ETV Bharat / bharat

গুজৰাটত মেট্ৰ' ৰে'ল প্ৰকল্পৰ ভূমি পূজনত অংশ ল'লে প্ৰধানমন্ত্ৰীয়ে - bhoomi poojan

ভূমি পূজনত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত আছিল ।

PM Modi performs 'bhoomi poojan' of Ahmedabad Metro Phase-II, Surat Metro
গুজৰাটত মেট্ৰ' ৰে'ল প্ৰকল্পৰ ভূমি পূজনত অংশ ল'লে প্ৰধানমন্ত্ৰীয়ে
author img

By

Published : Jan 18, 2021, 1:20 PM IST

নিউজ ডেস্ক, 18 জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে ভিডিঅ’ কনফাৰেন্সৰ জড়িয়তে গুজৰাটৰ আহমেদাবাদৰ মেট্ৰ' ৰে'ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ আৰু চুৰাট মেট্ৰ' ৰে'ল প্ৰকল্পৰ ‘পূজন’ কৰে । প্ৰধানমন্ত্ৰী মোডীয়ে টুইট কৰি গুজৰাটৰ বাবে আজিৰ দিনটো ঐতিহাসিক বুলি উল্লেখ কৰি এই কথা প্ৰকাশ কৰে ।

গুজৰাটত মেট্ৰ' ৰে'ল প্ৰকল্পৰ ভূমি পূজনত অংশ ল'লে প্ৰধানমন্ত্ৰীয়ে

এক চৰকাৰী বিজ্ঞাপনত এই মেট্ৰ' ৰে’ল প্ৰকল্পই চহৰাঞ্চলত পৰিৱেশ অনুকূল 'গণ দ্ৰুত পৰিবহন প্ৰণালী' প্ৰদান কৰিব বুলি আশা কৰা হয় । ভূমি পূজনত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰত,কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰী উপস্থিত আছিল ।

উল্লেখ্য যে,আহমেদাবাদৰ মেট্ৰ' ৰে'ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ দুটা কৰিডৰৰ সৈতে 28.25 কিলোমিটাৰ দীঘল আৰু এই সেৱাই মটেৰা ষ্টেডিয়ামৰ লগত মহাত্মা মন্দিৰক সংলগ্ন কৰিছে । এই প্ৰকল্পৰ বাবে ব্যয় হৈছে প্ৰায় 5,384 কোটি টকা । আনহাতে চুৰাট মেট্ৰ' ৰে'ল প্ৰকল্প 40.35 কিলোমিটাৰ দীঘল আৰু ইয়াত দুটা কৰিডৰ আছে । প্ৰথম কৰিডৰটোৱে চুৰাট মেট্ৰ' ৰে'লে সৰথনাৰ লগতে ড্ৰিম চিটিক সংলগ্ন কৰিছে । আনহাতে দ্বিতীয়টো কৰিডৰে ভেচানৰ লগত চাৰ্লিক সংলগ্ন কৰিছে । এই প্ৰকল্পটোৰ বাবে ব্যয় হৈছে প্ৰায় 12,020 কোটি টকা ।

লগতে পঢ়ক : শ্ৰীকৃষ্ণ জন্মভূমিক লৈ মথুৰা আদালতত শুনানি আৰম্ভ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.