ETV Bharat / bharat

পাৰম্পৰিক বৌদ্ধ সাহিত্য,শাস্ত্ৰৰ বাবে লাইব্ৰেৰী স্থাপনৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে লাইব্ৰেৰীৰ গৱেষণা নিৰ্দেশনাত বৌদ্ধৰ বাৰ্তাৰ জৰিয়তে আধুনিক বিশ্বক সমকালীন প্ৰত্যাহ্বানক নেওচি কেনেদৰে আগুৱাই যাব পাৰি সেয়া পৰীক্ষণৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে ।

পাৰম্পৰিক বৌদ্ধ সাহিত্য, শাস্ত্ৰৰ বাবে লাইব্ৰেৰী স্থাপনৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী মোদীৰ
PM Modi proposes library for traditional Buddhist literature, scriptures in India
author img

By

Published : Dec 21, 2020, 1:17 PM IST

নতুন দিল্লী, ২১ ডিচেম্বৰ : ভাৰত-জাপান ছামৱাদ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে পাৰম্পৰিক বৌদ্ধ সাহিত্য আৰু শাস্ত্ৰৰ এটা লাইব্ৰেৰী স্থাপনৰ প্ৰস্তাৱ দিয়ে । প্ৰধানমন্ত্ৰীয়ে ভাৰতে এই লাইব্ৰেৰী স্থাপনৰ কৰি আৰু ইয়াৰ বাবে উপযুক্ত সম্পদ প্ৰদান কৰি আনন্দিত হ'ব বুলি উল্লেখ কৰে । তেওঁ লগতে জাপান চৰকাৰক ছামৱাডৰ প্ৰতি নিৰন্তৰ সমৰ্থন কৰাৰ বাবে ধন্যবাদ জনায় ।

প্ৰধানমন্ত্ৰী মোদীয়ে লাইব্ৰেৰীৰ গৱেষণা নিৰ্দেশনাত বৌদ্ধৰ বাৰ্তাৰ জৰিয়তে আধুনিক বিশ্বক সমকালীন প্ৰত্যাহ্বানক নেওচি কেনেদৰে আগুৱাই যাব পাৰি সেয়া পৰীক্ষণৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে ।

মোদীয়ে লগতে কয় যে,লাইব্ৰেৰীটোত বিভিন্ন দেশৰ সকলো বৌদ্ধ সাহিত্যৰ ডিজিটেল প্ৰতিলিপি সংগ্ৰহ কৰা হ'ব। ইয়াৰ লক্ষ্য হৈছে প্ৰতিলিপিবোৰ অনুবাদ কৰা আৰু সকলো ভিক্ষু আৰু বিদ্বান সমাজৰ মাজত উপলব্ধ কৰা । বিশেষকৈ যুৱসমাজৰ মাজত ভগৱান বুদ্ধৰ ধাৰণা আৰু আদৰ্শৰ প্ৰচাৰৰ বাবে কৰা কামৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মঞ্চক সম্বৰ্ধনা জনায় ।

উল্লেখ্য যে, ছামৱাদৰ প্ৰথম সন্মিলন ২০১৫ চনত বোধগয়াত অনুষ্ঠিত হৈছিল । এই সন্মিলনত বিদ্বান সমাজ,ধৰ্মীয় নেতা,শিক্ষাবিদ আৰু ৰাজনৈতিক ব্যক্তিত্বসকলে সংঘাত পৰিহাৰ আৰু পাৰিপাৰ্শ্বিক জ্ঞানৰ ওপৰত মতামত বিনিময় কৰিছিল ।

লগতে চাওকঃ টাৰ্বাইন কঢ়িয়াই নিয়া বাহন আবদ্ধ কৰি আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.