ETV Bharat / bharat

PM Modi Varanasi visit : বাৰাণসীত নিৰ্মাণ হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, প্ৰধানমন্ত্ৰীক ধন্যবাদ ৰাইজৰ - International Cricket Stadium in Varanasi

এদিনীয়া কাৰ্যসূচীৰে বাৰাণসীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সমষ্টিৰ লোকসকলে উষ্ম আদৰণি জনাইছে স্থানীয় সাংসদ তথা প্ৰধানমন্ত্ৰীক । নিৰ্মাণ হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামক লৈ আশাবাদী বাৰাণসীৰ ৰাইজ ।

PM Modi Varanasi visit
বাৰাণসীত নিৰ্মাণ হ'ব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম
author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 12:58 PM IST

Updated : Sep 23, 2023, 6:48 PM IST

নেশ্যনেল ডেস্ক,২৩ ছেপ্টেম্বৰ : দিনজোৰা কাৰ্যসূচীৰে নিজৰ সংসদীয় সমষ্টি বাৰাণসীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰধানমন্ত্ৰীৰ আগমনত আনন্দিত বাৰাণসীবাসী । যুৱক-যুৱতীসকলে তেওঁলোকৰ সাংসদ তথা দেশৰ প্ৰধানমন্ত্ৰীক হৰ-হৰ মহাদেৱৰ শ্ল'গানেৰে আদৰণি জনোৱা দেখা গৈছে । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাশীৰ জনসাধাৰণৰ বাবে কোটি কোটি টকাৰ প্ৰকল্প উৎসৰ্গা কৰিব আৰু এই উপহাৰবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ উপহাৰটো হৈছে গঞ্জাৰীত নিৰ্মাণ হ'বলগীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম । যাৰ বাবে বাৰাণসী যুৱক-যুৱতী তথা খেলুৱৈসকলে ষ্টেডিয়ামৰ ফটো আৰু 'ধন্যবাদ মোডীজী' লিখা পোষ্টাৰেৰে প্ৰধানমন্ত্ৰীক আদৰণি জনাইছে ।

প্ৰধানমন্ত্ৰী হোৱাৰ পাছতে নৰেন্দ্ৰ মোডীৰ এয়া ৪২ সংখ্যক বাৰাণসী ভ্ৰমণ । যেতিয়াই প্ৰধানমন্ত্ৰী মোদী কাশীলৈ আহিছে তেওঁক কাশীৰ জনসাধাৰণৰ বাবে উপহাৰৰ টোপোলা লৈ অহা দেখা গৈছে । তেওঁৰ প্ৰতিটো ভ্ৰমণতে বাৰাণসীয়ে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প লাভ কৰিছে । শনিবাৰৰ এই ভ্ৰমণটোও বিশেষ হিচাপে পৰিগণিত হৈছে । উল্লেখ্য যে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব । ষ্টেডিয়ামখন গঞ্জাৰীত নিৰ্মাণ কৰা হ'ব । যাক লৈ যুৱ আৰু খেলুৱৈসকলৰ মাজত যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে । প্ৰধানমন্ত্ৰীগৰাকীক তেওঁলোকে ধন্যবাদ জনোৱাৰ লগতে ইয়াক লৈ আনন্দ প্ৰকাশ কৰিছে ।

খেলুৱৈসকলে কৈছে যেতিয়াই প্ৰধানমন্ত্ৰী মোদী কাশীলৈ আহিছে তেওঁ কাশীৰ লোকসকলক উপহাৰ দিছে । এই ষ্টেডিয়ামে শিশুসকলৰ লগতে আন যুৱ খেলুৱৈসকলৰ ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিব বুলি আশাবাদী তেওঁলোক । বৰ্তমান তেওঁলোকে খেলিবলৈ পাৰ্কলৈ আহে । এতিয়া ষ্টেডিয়াম নিৰ্মাণ হ'লে তেওঁলোকে তাত নামভৰ্তি কৰিব আৰু ভালকৈ খেলিবলৈ সক্ষম হ'ব । বাৰাণসীলৈ এদিনীয়া ভ্ৰমণসূচীলৈ অহা প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা আছে ।

জানিব পৰা মতে প্ৰধানমন্ত্ৰী মোদীয়ে সম্পুৰানন্দ সংস্কৃতি বিশ্ববিদ্যালয়ত মহিলাসকলৰ সৈতে বাৰ্তালাপ কৰিব আনহাতে তেওঁ ৰুদ্ৰাক্ষ সন্মিলন কেন্দ্ৰও পৰিদৰ্শন কৰাৰ কথা আছে । এনে পৰিস্থিতিত, তেওঁ গোটেই দিনটো বাৰাণসীৰ বিভিন্ন কাৰ্যসূচীত ব্যস্ত থাকিব ।

লগতে পঢ়ক :Assam CM slams Rahul Gandhi : ৰাজস্থানত পুনৰ ৰাহুলক আক্ৰমণ অসমৰ মুখ্যমন্ত্ৰীৰ

Last Updated : Sep 23, 2023, 6:48 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.