিল । প্ৰধানমন্ত্ৰীৰ মতে ২০১৪ এক চন নহয় ই 'বদলাৱ'(পৰিৱৰ্তন) । কংগ্ৰেছক লক্ষ্য কৰি তেওঁ কয় যে ২০১৪ত মানুহে পুৰণি ফোনবোৰ প্ৰত্যাহাৰ কৰিছিল আৰু দৃশ্যপট সলনি কৰিব পৰা নতুন চৰকাৰ বাছনি কৰিছিল ।

ইণ্ডিয়া ম'বাইল কংগ্ৰেছত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত কেনেদৰে আমদানিকৰ্তাৰ পৰা মোবাইল ফোনৰ ৰপ্তানিকৰ্তালৈ পৰিণত হৈছে তাৰ পৰিসংখ্যা দাঙি ধৰে । ইফালে এপলৰ পৰা গুগললৈকে বৃহৎ প্ৰযুক্তি কোম্পানীবোৰে কেনেদৰে দেশত নিৰ্মাতা হ'বলৈ আগ্ৰহী সেই বিষয়েও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে । তেওঁ ২০১৪ চন পৰিৱৰ্তনৰ নমুনা হিচাপে অভিহিত কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ নেতৃত্বাধীন ইউপিএক আক্ৰমণ কৰি কয় কংগ্ৰেছ দল পুৰণি ফোনৰ দৰে যাৰ স্ক্ৰীণবোৰে কাম নকৰে । সেই ফোনবোৰ যিমান চোৱাইপ কৰিলেও বা বুটাম টিপিলেও কাম নকৰে । পূৰ্বৰ চৰকাৰখন তেনে ফোন আছিল বুলি প্ৰধানমন্ত্ৰীয়ে সমালোচনা কৰে ।

প্ৰধানমন্ত্ৰীৰ মতে ফোনবোৰ ৰিষ্টাৰ্ট কৰাৰ পাছত বা বেটাৰী চাৰ্জ কৰা বা আনকি বেটাৰী সলনি কৰাৰ পাছতো কাম নকৰিলে । সেয়ে ২০১৪ চনত মানুহে এনে পুৰণি ফোন এৰি বিজেপিক দেশৰ সেৱা কৰাৰ সুযোগ দিছিল । প্ৰধানমন্ত্ৰীৰ মতে দ্ৰুততম ৫জি ম'বাইল নেটৱৰ্ক আৰম্ভ কৰাৰ পাছত ভাৰতে ৬জিৰ ক্ষেত্ৰতো নিজকে আগশাৰীৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত আগবাঢ়িছে ।

তেওঁ কয় যে বিশ্বই 'মে়ড ইন ইণ্ডিয়া' ফোন ব্যৱহাৰ কৰি আছে । ভাৰতে মোবাইল ব্ৰডবেণ্ড স্পীডৰ ক্ষেত্ৰত পূৰ্বৰ ১১৮ নম্বৰৰ পৰা গতিত ৪৩ নম্বৰ স্থানত উপনীত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ৫জি ৰোল-আউটৰ এবছৰৰ ভিতৰত ৪ লাখ ৫জি বেচ ষ্টেচন স্থাপন কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে কয় যে নাগৰিকসকলক মূলধন, সম্পদৰ প্ৰৱেশাধিকাৰ আৰু প্ৰযুক্তিৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰাটো চৰকাৰৰ প্ৰধান উদ্দেশ্য ।

লগতে পঢ়ক :UN's new AI advisory body : ৰাষ্ট্ৰসংঘৰ কৃত্ৰিম বুদ্ধিমত্তা পৰামৰ্শদাতা সমিতিত অন্তৰ্ভুক্ত ৩ ভাৰতীয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.