নেশ্যনেল ডেস্ক , ৭ অক্টোবৰ : বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে দেশবাসীলৈ ৩৫টা প্ৰেচাৰ চুইং এডচৰ্পচন অক্সিজেন প্ৰকল্প(Pressure Swing Adsorption oxygen plants) উৎসৰ্গা কৰিব । বৃহস্পতিবাৰে উত্তৰাখণ্ডত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঋষিকেশস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান(All India Institute of Medical Sciences)ত আয়োজিত এক অনুষ্ঠানত এই অক্সিজেন প্ৰকল্প উদ্বোধন কৰিব ।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে এই কথা প্ৰকাশ কৰিছে । ইফালে, প্ৰধানমন্ত্ৰীগৰাকীয়ে অক্সিজেন প্ৰকল্পসমূহক "গুৰুত্বপূৰ্ণ স্বাস্থ্যসেৱা আন্তঃগাঁথনি" বুলি অভিহিত কৰে আৰু এই পদক্ষেপ জনসাধাৰণৰ বাবে লাভজনক হ'ব বুলি তেওঁ উল্লেখ কৰে । ৭ অক্টোবৰত দেৱভূমি উত্তৰাখণ্ডত তেওঁ উপস্থিত থাকিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটত উল্লেখ কৰে ।
-
I would be in Devbhoomi Uttarakhand tomorrow, 7th October. 35 PSA Oxygen Plants across various States and UTs would be dedicated to the nation. This is vital healthcare infrastructure for larger public benefit. https://t.co/dFfzwSSIOr
— Narendra Modi (@narendramodi) October 6, 2021 " class="align-text-top noRightClick twitterSection" data="
">I would be in Devbhoomi Uttarakhand tomorrow, 7th October. 35 PSA Oxygen Plants across various States and UTs would be dedicated to the nation. This is vital healthcare infrastructure for larger public benefit. https://t.co/dFfzwSSIOr
— Narendra Modi (@narendramodi) October 6, 2021I would be in Devbhoomi Uttarakhand tomorrow, 7th October. 35 PSA Oxygen Plants across various States and UTs would be dedicated to the nation. This is vital healthcare infrastructure for larger public benefit. https://t.co/dFfzwSSIOr
— Narendra Modi (@narendramodi) October 6, 2021
উল্লেখ্য যে, দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বৃহস্পতিবাৰে মুঠ ৩৫টা প্ৰেচাৰ চুইং এডচৰ্পচন অক্সিজেন প্ৰকল্প শুভাৰম্ভণি কৰা হ'ব । এই উপলক্ষে ঋষিকেশস্থিত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান(All India Institute of Medical Sciences)ত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি বৃহস্পতিবাৰে পুৱা ১১ বজাত প্ৰধানমন্ত্ৰী মোডীয়ে অক্সিজেন প্ৰকল্প উদ্বোধন কৰিব ।
এই অনুষ্ঠানত উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমিত সিং(Gurmit Singh), মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী(Pushkar Singh Dhami ) আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডাৱিয়া(Mansukh Mandaviya)ও উপস্থিত থাকিব । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জনোৱা মতে, এই ৩৫ টা অক্সিজেন প্ৰকল্পৰ লগতে এতিয়া দেশৰ সকলো জিলাতে পি এছ এ অক্সিজেন প্ৰকল্প আৰম্ভ কৰিব । ৭ হাজাৰৰো অধিক কৰ্মচাৰীক প্ৰশিক্ষণ দি এই প্ৰকল্পবোৰৰ সঞ্চালন আৰু তত্বাৱধানৰ দায়িত্ব দিয়া হৈছে ।
লগতে পঢ়ক : নিম্ন কপিলী জলবিদ্যুৎ প্ৰকল্পৰ ভূমি পূজন : উপস্থিত থাকিব নিৰ্মলা সীতাৰমণ