নেশ্যনেল ডেস্ক, ১২ মাৰ্চ: বিশ্ব আয়ুৰ্বেদ উৎসৱ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । ৮ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই উৎসৱ শুকুৰবাৰৰ সন্ধিয়া ৮.৪৫ বজাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব । প্ৰধানমন্ত্ৰী মোডীয়ে টুইটযোগে এই কথা প্ৰকাশ কৰি কয় যে, আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধক অধিক জনপ্ৰিয় কৰাৰ বাবে এই উৎসৱ এক প্ৰশংসনীয় প্ৰচেষ্টা । ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত হোৱা এই উৎসৱ অহা ১৯ মাৰ্চত অন্ত পৰিব ।
-
At around 8:45 PM this evening, will address the Global Ayurveda Festival. This Festival is a commendable effort to further popularise Ayurveda and traditional forms of medicine.
— Narendra Modi (@narendramodi) March 12, 2021 " class="align-text-top noRightClick twitterSection" data="
">At around 8:45 PM this evening, will address the Global Ayurveda Festival. This Festival is a commendable effort to further popularise Ayurveda and traditional forms of medicine.
— Narendra Modi (@narendramodi) March 12, 2021At around 8:45 PM this evening, will address the Global Ayurveda Festival. This Festival is a commendable effort to further popularise Ayurveda and traditional forms of medicine.
— Narendra Modi (@narendramodi) March 12, 2021
কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী কিৰেণ ৰিজিজু, কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰালীধৰণ, ফেডাৰেচন অফ চেম্বাৰ্ছ অৱ কমাৰ্ছৰ সভাপতি উদয় শংকৰ আৰু প্ৰাক্তন সভাপতি ড০ সংগীতা ৰেড্ডীয়ো এই অনুষ্ঠানত উপস্থিত থাকিব । কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰলীধৰণ এই উৎসৱৰ আয়োজক সমিতিৰ অধ্যক্ষ । অনুষ্ঠানটোত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী ড০ সৌম্যা স্বামীনাথন, কেন্দ্ৰীয় আয়ুষ সচিব বৈদ্য ৰাজেশ ক'টেচা আৰু কেন্দ্ৰীয় আয়ুষ উপদেষ্টা বৈদ্য মনোজ নেছাৰীয়েও অংশগ্ৰহণ কৰিব ।
এই উৎসৱত আন্তৰ্জাতিক ছেমিনাৰ, প্ৰদৰ্শনী আৰু ব্যৱসায়িক বৈঠকো অনুষ্ঠিত হ'ব । এই উৎসৱত অংশ লোৱা প্ৰতিনিধিৰ সংখ্যা, ছেমিনাৰত বিষয় উপস্থাপন কৰা বিজ্ঞানীৰ সংখ্যা, অংশগ্ৰহণকাৰী দেশ আৰু প্ৰতিষ্ঠানৰ সংখ্যাই অভিলেখ গঢ়িব বুলি ধাৰণা কৰা হৈছে । আন্তৰ্জাতিক খ্যাতিসম্পন্ন ৩৫ জন বিজ্ঞানী আৰু ১৫০ জনৰো অধিক ভাৰতীয় বিজ্ঞানীৰ বক্তৃতাৰ অনুষ্ঠান থাকিব । ১,১৫০খন নিৰ্বাচিত গৱেষণা পত্ৰৰ ভিতৰত ৬৫০ খন পোনপটীয়াকৈ উপস্থাপন কৰা হ'ব আৰু ৫০০ খন গৱেষণা পত্ৰ এখন পোষ্টাৰ প্ৰেজেণ্টেছনৰ সৈতে প্ৰদৰ্শন কৰা হ'ব ।
এই উৎসৱ ২০২০ চনৰ মে' মাহত আংগমলীত অনুষ্ঠিত হ'বলগীয়া আছিল যদিও COVID-১৯ মহামাৰীৰ বাবে স্থগিত কৰা হৈছিল । এতিয়া পাঁচটা পৃথক স্থানত দিনৰ ৯ বজাৰ পৰা নিশা ১০ বজালৈ ভাৰ্চুৱেল মাধ্যমেৰে বিশ্ব আয়ুৰ্বেদ উৎসৱ অনুষ্ঠিত কৰা হৈছে ।
লগতে পঢ়ক:তামিলনাডু নিৰ্বাচনঃ ৬ সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব চিপি আই (এম)ৰ প্ৰাৰ্থীয়ে