ETV Bharat / bharat

Tripura airport new terminal: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব এমবিবি বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন

৪৩৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ত্ৰিপুৰাৰ মহাৰাজা বীৰ বিক্ৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ । জানুৱাৰীৰ প্ৰথম সপ্তাহতে প্ৰধানমন্ত্ৰী মোডীয়ে মুকলি কৰিব বিমানবন্দৰৰ টাৰ্মিনেল ভৱন (PM modi to inaugurate MBB airport new terminal) । প্ৰধানমন্ত্ৰীৰ আগমনক লৈ ত্ৰিপুৰাত ব্যাপক তৎপৰতা ।

Tripura airport new terminal
প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব এমবিবি বিমানবন্দৰ
author img

By

Published : Dec 26, 2021, 6:10 PM IST

আগৰতলা,২৬ ডিচেম্বৰ : অহা ৪ জানুৱাৰীত ত্ৰিপুৰাত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । আগৰতলাত নৱনিৰ্মিত মহাৰাজা বীৰ বিক্ৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে (PM modi will inaugurate MBB airport new terminal)। ত্ৰিপুৰা পৰ্যটন বিভাগে সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰে ।

ইফালে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে জনোৱা মতে প্ৰধানমন্ত্ৰীগৰাকীৰ ত্ৰিপুৰা ভ্ৰমণ সম্পৰ্কে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে তেওঁক অৱগত কৰিছে । মহাৰাজা বীৰ বিক্ৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (MBB Airport in Tripura) নতুনকৈ নিৰ্মাণ কৰা টাৰ্মিনেল ভৱন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে । ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ আগমনক লৈ বিশেষ তৎপৰতা গ্ৰহণ কৰিছে ত্ৰিপুৰা চৰকাৰে ।

উল্লেখ্য যে, ৪৩৮ কোটি টকা ব্যয়েৰে নিৰ্মিত ৩০ হাজাৰ বৰ্গমিটাৰৰ টাৰ্মিনেলটোত ২০ টা চেক-ইন কাউণ্টাৰ, ৪ খন যাত্ৰী ব’ৰ্ডিং দলঙৰ উপৰিও যাত্ৰীৰ সুবিধাৰ্থে বিভিন্ন ব্যৱস্থা থাকিব । একে সময়তে ১০০০ ঘৰুৱা আৰু ২০০ আন্তৰ্জাতিক যাত্ৰী পৰিচালনা কৰিবলৈ সক্ষম হ'ব এই টাৰ্মিনেলটোৱে । ইয়াৰ ফলত টাৰ্মিনেলটোৰ বাৰ্ষিক যাত্ৰী পৰিচালনা ক্ষমতা ৩ নিযুত হ'ব ।

টাৰ্মিনেল ভৱনটোত ত্ৰিপুৰাৰ কলা-সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে পৰ্যটনস্থলীবোৰ বিশেষভাৱে অংকণ কৰা হৈছে । ইফালে তাত প্ৰদৰ্শিত বিভিন্ন শিল্প-কলাত ত্ৰিপুৰাত উপলব্ধ বাঁহ ব্যৱহাৰ কৰা হৈছে । টাৰ্মিনেলটোত ত্ৰিপুৰাৰ সংস্কৃতি আৰু পৰ্যটন প্ৰচাৰৰ বিশেষ ব্যৱস্থা কৰা হৈছে । ইয়াৰোপৰি অত্যাধুনিক প্ৰযুক্তিৰে টাৰ্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক : 84th edition of Mann Ki Baat : বছৰৰ অন্তিমটো "মন কী বাত"ত দেশবাসীক সম্বোধন কৰিব মোডীয়ে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.