ETV Bharat / bharat

টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় দলৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১৩ জুলাইত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে অলিম্পিক অভিমুখী ভাৰতীয় দলৰ সৈতে আলোচনাত মিলিত হ’ব । শেহতীয়াকৈ তেওঁ টকিঅ' অভিমুখী ভাৰতীয় দলটোৰ প্ৰস্তুতি সম্পৰ্কেও পৰ্যালোচনা কৰিছিল ।

author img

By

Published : Jul 11, 2021, 10:35 PM IST

Updated : Jul 12, 2021, 8:21 AM IST

pm-modi-to-interact-with-indias-olympic-contingent-on-tuesday
টকিঅ’ অলিম্পিক অভিমুখী ভাৰতীয় দলৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে

নেচনেল ডেস্ক, 11 জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(PM Narendra Modi) ১৩ জুলাইত ভিডিঅ' কনফাৰেঞ্চ(video conference)ৰ জৰিয়তে টকিঅ' অলিম্পিক(Tokyo Olympic)ৰ বাবে সাজু হোৱা ভাৰতীয় খেলুৱৈৰ দলটোৰ সৈতে বাৰ্তালাপ কৰিব । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ(PMO)ৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি, প্ৰধানমন্ত্ৰী মোডীৰ এই বিশেষ বাৰ্তালাপ অলিম্পিক খেলসমূহত অংশগ্ৰহণৰ আগতে খেলুৱৈসকলক অনুপ্ৰাণিত কৰাৰ এক প্ৰয়াস ।

উল্লেখ্য যে, শেহতীয়াকৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে টকিঅ' অলিম্পিক অভিমুখী ভাৰতীয় দলটোৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালোচনাতো অংশগ্ৰহণ কৰিছিল ৷ মোডীয়ে তেওঁৰ মন কি বাত অনুষ্ঠানৰ ৰেডিঅ' সম্প্ৰচাৰৰ সময়ত কেইজনমান খেলুৱৈৰ অনুপ্ৰেৰণামূলক যাত্ৰাৰ বিষয়েও আলোচনা কৰিছিল ৷ লগতে দেশবাসীক আগবাঢ়ি আহিবলৈ আৰু তেওঁলোকক আন্তৰিকতাৰে সমৰ্থন কৰিবলৈ আহ্বান জনাইছিল ৷ ভাৰতৰ পৰা ১৮ বিধ খেলত অংশগ্ৰহণ কৰিবলৈ মুঠ ১২৬ জন খেলুৱৈ টকিঅ'লৈ যাব ।

ভাৰতে যিকোনো অলিম্পিকলৈ প্ৰেৰণ কৰা এইবাৰৰ দলটো সবাটোকৈ ডাঙৰ দল ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উল্লেখ কৰা অনুসৰি ভাৰতে অংশগ্ৰহণ কৰিবলগীয়া ১৮ টা ক্ৰীড়া শাখাৰ ৬৯ টা ইভেণ্ট এতিয়ালৈকে দেশে অংশগ্ৰহণ কৰিবলগীয়া সৰ্বাধিক ইভেণ্ট হ’ব । প্ৰথমবাৰ অংশগ্ৰহণ কৰা খেলুৱৈসকলৰ ভিতৰত ভৱানী দেৱী নামৰ এগৰাকী ফেঞ্চাৰ(fencer)ৰ লগতে, নেত্ৰা কুমানান হৈছে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা নাবিক(sailor ) ৷ সাজন প্ৰকাশ আৰু শ্ৰীহৰি নটৰাজ হৈছে সাঁতোৰত 'এ' অৰ্হতাৰ মানদণ্ড অৰ্জন কৰি অলিম্পিক খেলৰ বাবে যোগ্যতা অৰ্জন কৰা ভাৰতৰ প্ৰথম গৰাকী সাঁতোৰবিদ(swimmer) ।

লগতে পঢ়ক : নিজৰ মাজতে সংঘৰ্ষ লাগি প্ৰাণ হেৰুৱালে বীৰাপ্পানে

Last Updated : Jul 12, 2021, 8:21 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.