ETV Bharat / bharat

PM Modi White House Dinner Speech : হোৱাইট হাউচৰ ৰাজ্যিক নৈশভোজত মোডীৰ অংশগ্ৰহণ

হোবাইট হাউচৰ ৰাজ্যিক নৈশভোজক আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেন আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নেতৃত্ব দিয়ে । দুয়োগৰাকী নেতাই দুয়োখন দেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কক প্ৰশংসা কৰে ।

PM Modi White House Dinner Speech
হোৱাইট হাউচৰ ৰাজ্যিক নৈশভোজত মোডীৰ অংশগ্ৰহণ
author img

By

Published : Jun 23, 2023, 10:10 AM IST

নেশ্যনেল ডেস্ক,২৩ জুন : আমেৰিকা ভ্ৰমণলৈ যোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি জ' বিডেনৰ নিমন্ত্ৰণ গ্ৰহণ কৰি হোৱাইট হাউচত উপস্থিত হয় । হোৱাইট হাউচত আয়োজিত ৰাজ্যিক নৈশভোজত দুয়োগৰাকী নেতাই অংশগ্ৰহণ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বিডেনে কয় যে এই অনুষ্ঠানটোৱে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ বন্ধুত্বক উদযাপন কৰিছে ।

বিডেনে কয় যে ফাৰ্ষ্ট লেডী জিল আৰু তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে এক সুন্দৰ মুহূৰ্ত অতিবাহিত কৰিছে । নিশা তেওঁলোকে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজক বন্ধুত্বকো উদযাপন কৰে । তেওঁলোকে হাতত গ্লাছ লৈ প্ৰধানমন্ত্ৰী মোডীৰ ৰাজ্যিক ভ্ৰমণ উদযাপন কৰিছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে দেশৰ প্ৰগতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে সন্ধিয়াটো দুয়োখন দেশৰ জনসাধাৰণৰ উপস্থিতিয়ে বিশেষ কৰি তুলিছে । তেওঁলোকে আমাৰ আটাইতকৈ মূল্যৱান সম্পদ বুলিও তেওঁ উল্লেখ কৰে । যেতিয়া তেওঁলোকে জাপানত কোৱাড সন্মিলনৰ সময়ত লগ পাইছিল তেতিয়া বিডেনে সন্মুখীন হোৱা এটা সমস্যাৰ কথা উল্লেখ কৰিছিল । প্ৰধানমন্ত্ৰী আশাবাদী যে তেওঁ সেই সমস্যাটো সমাধান কৰিবলৈ সক্ষম হৈছে । প্ৰধানমন্ত্ৰী মোডীয়ে আশা কৰে যে নিশাৰ আহাৰৰ বাবে যিয়ে আহিব বিচাৰে সকলোৰে সৈতে বিডেন খাপ খাব পাৰিব ।

ইফালে নৈশভোজৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰপতি জ' বিডেনক ধন্যবাদো জ্ঞাপন কৰে । আনহাতে ফাৰ্ষ্ট লেডী জিল বিডেনে তেওঁৰ ভ্ৰমণ সফল কৰাৰ যত্ন লোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে ধন্যবাদ জ্ঞাপন কৰে । আনহাতে আয়োজনসকলকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।

প্ৰধানমন্ত্ৰী মোডীৰ মতে বেছবল অতি জনপ্ৰিয় যদিও আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ৰিকেটো জনপ্ৰিয় হৈ উঠিছে । আমেৰিকান দলটোৱে এই বছৰৰ শেষৰ ফালে ভাৰতত অনুষ্ঠিত হ'বলগীয়া ক্ৰিকেট বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে । প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ দলটোক শুভকামনা জনাই আৰু সফলতা কামনা কৰে ।

লগতে পঢ়ক :Papier Mache box : প্ৰধানমন্ত্ৰী মোদীয়ে হীৰা উপহাৰ দিয়া বাকচটোৰ বিশেষত্ব কি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.