ETV Bharat / bharat

আজি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব দেশৰ দীৰ্ঘতম সাগৰীয় দলং

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 11:00 AM IST

Updated : Jan 12, 2024, 12:36 PM IST

inaugurate Indias longest sea bridge শুকুৰবাৰে ভাৰতৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং অটল সেতু উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামাকৰণ কৰা এই দলংখন সেৱৰী উন মুম্বাইৰ পৰা ৰায়গড়ৰ নভা শ্বেভালৈ সংযোগ কৰা হৈছে ।

PM Modi to inaugurate India's longest sea bridge 'Atal Setu' today
আজি প্ৰধানমন্ত্ৰীয়ে উদ্ধোধন কৰিব অটল সেঁতু

নেশ্যনেল ডেস্ক, 12 জানুৱাৰী: শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব দেশৰ সৰ্ববৃহৎ সাগৰীয় দলংখন ৷ অটল বিহাৰী বাজপেয়ী সেৱৰী-নভা শ্বেভা সেতুখন প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামাকৰণ কৰা হৈছে । মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ৰমেশ ব্যাস, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে আৰু ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছৰ উপস্থিতিত দলংখন উদ্বোধন কৰা হ’ব ৷

বৰ্তমান অটল সেতু নামেৰে পৰিচিত মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংকৰ দায়িত্ব 2017 চনত মহাৰাষ্ট্ৰ চৰকাৰে মুম্বাই মহানগৰ অঞ্চল উন্নয়ন কৰ্তৃপক্ষক প্ৰদান কৰিছিল । তাৰ পিছত জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সংস্থাই প্ৰায় 50 লাখ টকাৰ চৰকাৰী উন্নয়ন ঋণ প্ৰদান কৰিছিল প্ৰকল্পটোৰ অগ্ৰগতিৰ সুবিধাৰ বাবে 18 হাজাৰ কোটি টকা আগবঢ়াইছে ।

এই অটল সেতুয়ে মুম্বাই, মেগাচিটি আৰু নৱী মুম্বাইক সংযোগ কৰিব । মুকলি হোৱাৰ পিছত এই দলংখনে বিশ্বৰ ভিতৰত 12 নং দীঘলীয়া সাগৰীয় দলং আৰু দেশৰ ভিতৰতে আটাইতকৈ দীঘলীয়া দলং হিচাপে স্থান লাভ কৰিব ।

মুম্বাই-পুনে এক্সপ্ৰেছৱে, মুম্বাই-গোৱা ঘাইপথ আৰু নিৰ্মাণৰত নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ এই দলংখনে সংযোগ কৰিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ স্থান । ফলপ্ৰসূ সংযোগ আৰু মসৃণ যাতায়তৰ বাবে সেৱৰী, শিৱাজী-নগৰ, চিৰলে আৰু অন্যান্য গুৰুত্বপূৰ্ণ স্থানতো দলংখনৰ সংযোগ কৰা হৈছে ।

অটল সেতুৱে মুম্বাই আৰু পুনেৰ মাজৰ যাত্ৰা বহু পৰিমাণে হ্ৰাস কৰাৰ লগতে মুম্বাই আৰু নতুনকৈ নিৰ্মাণ কৰা নৱী মুম্বাই বিমানবন্দৰৰ মাজত যাতায়তৰ সময় হ্ৰাস কৰিব । মুম্বাইৰ পৰা নবী মুম্বাইলৈ যাবলৈ বৰ্তমান পৰ্যন্ত যি দুঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল সেই পথ এতিয়াৰে পৰা 20-30 মিনিট সময়তে । এই দলংখনৰ ব্যৱহাৰে বছৰি 25 হাজাৰ মিলিয়ন টনতকৈ অধিক CO2 নিৰ্গমন হ্ৰাস কৰাৰ লগতে এক কোটি লিটাৰ ইন্ধন ৰাহি কৰিব ।

প্ৰতিখন অটোম’বাইলৰ একমুখী টোল 250 টকা নিৰ্ধাৰণ কৰা হৈছে । অটল সেঁতুৰে যাতায়ত কৰাৰ সময়ত গাড়ীৰ গতিৰ সীমাৱদ্ধতা থাকিব । গাড়ী, টেক্সি, সৰু মটৰ গাড়ী, মিনিবাছ , দুখলপীয়া বাছকে ধৰি বাহনৰ বাবে সৰ্বোচ্চ গতিৰ সীমা ঘণ্টাত 100 কিলোমিটাৰ । বিষয়াসকলে ঘোষণা কৰা অনুসৰি মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংকত মটৰবাইক, অটোৰিক্সা, ট্ৰেক্টৰৰ অনুমতি দিয়া নহ’ব । সাগৰীয় দলঙখনৰ সুৰক্ষা সুৰক্ষিত কৰা আৰু যিকোনো সম্ভাৱ্য বাধাৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যই গ্ৰহণ কৰা হৈছে এই পদক্ষেপ ।

লগতে পঢ়ক: Mumbai accident : মুম্বাইৰ বান্দ্ৰাত দুৰ্ঘটনা, ৩ জন নিহত

Last Updated : Jan 12, 2024, 12:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.