ETV Bharat / bharat

PM Modi visit to Bengaluru: ISRO ৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰিবলৈ বেংগালুৰুলৈ যাব প্ৰধানমন্ত্ৰী - ISRO ৰ বিজ্ঞানী

ইতিহাস ৰচিলে ভাৰতে ৷ ইয়াৰ পিচতে ইছৰ’ৰ মুখ্য কাৰ্যালয়ত বিজ্ঞানীসকলক শুভেচ্ছা জনাবলৈ লোকৰ সোঁত বৈছে ৷ ISRO ৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে অহা 26 আগষ্টত বেংগালুৰুত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷

PM Modi visit to Bengaluru
ISRO ৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰিবলৈ বেংগালুৰুলৈ যাব প্ৰধানমন্ত্ৰী
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 7:51 PM IST

নেশ্যনেল ডেস্ক, 25 আগষ্ট : ISRO ৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে অহা 26 আগষ্ট, শনিবাৰে বেংগালুৰুত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ কেন্দ্ৰীয় মন্ত্ৰী শোভাকাৰান্দলাজে জানিবলৈ দিয়ে এই কথা ৷ অৱশ্যে এতিয়ালৈ প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ উপলক্ষে কোনো ৰোড শ্ব’ অথবা অন্য অনুষ্ঠানৰ আয়োজন কৰা হোৱা নাই ৷

মোদীৰ কৰ্ণাটক ভ্ৰমণৰ বিষয়ে অৱগত কৰি কেন্দ্ৰীয় মন্ত্ৰী শোভা কাৰান্দলাজে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ ভ্ৰমণৰ পিচত কাইলৈ পোনে পোনে বেংগালুৰুত উপস্থিত হ'ব ৷ প্ৰধানমন্ত্ৰীয়ে ইছৰ’ৰ সকলো বিজ্ঞানীক লগ কৰি অভিনন্দন জনাব ৷ এই সাক্ষাতৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে সূৰ্যযান (সূৰ্যৰ বিষয়ে) প্ৰকল্পৰ বিষয়ে আলোচনা কৰিব ৷ ইয়াৰ বাহিৰে, এতিয়ালৈকে ৰোড শ্ব'ৰ কোনো পৰিকল্পনা নাই ৷ বেংগালুৰুৰ বিজেপি কৰ্মীসকলে বিমানবন্দৰত প্ৰধানমন্ত্ৰীক আদৰণি জনাব ৷ তাৰ পিচতেই তেওঁ কেৱল ইছৰ’ৰ বিজ্ঞানীসকলৰ সৈতে মত বিনিময় কৰিব ৷"

শনিবাৰে পুৱা 6 বজাত চহৰখনৰ এইছএএল বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীয়ে অৱতৰণ কৰিব ৷ বিমান বন্দৰতেই মোদীক আদৰৰণি জনোৱা হ’ব ৷ প্ৰথমে পিনিয়াত 1 কিলোমিটাৰ ৰোড শ্ব'ৰ প্ৰস্তুতি কৰা হৈছিল যদিও এছপিজিয়ে অনুমতি নিদিয়াৰ বাবে ৰোড শ্ব'ৰ সিদ্ধান্ত পৰিত্যাগ কৰা হৈছিল ৷ এখন মুকলি বাহনৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীয়ে এখন কনভয়ৰ পৰা কৰ্মীসকলক অভিবাদন জনাব ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনৰ পৰিপ্ৰেক্ষিতত, বেংগালুৰু যান-বাহন আৰক্ষীয়ে চহৰখনৰ কিছু অংশত পথ যান-বাহনৰ পথ সলনি কৰিছে ৷ 26 আগষ্টৰ পুৱা 4:30 বজাৰ পৰা পুৱা 9:30 বজালৈ, নিম্নলিখিত পথবোৰৰ পথ সলনি কৰা হ'ব ৷ পুৰণি বিমানবন্দৰ পথ, পুৰণি মাদ্ৰাজ ৰোড, এমজি ৰোড, কিউবন ৰোড, ৰাজভৱন ৰোড, বল্লাৰী ৰোড (মেখৰী চক্ৰ), চিভি ৰমন ৰোড, যশৱন্তপুৰ উৰণ সেঁতু, তুমাকুৰ ৰোড (যশৱন্তপুৰৰ পৰা নাগাচন্দ্ৰালৈ), মাগাদি ৰোড, হোৰাভাৰটুলা ৰোড (গোৰাগুণ্টে পালিয়া জংচনৰ পৰা সুমানাহাল্লি) গুব্বি থোটাডাপ্পা ৰোডৰ বিকল্প পথ, জলাহলী পথ ব্যৱহাৰ কৰিবলৈ সাধাৰণ জনতাক আহ্বান কৰা হৈছে ৷ পুৱা 11 বজালৈকে চহৰৰ ভিতৰত গধুৰ মালবাহী বাহমৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

লগতে পঢ়ক: Chandrayaan-3 : চন্দ্ৰপৃষ্ঠত নামি প্ৰজ্ঞানে আৰম্ভ কৰিলে নিজৰ কাম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.