ETV Bharat / bharat

সোমবাৰে প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত উদ্বোধন কৰিব 614 কোটি টকাৰ প্ৰকল্প

author img

By

Published : Nov 9, 2020, 10:15 AM IST

সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত উদ্বোধন কৰিব 614 কোটি টকাৰ প্ৰকল্প ৷ প্ৰকল্প সমূহৰ ভিতৰত কৃষি,পৰ্যটন, শিক্ষা ক্ষেত্ৰকো সামৰি লোৱা হৈছে ৷

PM Modi to unveil multiple projects in Varanasi today
সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত উদ্বোধন কৰিব 614 কোটি টকাৰ প্ৰকল্প

নিউজ ডেস্ক, 9 নৱেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে বাৰাণসীত বিভিন্ন উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব ৷ যাৰ ভিতৰত কৃষি, পৰ্যটন আৰু আন্তঃগাঁথনি সম্পৰ্কীয় বহুকেইটা প্ৰকল্প আছে ৷ এই প্ৰকল্পবোৰৰ মুঠ ব্যয় 614 কোটি টকা বুলি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ এক বিবৃতিত প্ৰকাশ পাইছে ৷ লগতে,প্ৰধানমন্ত্ৰীয়ে আঁচনি শুভাৰম্ভৰ সময়ত আঁচনিৰ হিতাধিকাৰীৰ লগতো বাৰ্তালাপ কৰিব বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে,উদ্বোধন কৰিব লগা প্ৰকল্পবোৰৰ ভিতৰত আছে সাৰনাথ লাইট এণ্ড চাউণ্ড শ্বো,লাল বাহাদুৰ শাস্ত্ৰী চিকিৎসালয়,ৰামনগৰৰ উন্নীতকৰণ,নৰ্দমা সম্পৰ্কীয় কাম,গাখীৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে আন্তঃগাঁথনিৰ সুবিধা,বহুমুখী বীজ ভঁৰাল ইত্যাদি আইপিডিএছ পৰ্যায় 2ৰ কৃষি উৎপাদন ৱেৰহাউচ,বাৰাণসী চহৰৰ স্মাৰ্ট লাইটিং ৱৰ্কৰ সমপুৰ্ণান্দ ষ্টেডিয়ামৰ খেলুৱৈ সকলৰ বাবে এক গৃহ কমপ্লেক্স, লগতে 105 টা অংনৱাড়ী কেন্দ্ৰ ৷

একেদৰে প্ৰধানমন্ত্ৰীয়ে দশাশ্বমেধ ঘাট আৰু খকিয়া ঘাটৰ পুনৰ বিকাশ, পিএচি আৰক্ষী শক্তিৰ বাবে বেৰেক, কাশীৰ ৱাৰ্ডৰ পুনৰ বিকাশ, গীৰিজা দেৱী বহুমুখী হ'লৰ উন্নয়ন, চহৰত পথৰ মেৰামতিৰ আধাৰশিলা স্থাপন কৰিব বুলিও জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : সংখ্যালঘুৰ ভোটেৰে বিটিচিত জয়ী হ’ব বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.