নিউজ ডেস্ক, 27 এপ্ৰিল : বিৰোধী শাসিত ৰাজ্যসমূহৰ ওপৰত কঠোৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কয় যে, যোৱা নৱেম্বৰত কেন্দ্ৰই আবকাৰী শুল্ক হ্ৰাস কৰাৰ পিছতো কিছুমান ৰাজ্যই পেট্ৰ'ল আৰু ডিজেলৰ ওপৰত ভেট হ্ৰাস কৰা নাই ৷ এই পদক্ষেপৰ লাভালাভ জনসাধাৰণ প্ৰদান নকৰি তেওঁলোকৰ প্ৰতি অন্যায় কৰিছে এই সমূহ ৰাজ্যৰ চৰকাৰে (PM Modi on petrol price)।
দেশৰ ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বাৰ্তালাপত ভাষণ দি মোদীয়ে কয় যে, তেওঁ বিশ্বৰ পৰিস্থিতিৰ বাবে জনসাধাৰণে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ এটা পৃথক বিষয় ৰখাটো বিচাৰে । ৰাছিয়া-ইউক্ৰেইন সংঘৰ্ষৰ (Russia Ukraine war) প্ৰসংগত মোদীয়ে কয় যে, "যুদ্ধৰ পৰিস্থিতিয়ে যোগান শৃংখলাক প্ৰভাৱিত কৰিছে আৰু এনে পৰিৱেশত প্ৰত্যাহ্বানবোৰ দিনক দিনে বাঢ়ি আহিছে" ৷
এই গোলকীয় সংকতে বহুতো প্ৰত্যাহ্বান কঢ়িয়াই আনিছে । এনে পৰিস্থিতিত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ মাজত সহযোগিতামূলক সম্পৰ্ক আৰু সমন্বয়ৰ মনোভাৱ অধিক বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে বুলিও কয় প্ৰধানমন্ত্ৰী মোদীয়ে ৷

পেট্ৰ'ল আৰু ডিজেলৰ বৰ্ধিত মূল্যৰ বিষয়টো কঢ়িয়াই আনি মোদীয়ে কয় যে, কেন্দ্ৰই যোৱা নৱেম্বৰত জনসাধাৰণৰ ওপৰত পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰ বোজা হ্ৰাস কৰিবলৈ আবকাৰী শুল্ক হ্ৰাস কৰিছে ৷ কেন্দ্ৰই ৰাজ্যসমূহক কৰ হ্ৰাস কৰিবলৈ আৰু নাগৰিকসকলক সকাহ দিবলৈ আহ্বান জনোৱা বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷
তেওঁ লগতে কয় যে, "কিছুমান ৰাজ্যই কৰ হ্ৰাস কৰিছিল কিন্তু কিছুমান ৰাজ্যই ইয়াৰ কোনো সুবিধা জনসাধাৰণক দিয়া নাছিল ৷ ইয়াৰ ফলত, এই ৰাজ্যবোৰত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈ আছে । এক প্ৰকাৰে, এয়া কেৱল এই ৰাজ্যসমূহৰ জনসাধাৰণৰ প্ৰতি অন্যায়েই নহয়, চুবুৰীয়া ৰাজ্যসমূহৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছে" ৷
মহাৰাষ্ট্ৰ, পশ্চিম বংগ, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, কেৰালা, ঝাৰখণ্ড আৰু তামিলনাডুৰ দৰে বহুতো ৰাজ্যই কোনো কাৰণত কেন্দ্ৰীয় চৰকাৰৰ কথা নুশুনিলে আৰু সেই ৰাজ্যসমূহৰ নাগৰিকসকলৰ ওপৰত বোজা অব্যাহত আছে ৷ মোদীয়ে কয় যে, "মই অনুৰোধ জনাইছো যে নৱেম্বৰত যি কৰা উচিত আছিল, এতিয়া আপোনালোকে ভেট হ্ৰাস কৰি নাগৰিকসকলক সকাহ দিয়া উচিত" ৷
লগতে পঢ়ক : লালুৰ বিৰুদ্ধে অন্য এক গোচৰ : প্ৰশস্ত নহ’ব পাৰে কাৰামুক্তিৰ পথ