ETV Bharat / bharat

প্ৰৱাসী ভাৰতীয় দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

author img

By ANI

Published : Jan 9, 2024, 1:07 PM IST

Pravasi Bharatiya Diwas: ভাৰতৰ উন্নয়নত প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ অৱদানক স্মৰণ কৰাৰ উপলক্ষে প্ৰতি বছৰে 9 জানুৱাৰীত প্ৰৱাসী ভাৰতীয় দিৱস পালন কৰা হয় ।এই দিৱসৰ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলক শুভেচ্ছা জ্ঞাপন কৰে ৷

Pravasi Bharatiya Diwas
প্ৰৱাসী ভাৰতীয় দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নেশ্যনেল ডেস্ক, 9 জানুৱাৰী : আজি প্ৰৱাসী ভাৰতীয় দিৱস ৷ এই দিৱসৰ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱাসী ভাৰতীয়সকলক শুভেচ্ছা জ্ঞাপন কৰি কয় যে, আমাৰ সমৃদ্ধ, ঐতিহ্য সংৰক্ষণ আৰু বিশ্বব্যাপী সম্পৰ্ক শক্তিশালী কৰাৰ বাবে প্ৰতিজন প্ৰৱাসী ভাৰতীয়ৰ অৱদান প্ৰশংসনীয় ।

সামাজিক মাধ্যম এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে, "প্ৰৱাসী ভাৰতীয় দিৱসলৈ শুভেচ্ছা । এইদিনটো বিশ্বব্যাপী প্ৰৱাসী ভাৰতীয়সকলৰ অৱদান আৰু সাফল্য উদযাপন কৰাৰ দিন । আমাৰ সমৃদ্ধ ঐতিহ্য সংৰক্ষণ আৰু বিশ্বব্যাপী সম্পৰ্ক শক্তিশালী কৰাৰ প্ৰতি তেওঁলোকৰ অৱদান প্ৰশংসনীয় । তেওঁলোকে সমগ্ৰ বিশ্বতে ভাৰতৰ পৰিচয় বহন কৰাৰ লগতে একতা আৰু বৈচিত্ৰ্য কঢ়িয়াই আনিছে।"

  • Greetings on Pravasi Bharatiya Diwas. This is a day to celebrate the contributions and achievements of the Indian diaspora worldwide. Their dedication towards preserving our rich heritage and strengthening global ties is commendable. They embody the spirit of India across the…

    — Narendra Modi (@narendramodi) January 9, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তেওঁৰ অফিচিয়েল ছ'চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰে, "প্ৰৱাসী ভাৰতীয় দিৱসত সমগ্ৰ বিশ্বৰ প্ৰৱাসী ভাৰতীয়সকলক শুভেচ্ছা জনাইছো । আপোনাৰ কৃতিত্বৰ বাবে আমি গৌৰৱান্বিত । আপোনালোকৰ অপৰিসীম অৱদানে বিশ্বব্যাপী ভাৰতৰ যশ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।"

  • On Pravasi Bharatiya Diwas, greetings to the Indian Diaspora across the world.

    We take immense pride in your achievements.

    Your outstanding contributions play a crucial role in enhancing India's global standing.

    — Dr. S. Jaishankar (@DrSJaishankar) January 9, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই দিৱস উপলক্ষে প্ৰৱাসীসকলক শুভেচ্ছা জনাই কয়, "#PravasiBharatiyaDivas বিশ্বজুৰি বাস কৰা প্ৰৱাসী ভাৰতীয়সকলক শুভেচ্ছা জনাইছো । প্ৰৱাসী ভাৰতীয়সকলে বিশ্বজুৰি আমাৰ সমৃদ্ধ সংস্কৃতি আৰু মূল্যবোধৰ ৰাষ্ট্ৰদূত হিচাপে প্ৰতিনিধিত্ব কৰিছে ৷ তেওঁলোকৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমে কেৱল তেওঁলোকে বাস কৰা দেশসমূহক সমৃদ্ধ কৰাই নহয়, ভাৰতৰ বিশ্বব্যাপী গুৰুত্বৰ আঁৰৰ এক চালিকা শক্তি হিচাপে নিজৰ পৰিচয় বহন কৰি আহিছে ।"

  • प्रवासी भारतीय दिवस की हार्दिक शुभकामनाएं।

    Greetings to the vibrant Indian diaspora across the globe on #PravasiBharatiyaDivas. As ambassadors of our rich culture and values, they have made a lasting impact worldwide. Their talent and hard work have not only enriched the… pic.twitter.com/qR4ToBfoxH

    — Dharmendra Pradhan (@dpradhanbjp) January 9, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয়, "সমগ্ৰ বিশ্বতে "বসুধৈৱ কুটুম্বকম"ৰ ভাৰতীয় সংস্কৃতি শক্তিশালী কৰি থকা প্ৰৱাসী ভাই-ভনীসকলক প্ৰৱাসী ভাৰতীয় দিৱসৰ শুভেচ্ছা জনাইছো । দেশৰ পৰা আঁতৰত থকা স্বত্বেও, ভাৰত তেওঁলোকৰ হৃদয়ত বাস কৰে । তেওঁলোকে ভাৰতৰ সৰ্বাংগীন উন্নয়নত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাওক ।"

  • "वसुधैव कुटुम्बकम" की भारतीय संस्कृति को संपूर्ण विश्व में सशक्त कर रहे प्रवासी भाई-बहनों को प्रवासी भारतीय दिवस की शुभकामनाएँ। देश से दूर रहते हुए भी उनके दिल में हिंदुस्तान बसता है। भारत के सर्वांगीण विकास में वे महती भूमिका निभाते रहें, यही कामना है।#PravasiBharatiyaDivas

    — Om Birla (@ombirlakota) January 9, 2024 " class="align-text-top noRightClick twitterSection" data=" ">

ভাৰতৰ উন্নয়নত প্ৰৱাসী ভাৰতীয় সম্প্ৰদায়ৰ অৱদানক স্মৰণ কৰাৰ উপলক্ষে প্ৰতি বছৰে 9 জানুৱাৰীত প্ৰৱাসী ভাৰতীয় দিৱস পালন কৰা হয়। 1915 চনৰ আজিৰ দিনটোতে সৰ্বশ্ৰেষ্ঠ প্ৰৱাসী মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহিছিল ৷ সেইবাবে 9 জানুৱাৰী দিনটোত এই বিশেষ দিনটো উদযাপনৰ দিন হিচাপে বাচনি কৰা হৈছিল ৷

লগতে পঢ়ক: বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.