ETV Bharat / bharat

ভাৰত আৰু ভিয়েটনামৰ আজি অনুষ্ঠিত হ'ব ভাৰ্চুৱেল সন্মিলন

author img

By

Published : Dec 21, 2020, 10:21 AM IST

ভাৰত আৰু ভিয়েটনামে তেওঁলোকৰ সম্পৰ্কক ২০১৬ চনত বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰিছিল আৰু প্ৰতিৰক্ষা সহযোগিতা দ্বিপাক্ষিক ক্ষেত্ৰত দ্ৰুত সম্প্ৰসাৰিত হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছিল । 

ভাৰত আৰু ভিয়েটনামৰ আজি অনুষ্ঠিত হ'ব ভাৰ্চুৱেল ছামিট
ভাৰত আৰু ভিয়েটনামৰ আজি অনুষ্ঠিত হ'ব ভাৰ্চুৱেল সন্মিলন

নতুন দিল্লী, ২১ ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ভিয়েটনামৰ প্ৰধানমন্ত্ৰী নজেন ঝুন ফুকৰ লগত এক ভাৰ্চুৱেল বৈঠকত মিলিত হ'ব । বৈঠকত দুয়োখন দেশৰ মাজত বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ ভৱিষ্যত বিকাশৰ ওপৰত নেতা দুগৰাকীয়ে আলোচনা কৰিব । ভাৰতৰ বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰে এই কথা ।

বৈদেশিক মন্ত্ৰণালয়ে লগতে কয় যে, বৈঠকত প্ৰধানমন্ত্ৰী দুগৰাকীয়ে দ্বিপাক্ষিক,ক্ষেত্ৰীয় আৰু বিশ্বব্যাপী বিষয়ৰ ওপৰত মতামত বিনিময় কৰিব আৰু ভাৰত-ভিয়েটনাম ব্যাপক ৰণনীতিগত অংশীদাৰিত্বৰ বিকাশৰ বাবে সিদ্ধান্ত ল'ব ।

ভাৰত আৰু ভিয়েটনামে তেওঁলোকৰ সম্পৰ্কক ২০১৬ চনত বিস্তৃত কৌশলগত অংশীদাৰিত্বৰ স্তৰলৈ উন্নীত কৰিছিল আৰু প্ৰতিৰক্ষা সহযোগিতা দ্বিপাক্ষিক ক্ষেত্ৰত দ্ৰুত সম্প্ৰসাৰিত হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছিল । প্ৰধানমন্ত্ৰী দুগৰাকীয়ে ১৩ এপ্ৰিলত ক'ৰণা মহামাৰীৰ বিভিন্ন দিশৰ সম্পৰ্কে টেলিফোনত বাৰ্তালাপ কৰিছিল ।

বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি দুয়োখন দেশৰ বিদেশী মন্ত্ৰীসকলৰ সহ-অধ্যক্ষতাত যুটীয়া কমিছন সভাৰ ১৭তম সংস্কৰণ ২৫ আগষ্টত ভাৰ্চুৱেলী অনুষ্ঠিত হৈছিল । আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ২৭ নৱেম্বৰত ভিয়েটনামৰ সৈতে এখন অনলাইন বৈঠকত মিলিত হৈছিল ।

লগতে চাওকঃ বিপদৰ পৰা উদ্ধাৰ পাবলৈ হাগ্ৰামাই স্ব-বিৰোধী মন্তব্য কৰিছে : বিশ্বজিৎ দৈমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.