ETV Bharat / bharat

PM paid tributes to freedom fighters : ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Mar 23, 2023, 9:06 PM IST

আজিৰ দিনটোতে ব্ৰিটিছে ফাঁচী দিছিল ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক (PM paid tributes to freedom fighters)। তিনিওগৰাকী স্বাধীনতা সংগ্ৰামীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰী মোডীৰ । কেইবাগৰাকী মন্ত্ৰী তথা বিজেপি নেতৃত্বইও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

PM paid tributes to freedom fighters
ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

নেশ্যনেল ডেস্ক,২৩ মাৰ্চ : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে স্বাধীনতা সংগ্ৰামী ভগত সিং(Bhagat Singh), সুখদেৱ (Sukhdev)আৰু ৰাজগুৰুৰ (Rajguru) প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে (PM paid tributes to freedom fighters)। স্বাধীনতা সংগ্ৰামত অতুলনীয় অৱদান আগবঢ়োৱা তিনিওগৰাকী নেতালৈ শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰীয়ে । ১৯৩১ চনৰ ২৩ মাৰ্চত লাহোৰ ষড়যন্ত্ৰৰ গোচৰত ব্ৰিটিছসকলে তিনিওগৰাকী স্বাধীনতা সংগ্ৰামীক ফাঁচী দিছিল ।

টুইটযোগে প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে দেশৰ স্বাধীনতা সংগ্ৰামত এক অতুলনীয় অৱদান আগবঢ়োৱা ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুৰ ত্যাগক দেশবাসীয়ে সদায় স্মৰণ কৰি থাকিব । কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যইও তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

গাডকাৰীয়ে টুইট কৰি কয়, "বিপ্লৱী ভগত সিংজী, ৰাজগুৰুজী আৰু সুখদেৱজীক তেওঁলোকৰ ত্যাগৰ দিনটোত লাখ লাখ অভিবাদন জনাইছো, যিসকলে মাতৃভূমিৰ বাবে তেওঁলোকৰ সকলো ত্যাগ কৰিছিল ।" ইফালে, বিৰলাইও টুইট কৰি ভাৰতীয় যুৱক-যুৱতীসকলৰ সাহসিকতাৰ প্ৰতীক অমৰ শ্বহীদ ভগত সিং, ৰাজগুৰু আৰু সুখদেৱজীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

তেওঁলোকৰ এই কাম দেশৰ যুৱপ্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাদায়ক বুলিও তেওঁ উল্লেখ কৰে । সেই ত্যাগৰ বাবে দেশ সদায় কৃতজ্ঞ থাকিব বুলি বিৰলাই উল্লেখ কৰে (Nitin Gadkari tweet on Shaheed Diwas)।

ইফালে স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে 'অমৃত মহোৎসৱ'ৰ অফিচিয়েল টুইটাৰটো স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰেৰণাদায়ক কাহিনী প্ৰদৰ্শন কৰা 'শ্বহীদ বিশেষ শৃংখলা'ত এটা ভিডিঅ' শ্বেয়াৰ কৰা হৈছে । সমগ্ৰ দেশৰ ৰাইজে 'ভগত সিং', 'সুখদেৱ', 'ৰাজগুৰু', আৰু 'শ্বহীদ দিৱস'ৰ ট্ৰেণ্ডিং হেছটেগৰ সৈতে স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ।

উল্লেখ্য যে ১৯৩১ চনত ব্ৰিটিছ চৰকাৰে ফাঁচী দিয়া ভাৰতীয় বিপ্লৱী ভগত সিং, ৰাজগুৰু আৰু সুখদেৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ২৩ মাৰ্চত শ্বহীদ দিৱস হিচাপে পালন কৰা হয় (Shaheed Diwas 2023)। লালা লাজপত ৰায়ৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ ১৯২৮ চনত উপ আৰক্ষী অধীক্ষক জে পি চণ্ডাৰ্ছৰ হত্যাৰ বাবে তিনিওজনকে দোষী সাব্যস্ত কৰা হৈছিল । লাহোৰ কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়াৰ সময়ত ভগত সিঙৰ বয়স আছিল ২৩ বছৰ, ৰাজগুৰুৰ বয়স আছিল ২২ বছৰ আৰু সুখদেৱৰ বয়স আছিল ২৩ বছৰ ।

লগতে পঢ়ক :Shaheed Diwas 2023: এই তিনিজন বীৰৰ স্মৃতিত পালন কৰা হয় শ্বহীদ দিৱস, জানো এই দিৱসৰ গুৰুত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.