ETV Bharat / bharat

PM Modi on National Unity Day : চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া কাৰ্যসূচীৰে গুজৰাট ভ্ৰমণ কৰিছে । চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী উপলক্ষে তেওঁ কেভাড়িয়াত দেশৰ প্ৰথম গৃহ মন্ত্ৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 12:56 PM IST

PM Modi on National Unity Day
ৰাষ্ট্ৰীয় একতা দিৱসত ৰাইজক প্ৰধানমন্ত্ৰীৰ সম্বোধন

নেশ্যনেল ডেস্ক,৩১ অক্টোবৰ : আজি দেশৰ প্ৰথম গৃহ মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তী । সেই উপলক্ষে দেশজুৰি ৰাষ্ট্ৰীয় একতা দিৱসৰ আয়োজন কৰা হৈছে । এই বিশেষ মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ একতা নগৰত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম জয়ন্তীত পুষ্পাঞ্জলি জ্ঞাপন কৰে । তেওঁ ঘোষণা কৰে যে আজি ভাৰত সফলতাৰ এক নতুন শীৰ্ষত আছে । জি-২০ সন্মিলনত ভাৰতৰ সম্ভাৱনা দেখি বিশ্ব আচৰিত হৈছে বুলিও তেওঁ দাবী কৰে ।

  • #WATCH | On the National Unity Day parade in Gujarat's Ekta Nagar, Prime Minister Narendra Modi says "The next 25 years are the most crucial 25 years of this decade for India. In these 25 years, we have to make our India prosperous, we have to make our India developed. There was… pic.twitter.com/xCZHnSkydU

    — ANI (@ANI) October 31, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁৰ মতে কেইবাটাও গোলকীয় সংকটৰ মাজতো ভাৰতৰ সীমা সুৰক্ষিত হৈ আছে । প্ৰধানমন্ত্ৰীগৰাকী গৌৰৱান্বিত যে অহা কেইবছৰমানৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ'বলৈ গৈ আছে । তেওঁ গৌৰৱান্বিত যে আজি ভাৰত চন্দ্ৰৰ সেই অংশত উপনীত হৈছে, য'ত কোনো দেশেই উপনীত হ'বলৈ সক্ষম হোৱা নাছিল । তেওঁ গৌৰৱ প্ৰকাশ কৰি কয় যে আজি ভাৰতে তেজস যুঁজাৰু বিমানৰ পৰা আইএনএছ বিক্ৰান্তলৈ নিজৰ প্ৰস্তুতি চলাই আছে । প্ৰধানমন্ত্ৰীৰ মতে ভাৰতৰ পেছাদাৰীসকলে বিশ্বৰ বিলিয়ন ডলাৰৰ কোম্পানীবোৰ চলাই আছে আৰু নেতৃত্ব দি আছে । বিশ্বৰ বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাবোৰতো ভাৰতৰ ত্ৰিৰংগা গৌৰৱেৰে উৰিছে । আনহাতে ভাৰতৰ যুৱপ্ৰজন্মই অভিলেখ ভংগ কৰিছে আৰু পদক লাভ কৰিছে বুলিও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

ভাৰতে দাসত্বৰ যুগত কৰা অপ্ৰয়োজনীয় আইনবোৰো আঁতৰ কৰিছে । আইপিচিৰ স্থান ভাৰতীয় দণ্ডবিধিয়ে লৈছে । এসময়ত ইণ্ডিয়া গেটত বিদেশী শক্তিৰ প্ৰতিনিধিৰ প্ৰতিমূৰ্তি আছিল, এতিয়া নেতাজী সুভাষ চন্দ্ৰৰ প্ৰতিমূৰ্তিয়ে দেশক অনুপ্ৰেৰণা যোগাইছে । তেওঁ কয় যে কোনে ভাবিছিল যে জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱা হ'ব । তেওঁ দাবী কৰা মতে আজি কাশ্মীৰ সন্ত্ৰাসবাদৰ পৰা মুক্ত । ভাৰত আৰু কাশ্মীৰৰ মাজৰ অনুচ্ছেদ ৩৭০ৰ দেৱাল আঁতৰোৱা হৈছে আৰু কাশ্মীৰৰ লোকসকল সন্ত্ৰাসবাদৰ ছাঁৰ পৰা মুক্ত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে দাবী কৰে ।

প্ৰধানমন্ত্ৰীগৰাকীৰ মতে পৰৱৰ্তী ২৫ বছৰ ভাৰতৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ । এই ২৫ বছৰত আমাৰ দেশক সমৃদ্ধিশালী কৰি তুলিব লাগিব । আমাৰ ভাৰতৰ উন্নয়ন হৈছে । এতিয়া, পৰৱৰ্তী ২৫ বছৰ আমাৰ বাবে এক সুযোগ আৰু প্ৰতিটো লক্ষ্যত উপনীত হ'বলৈ চৰ্দাৰ পেটেলৰ পৰা অনুপ্ৰেৰণা ল'ব লাগিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :Dignitaries Tributes to Sardar Patel : চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.