ETV Bharat / bharat

কংগ্ৰেছ সাংসদ ধীৰাজ চাহুৰ ঘৰত টকাৰ পাহাৰ; কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ চৌহদৰ পৰা কোটি কোটি টকা উদ্ধাৰ কৰাক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । তেওঁ এই বিষয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পুনৰ এটা পোষ্ট দিছে ।

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 5:16 PM IST

PM Modi targeted Congress on social media site
কংগ্ৰেছক আক্ৰমণ প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্ক, ১২ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহু আৰু তেওঁৰ পৰিয়ালৰ চৌহদৰ পৰা নগদ ১০০ কোটি টকা উদ্ধাৰৰ পিছত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে । তেওঁ ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই বিষয়ত এটা পোষ্ট দিছে । প্ৰধানমন্ত্ৰী মোদীয়ে তাত লিখিছে, "ভাৰতত 'মানী হেইষ্ট' কল্পকাহিনীৰ প্ৰয়োজন কাৰ, যেতিয়া আপোনালোকৰ লগত কংগ্ৰেছ দল আছে যাৰ ডকাইতি সন্দৰ্ভত ৭০ বছৰ ধৰি কিংবদন্তী চলি আহিছে আৰু গণনা এতিয়াও চলি আছে ।"

প্ৰকৃততে প্ৰধানমন্ত্ৰী মোদীয়ে এই পোষ্টটোৰ জৰিয়তে বিশ্ববিখ্যাত স্পেনিছ ৱেব ছিৰিজ 'মানী হেইষ্ট'ৰ কথা সোঁৱৰাই দি কংগ্ৰেছক কাঠগড়াত তুলিছে । তেওঁ বুজাইছে যে ভাৰতত কোনো মানী হেইষ্ট (বেংক ডকাইতি) কাহিনীৰ প্ৰয়োজন নাই । কাৰণ কংগ্ৰেছ দলে বিগত ৭০ বছৰত এনে ধৰণৰ এটাতকৈ আন এটা অধিক লুণ্ঠন কৰিছে আৰু বৰ্তমানেও কৰি আছে ।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ধীৰাজ চাহুৰ ঘৰৰ পৰা উদ্ধাৰ হোৱা টকাৰ পাহাৰৰ বাতৰিকাকতত প্ৰকাশিত ছবিখন শ্বেয়াৰ কৰি লিখিছিল যে 'দেশবাসীয়ে এই নোটবোৰৰ স্তূপ দেখিছে আৰু তাৰ পিছত তেওঁলোকৰ নেতাসকলৰ সততাৰ ভাষণ শুনিছে' । এই বাক্যটোৰ পিছত তেওঁ এটা হাঁহি থকা ইমোজি ব্যৱহাৰ কৰিছিল । প্ৰধানমন্ত্ৰীয়ে লগতে লিখিছিল যে ৰাইজৰ পৰা যি লুণ্ঠন কৰা হৈছে, তাৰ প্ৰতিটো পইচা ঘূৰাই দিব লাগিব । এয়া মোদীৰ গেৰাণ্টি ।

উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ প্ৰথমটো পোষ্টৰ পিছৰ পৰায়ে বিজেপিয়ে সমগ্ৰ দেশতে কংগ্ৰেছৰ দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছে । ধীৰাজ চাহুৰ পুত্তলিকা দাহ কৰা হয় । বাবুলাল মাৰাণ্ডীয়ে আনকি আশংকাও প্ৰকাশ কৰে যে মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ এই ক'লা ধনৰ আঁৰত সম্পৰ্ক থাকিব পাৰে । সেয়েহে ইয়াৰ গুৰুত্বসহকাৰে তদন্ত কৰা উচিত ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যেতিয়া এই বিষয়টো বাঢ়ি যায়, তেতিয়া কংগ্ৰেছৰ তৰফৰ পৰা কেৱল এই কথা কোৱা হৈছে যে ধীৰাজ চাহুৰ ধনৰ বিষয়ত কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰা হৈছে । কিন্তু এতিয়ালৈকে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ।

লগতে পঢ়ক :উচ্চতম ন্যায়ালয়ৰ ৰায়ে নতুন ভাৰতৰ চিত্ৰনাট্য লিখিব; অনুচ্ছেদ ৩৭০ সন্দৰ্ভত প্ৰধানমন্ত্ৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.