ETV Bharat / bharat

Parliament Budget 2022: প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিব - মোডীয়ে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিব

৩১ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন (Parliament Budget 2022)। ৰাষ্ট্ৰপতি ভাষণৰ সৈতে আৰম্ভ হৈছিল অধিৱেশনৰ । মঙলবাৰে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

Parliament Budget 2022
মোডীয়ে ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিব
author img

By

Published : Feb 8, 2022, 12:34 PM IST

নেশ্যনেল ডেস্ক,৮ ফেব্ৰুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে সংসদৰ চলিত বাজেট অধিৱেশনত ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে ধন্যবাদ প্ৰস্তাৱৰ উত্তৰ দিয়াৰ সম্ভাৱনা আছে (PM Modi to reply on Motion of Thanks)। লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে ধন্যবাদ প্ৰস্তাৱৰ ওপৰত বিতৰ্ক সোমবাৰে সমাপ্ত হৈছে । ১১ ঘণ্টা ২৫ মিনিট ধৰি চলি থকা বিতৰ্কত তিনিগৰাকী মহিলা সদস্যকে ধৰি ৪০ গৰাকী সদস্যই অংশগ্ৰহণ কৰে । প্ৰধানমন্ত্ৰীৰ উত্তৰৰ পাছত, ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ ওপৰত বিতৰ্ক আৰম্ভ হ'ব যাৰ বাবে ১১ ঘণ্টা ধৰা হৈছে ।

ইয়াৰ পূৰ্বে সোমবাৰে প্ৰধানমন্ত্ৰীয়ে লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে ধন্যবাদ প্ৰস্তাৱ সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দিয়ে । প্ৰধানমন্ত্ৰী মোডীয়ে অভিযোগ কৰে যে কংগ্ৰেছে ইয়াৰ "বিভাজন আৰু শাসন" নীতিৰ ওপৰত নিৰ্ভৰ কৰি আছে আৰু সৰু সৰুগেঙৰ নেতা হৈ পৰিছে । চৰকাৰৰ সফলতা সম্পৰ্কে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত ১০০ টা ইউনিকৰ্ণ থাকিব আৰু তাৰ ভিতৰত বহু-ৰাষ্ট্ৰীয় কোম্পানী হোৱাৰ সম্ভাৱনা আছে । প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ বিভিন্ন নীতি গ্ৰহণ কৰাৰ বাবে ইউনিকৰ্ণৰ বিকাশ সম্ভৱ হৈছে ।

উল্লেখ্য যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণৰ সৈতে সংসদৰ ২০২২ চনৰ বাজেট অধিৱেশন ৩১ জানুৱাৰীত আৰম্ভ হৈছিল । বাজেট অধিৱেশনৰ (Parliament Budget 2022) প্ৰথম অংশ ৩১ জানুৱাৰীৰ পৰা ১১ ফেব্ৰুৱাৰীলৈ চলিব আৰু দ্বিতীয় অংশটো ১৪ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈ চলিব ।

ভাষণ সময়ত দেশৰ বৰ্ধিত ৰপ্তানি সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছিল যে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ ৬৩০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে । দেশৰ ৰপ্তানি দ্ৰুতগতিত বৃদ্ধি পাইছে লগতে অতীতৰ কেইবাটাও অভিলেখ ভংগ কৰিছে । ২০২১ চনৰ এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে দেশৰ বিভিন্ন সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ আছিল ৩০০ বিলিয়ন ডলাৰ বা ২২ লাখ কোটি টকাতকৈ অধিক । ২০২০ চনৰ একে সময়ৰ তুলনাত এই সংখ্যা ডেৰ গুণৰো অধিক ।

লগতে পঢ়ক :কংগ্ৰছে আৰু এশ বছৰ ক্ষমতালৈ নহাৰ পণ লৈছে : মোদী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.