ETV Bharat / bharat

PM Modi Meeting in Kolar: কোলাৰত প্ৰধানমন্ত্ৰীৰ নিৰ্বাচনী সভা

author img

By

Published : Apr 30, 2023, 5:37 PM IST

কৰ্ণাটকত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ তুংগত । শাসক-বিৰোধী উভয়ে চলাই আছে জোৰদাৰ প্ৰচাৰ অভিযান । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে শাসনাধিষ্ঠিত বিজেপি চৰকাৰক পুনৰ শাসনত অধিষ্ঠিত কৰাবৰ বাবে চলাই আছে তীব্ৰ প্ৰচাৰ । ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি বিৰোধী দলৰ নেতাসকলেও বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিছে (Karnataka Assembly Election 2023) ।

PM Modi Meeting in Kolar
PM Modi Meeting in Kolar

নিউজ ডেস্ক, ৩০ এপ্ৰিল: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে দক্ষিণৰ ৰাজ্য কৰ্ণাটকত বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হৈছে (PM Modi election campaign in Karnataka) । উল্লেখ্য, কৰ্ণাটকত বিজেপিয়ে পৰৱৰ্তী পাঁচ বছৰৰ বাবে শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিবলৈ মাৰাথন প্ৰচাৰ অভিযান চলাই আছে ।

আনহাতে, এই কোলাৰতে এক নিৰ্বাচনী সভাত ভাষণ ৰাখি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে 'মোডী উপাধি' সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল । যাৰ বাবে চুৰাট আদালতৰ দ্বাৰা দোষী সাব্যস্ত হোৱাৰ লগতে নিজৰ সাংসদ পদো হেৰুৱাবলগা হৈছে । তেনে ক্ষেত্ৰত মোডীৰ কোলাৰত এই নিৰ্বাচনী প্ৰচাৰ সভাৰ দিশে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে (PM Modi public meeting in Kolar) ।

মোডীৰ নৱমবাৰ কৰ্ণাটক ভ্ৰমণৰ দেওবাৰে দ্বিতীয় দিন আৰু এই দিনটোত একাধিক ৰাজহুৱা সভাৰ লগতে এটা ৰোড শ্ব' অনুষ্ঠিত কৰিব । প্ৰধানমন্ত্ৰীয়ে কোলাৰ, চান্নাপাটনা আৰু বেলুৰত অনুষ্ঠিত হ'বলগীয়া তিনিখন ৰাজহুৱা সভাতো জনসাধাৰণক সম্বোধন কৰিব । আনহাতে, দক্ষিণী ৰাজ্যখনৰ পৰা প্ৰস্থানৰ পূৰ্বে তেওঁ দেওবাৰে সন্ধিয়া কৰ্ণাটকৰ মহীশূৰত এক ৰোড শ্ব' অনুষ্ঠিত কৰিব (Karnataka Assembly Election 2023) ।

কোলাৰত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "আজিৰ সমাবেশে কংগ্ৰেছ আৰু জেডিএছৰ চকুৰ টোপনি হৰিব । উন্নয়নৰ প্ৰক্ৰিয়াত দুয়োটা দলেই হৈছে আটাইতকৈ ডাঙৰ বাধা (PM Modi slams Congress and JDS in Karnataka) । ৰাইজে তেওঁলোকক ক্লিন-ব'ল্ড কৰিছে । আমি কৰ্ণাটকৰ লোকসকলক কংগ্ৰেছ আৰু জেডিএছৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰৰ পৰা বচাব লাগিব ।"

"অস্থিৰ চৰকাৰবোৰৰ কেতিয়াও কোনো ভিজন থাকিব নোৱাৰে । কংগ্ৰেছৰ শাসনকালত ভাৰতৰ বাবে বিশ্বখন আশাহীন আছিল । কিন্তু বিজেপি শাসনলৈ অহাৰ লগে লগে বিশ্বই এতিয়া ভাৰতক এক উজ্জ্বল স্থান হিচাপে দৃষ্টি দিয়ে । কৰ্ণাটকে বিজেপিক নিৰ্বাচিত কৰাৰ সিদ্ধান্ত লৈছে । ৰাজ্যখনত হৈ থকা নিৰন্তৰ বিকাশৰ বাবে ইয়াত দ্বৈত ইঞ্জিন চৰকাৰ অতি গুৰুত্বপূৰ্ণ । কংগ্ৰেছ আৰু জেডিএছৰ শাসনকালত উন্নয়নৰ গতি হ্ৰাস পাইছিল ।" প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয় (BJP election campaign in Karnataka) ।

প্ৰধানমন্ত্ৰী মোডীয়ে লগতে কয়, "কৰ্ণাটকৰ এই নিৰ্বাচন কেৱল অহা ৫ বছৰৰ বাবে বিধায়ক, মন্ত্ৰী বা মুখ্যমন্ত্ৰী বনোৱাৰ বাবে নহয় । এই নিৰ্বাচন আগন্তুক ২৫ বছৰত উন্নত ভাৰতৰ ৰোডমেপৰ ভেটি শক্তিশালী কৰাৰ বাবে ।" উল্লেখ্য, শনিবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে উত্তৰ বেংগালুৰুত ৫.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক ৰোড শ্ব' অনুষ্ঠিত কৰে (PM Modi road show in north Bengaluru) । তেওঁ চহৰখনৰ মাগাদি ৰোড, নাইচ জংচন আৰু সুমানাহাল্লিজুৰি এই ৰোড শ্ব' কৰে । এই সময়ছোৱাত পথৰ দুয়োফালে বৃহৎ সংখ্যক সমৰ্থকক দেখা গৈছিল ।

লগতে পঢ়ক :Mann Ki Baat : ইতিবাচকৰ এক অনন্য উৎসৱ হৈ পৰিছে ‘মন কি বাত’ : প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.