ETV Bharat / bharat

Atal Bihari Vajpayee’s death anniversary: পঞ্চম মৃত্যু বাৰ্ষিকীত প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীক স্মৰণ - PM Modi pays tribute to Atal Bihari Vajpayee

প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যু বাৰ্ষিকীত ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী মোদীকে ধৰি দলটোৰ নেতা-কৰ্মীসকলে জনায় শ্ৰদ্ধাঞ্জলি ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ কৰ্মজীৱনক সুঁৱৰি টুইটাৰত মনৰ ভাব ব্যক্ত কৰে বৰ্তমানৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ তিনিবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিবাহ কৰিছিল প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৷

Atal Bihari Vajpayee’s death anniversary

author img

By

Published : Aug 16, 2023, 10:09 AM IST

নেশ্যনেল ডেস্ক, 16 আগষ্ট: আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পঞ্চম মৃত্যু বাৰ্ষিকী । এই উপলক্ষে সমগ্ৰ দেশে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ যাচিছে শ্ৰদ্ধাঞ্জলি । ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । লগতে, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক সুঁৱৰি পুষ্পাঞ্জলি অৰ্পণ কৰে । আনহাতে, নেচনেল ডেম’ক্ৰেটিক এলায়েন্স অৰ্থাৎ এন ডি এৰ মিত্ৰ দলসমূহেও এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷

  • I join the 140 crore people of India in paying homage to the remarkable Atal Ji on his Punya Tithi. India benefitted greatly from his leadership. He played a pivotal role in boosting our nation's progress and in taking it to the 21st century in a wide range of sectors.

    — Narendra Modi (@narendramodi) August 16, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

এই উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, প্ৰয়াত নেতাগৰাকীয়ে উৎসাহ যোগোৱাত গ্ৰহণ কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা । তেওঁ কয় যে, এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে বাজপেয়ীয়ে দেশৰ উন্নয়ন আৰু উত্তৰণৰ বাবে গ্ৰহণ কৰিছিল গুৰুত্বপূৰ্ণ ভূমিকা । পূৰ্বতে টুইটাৰ নামেৰে পৰিচিত এক্সত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, বাজপেয়ীৰ নেতৃত্বত দেশে লাভ কৰিছিল এক বিশেষ মাত্ৰা ।

লগতে, ভাৰতৰ 140 কোটি জনসাধাৰণৰ সৈতে একেলগে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক তেখেতৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জনায় বুলি প্ৰধানমন্ত্ৰী মোদীয়ে টুইটটোত উল্লেখ কৰে । তেওঁৰ নেতৃত্বৰ পৰা ভাৰতে বহু লাভৱান হৈছিল বুুলিও টুইটটোত উল্লেখ কৰে ৷

1924 চনত জন্ম হৈছিল স্বাধীন ভাৰতৰ দশম প্ৰধানমন্ত্ৰীগৰাকীৰ । 1996 চনৰ 16 মে’ৰ পৰা 1996 চনৰ 1 জুনলৈ আৰু পুনৰ 1998 চনৰ 19 ​​মাৰ্চৰ পৰা 2004 চনৰ 22 মে’লৈ তিনিবাৰৰ বাবে বাজপেয়ীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

লগতে পঢ়ক: Living together relationships: বিবাহৰ পূৰ্বে একেলগে থকা সম্পৰ্কতো প্ৰযোজ্য হ’ব ঘৰুৱা হিংসা আইন; কেৰালা উচ্চ ন্যায়ালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.