নেশ্যনেল ডেস্ক, ২৫ এপ্ৰিল : কেৰালাৰ ৰাইজৰ বাবে এক ভাল খবৰ । মঙলবাৰে অৰ্থাৎ আজি কেৰালাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব বহু প্ৰত্যাশিত ৱাটাৰ মেট্ৰ’ (PM Modi to inaugurate Water Metro)। দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে কেৰালাত আৰম্ভ হ'ব এই ৱাটাৰ মেট্ৰ’ৰ সেৱা ।
আৰম্ভণিতে, ইয়াৰ সেৱা সীমিত হ'ব ৷ কিন্তু লাহে লাহে ইয়াক সম্প্ৰসাৰিত কৰা হ’ব বুলি জানিব পৰা গৈছে । এই সেৱা সস্তা আৰু সুলভ হ'ব । তথ্য অনুসৰি, আৰম্ভণিতে ৱাটাৰ মেট্ৰ' দুটা পথত চলোৱা হ'ব (Water Metro in India)। যেতিয়া এই সেৱা সম্পূৰ্ণৰূপে আৰম্ভ কৰা হ'ব, কোচিৰ চাৰিওফালে থকা ১০ টা দ্বীপ সংযোগ কৰা হ'ব । যাৰ ফলত দ্বীপ কেইটাৰ মাজত যোগাযোগ সহজ আৰু নিৰৱচ্ছিন্ন হ'ব ।
এই ৱাটাৰ মেট্ৰ’ বেটাৰিৰ দ্বাৰা চালিত । ইয়াক পৰিৱেশ-অনুকূল বুলি বৰ্ণনা কোৱা হৈছে । ইয়াক হাইব্ৰিড নাও বুলিও কোৱা হয় । কেৰালাৰ উন্নয়নৰ ক্ষেত্ৰত ই অতি গুৰুত্বপূৰ্ণ হ'ব বুলি কোৱা হৈছে (First Water Metro in India)। এই সেৱা আৰম্ভ কৰাৰ কাৰণ হৈছে কোচি বহুতো দ্বীপেৰে আগুৰি আছে । সেই দ্বীপসমূহৰ ভিতৰত, ১০ টা অতি গুৰুত্বপূৰ্ণ আৰু ঘন বসতিপূৰ্ণ । কোচি মেট্ৰ’ ৰে’ল লিমিটেডৰ পৰিচালনা সঞ্চালকে এই বিষয়ে তথ্য প্ৰকাশ কৰিছে ।
এই ৱাটাৰ মেট্ৰ’ স্থল পৰিবহনৰ বিপৰীতে এক উন্নত বিকল্প । ই এক বহনক্ষম, নিয়মীয়া আৰু বিলাসী পৰিবহন ব্যৱস্থা যি অতি সুলভ মূল্যত উপলব্ধ হ'ব বুলিও তেওঁ উল্লেখ কৰিছে । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুদিনীয়া কাৰ্যসূচীৰে কেৰালা ভ্ৰমণ কৰিছে । তেওঁ কেৰালাত প্ৰায় ৩,২০০ কোটি টকাৰ বিভিন্ন প্ৰকল্প উদ্বোধন কৰিব (PM Modi in Kerala)।
প্ৰধানমন্ত্ৰী মোডীয়ে তিৰুৱন্তপুৰম, কোজিকোড আৰু ভাৰ্কলা শিৱগিৰি ৰে’ল ষ্টেচনৰ পুনৰ নিৰ্মাণকে ধৰি বিভিন্ন ৰে’ল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । দুদিনীয়া ভ্ৰমণত ২৪ এপ্ৰিলত কেৰালাত উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে সোমবাৰে কোচিত এক বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছিল । এই সময়ছোৱাত, জনসাধাৰণে তেওঁক ব্যাপকভাৱে আদৰণি জনোৱা দেখা গৈছে । ৰোড শ্ব'ৰ সময়তো জনসাধাৰণৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছিল ।
লগতে পঢ়ক : Missile System : আমেৰিকা আৰু ৰাছিয়াৰ পৰা ভাৰতে ক্ৰয় কৰিব মিছাইল প্ৰণালী