ETV Bharat / bharat

PM Kisan Yojana : ৰাজস্থানত প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ চতুৰ্দশ কিস্তি প্ৰদান মোদীৰ

author img

By

Published : Jul 27, 2023, 1:38 PM IST

কৃষকৰ মুখত হাঁহি বিৰিঙাব ওলাইছে প্ৰধানমন্ত্ৰীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী কিষাণ যোজনাৰ চতুৰ্দশ কিস্তি মুকলি কৰিব । ইয়াৰ অধীনত ৮.৫ কোটি কৃষকৰ একাউণ্টলৈ প্ৰায় ১৭,০০০ কোটি টকা স্থানান্তৰ কৰা হ'ব । অৱশ্যে কিছু কৃষক এই আঁচনিৰ পৰা বঞ্চিতও হ'ব পাৰে ।

PM Kisan Yojana
PM Kisan Yojana

নিউজ ডেস্ক, ২৭ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দেশৰ ৮ কোটিৰো অধিক কৃষকক এক ডাঙৰ উপহাৰ দিবলৈ গৈ আছে । মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ চতুৰ্দশ কিস্তি মুকলি কৰি দিব । এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীয়ে এইবাৰ ৰাজস্থানৰ চিকাৰত অনুষ্ঠিত হ'বলগীয়া এক কাৰ্যসূচীত এই কিস্তি মুকলি কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে পুৱা ১১ বজাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু ডিবিটিৰ জৰিয়তে কৃষকৰ একাউণ্টলৈ প্ৰায় ১৭,০০০ কোটি টকা স্থানান্তৰ কৰিব । ইয়াৰ দ্বাৰা দেশৰ ৮.৫ কোটি হিতাধিকাৰী কৃষক পৰিয়াল লাভান্বিত হ'ব ।

উল্লেখ্য, ২০১৯ চনৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা । ইতিমধ্যে এই আঁচনিৰ ১৩ টা কিস্তি কৃষকসকলক দিয়া হৈছে । এই আঁচনিৰ অধীনত, প্ৰত্যক্ষ লাভালাভ স্থানান্তৰ (Direct Benefit Transfer, DBT) প্ৰণালীৰ জৰিয়তে সমগ্ৰ দেশৰ কৃষক পৰিয়ালৰ বেংক একাউণ্টত ধন প্ৰদান কৰা হয় । এই ধনৰ পৰিমাণ তিনিটা সমান কিস্তিত প্ৰতিবছৰে ৬,০০০ টকাকৈ দিয়া হয় । অৰ্থাৎ প্ৰতি চাৰি মাহত কৃষকসকলক ২০০০ টকাকৈ প্ৰদান কৰা হয় । এতিয়ালৈকে সমগ্ৰ দেশৰ ১১ কোটিৰো অধিক কৃষকক ২.৪২ লাখ কোটিৰো অধিক লাভ প্ৰদান কৰা হৈছে ।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সুবিধা লোৱাৰ বাবে ই-কেৱাইচি আৰু ভূমি প্ৰমাণীকৰণ বাধ্যতামূলক কৰা হৈছে । সেয়েহে যিসকল কৃষকে এই কাম কৰা নাই তেওঁলোক এই আঁচনিৰ লাভালাভৰ পৰা বঞ্চিত হ'ব পাৰে । যদি কোনো কৃষকে ই-কেৱাইচি আৰু ভূমি প্ৰমাণীকৰণ কৰা নাই, তেন্তে সেয়া সোনকালে সম্পন্ন কৰিব লাগিব । ই-কেৱাইচিৰ বাবে আধাৰ কাৰ্ড, বেঙ্ক একাউণ্ট, উপাৰ্জনৰ প্ৰমাণ-পত্ৰ, বাসস্থানৰ প্ৰমাণ-পত্ৰ আৰু পাছপোৰ্ট আকাৰৰ ফটোৰ প্ৰয়োজন হ'ব । প্ৰধানমন্ত্ৰী কিষাণৰ অফিচিয়েল ৱেবছাইট www.pmkisan.gov.in বা নিকটতম কৃষি কাৰ্যালয়লৈ গৈ এই কাম সম্পন্ন কৰিব পাৰে ।

চৰকাৰে এই আঁচনিৰ জৰিয়তে কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰে । কৃষকসকলে এই ধন কৃষি সম্পৰ্কীয় কামৰ বাবে ব্যৱহাৰ কৰিব লাগে । লগতে এই ধনৰ জৰিয়তে কৃষকসকলৰ সামগ্ৰিক কল্যাণত সহায় কৰাটো উদ্দেশ্য । ৰাজস্থানত অনুষ্ঠিত অনুষ্ঠানত মোদীয়ে ১.২৫ লাখ প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ দেশবাসীক উৎসৰ্গা কৰিব বুলি এক চৰকাৰী বিবৃতিত কোৱা হৈছে । চৰকাৰে দেশৰ খুচুৰা সাৰৰ দোকানসমূহক পৰ্যায়ক্ৰমে প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰলৈ ৰূপান্তৰ কৰি আছে । এই কেন্দ্ৰসমূহে কৃষকসকলক কৃষিভিত্তিক কেঁচামাল, মাটি পৰীক্ষা, বীজ আৰু সাৰৰ সুবিধা প্ৰদান কৰিব ।

লগতে পঢ়ক :PM Modi: মোৰ তৃতীয় কাৰ্যকালত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ অৰ্থনীতি হ’ব; প্ৰধানমন্ত্ৰীৰ গেৰাণ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.