ETV Bharat / bharat

মঙলবাৰে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰীয়ে - দিল্লী বিজেপি

এতিয়াও ক’ভিড 19 (COVID-19) ৰ সংক্ৰমণ সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অহা নাই । মঙলবাৰে উত্তৰ-পূৰ্ৱাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Prime Minister Narendra Modi)য়ে । ৰাজ্যৰ কেইখনৰ ক'ভিড পৰিস্থিতিৰ বুজ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

PM Modi to interact with CMs of north-eastern states on Covid situation
উত্তৰ পূৱৰ ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
author img

By

Published : Jul 12, 2021, 7:54 PM IST

নেশ্যনেল ডেস্ক, ১২ জুলাই : মঙলবাৰে উত্তৰ-পূৱৰ ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Prime Minister Narendra Modi)য়ে । উত্তৰ-পূৰ্ৱাঞ্চলৰ বৰ্তমানৰ ক'ভিড পৰিস্থিতিৰ বিষয়ে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব । চৰকাৰী সূত্ৰই জনোৱা মতে, প্ৰধানমন্ত্ৰী মোডীয়ে অসম, নাগালেণ্ড, ত্ৰিপুৰা, ছিক্কিম, মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিব । দেশৰ অধিকাংশ ঠাইতে ক'ভিডত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে যদিও উত্তৰ-পূৰ্ৱাঞ্চলত আশানুৰূপভাৱে আক্ৰান্তৰ হাৰ হ্ৰাস পোৱা নাই ।

বিশেষজ্ঞসকলৰ মতে, দেশৰ সামগ্ৰিক আক্ৰান্তৰ তুলনাত উত্তৰ-পূৰ্ৱাঞ্চলত আক্ৰান্তৰ সংখ্যা বাঢ়িয়েই আছে । সোমবাৰে পুৱাৰ ভাগত প্ৰধানমন্ত্ৰী মোডীয়ে নমো এপ (NaMo app)ৰ জৰিয়তে দলীয় কৰ্মীসকলৰে বাৰ্তালাপ কৰে । তেওঁৰ চৰকাৰী মোবাইল এপৰ সৈতে সংযুক্ত হোৱাৰ বাবে বিজেপিৰ দিল্লী গোটৰ সদস্যসকলক তেওঁ প্ৰশংসা কৰে । গেৰুৱা দলটোৰ প্ৰতিজন কৰ্মীক নমো এপৰ জৰিয়তে সংযুক্ত কৰাৰ লক্ষ্যৰে দিল্লী বিজেপিৰ নেতৃত্বই ৰাজধানী চহৰখনত নমো এপ অভিযান (NaMo App Abhiyaan) আৰম্ভ কৰিছে ।

দিল্লী বিজেপিৰ এটা টুইট টেগ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে টুইট কৰে । টুইটটোত তেওঁ উল্লেখ কৰে যে, এয়া এক গঠনমূলক অভিজ্ঞতা হ'ব আৰু এই পদক্ষেপে সকলোকে কাৰ্যকৰীভাৱে অৱদান আগবঢ়াবলৈ অধিক অনুপ্ৰাণিত কৰিব । লগতে এপটোৰ জৰিয়তে কৰ্মীসকলক যোগাযোগ কৰিবলৈ তেওঁ আগ্ৰহী হৈ থাকিব বুলিও উল্লেখ কৰে ।

উল্লেখ্য যে, বুধবাৰে তেওঁ মন্ত্ৰীসভাৰ এখন বৈঠকত সভাপতিত্ব কৰাৰ কথা আছে । ৭ জুলাইত কেন্দ্ৰীয় কেবিনেট ৰদবদল আৰু সম্প্ৰসাৰণৰ পিছত মন্ত্ৰী পৰিষদৰ সৈতে প্ৰধানমন্ত্ৰী মোডীৰ এয়া দ্বিতীয়খন বৈঠক হ'ব । কেন্দ্ৰীয় কেবিনেট সম্প্ৰসাৰণৰ এদিন পাছতে প্ৰধানমন্ত্ৰীয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল । চৰকাৰী সূত্ৰটোৱে জনোৱা মতে, প্ৰথমখন বৈঠকত প্ৰধানমন্ত্ৰীয়ে ক'ভিড-১৯ৰ বিৰুদ্ধে এই যুঁজত বৰ্তমান সংক্ৰমণ হ্ৰাস হ'লেও আত্মসন্তুষ্টি নল'বলৈ মন্ত্ৰীসকলক সতৰ্ক কৰি দিছিল ।

লগতে পঢ়ক:সুদৰ্শন পাটনায়কৰ হাতত প্ৰাণ পাই উঠিল 6.2 ইঞ্চিৰ ক্ষুদ্ৰ বালিৰ ৰথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.