নেশ্যনেল ডেস্ক, ১৫ জুন : যোৱা ১২ আৰু ১৩ জুনত জি৭ সন্মিলন (G7 summit)ৰ প্ৰচাৰ অধিৱেশনত অংশগ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে (Narendra Modi) । ইয়াৰ পিছত এক সূত্ৰৰ পৰা জানিব পৰা মতে ক'ভিড (Covid 19) পৰিস্থিতিৰ ওপৰত লক্ষ্য কৰি বছৰৰ শেষৰ ফালে আমেৰিকা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে (Ministry of Foreign Affairs) যোৱা মাহত ঘোষণা কৰিছিল যে মহামাৰীৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে জি৭ সন্মিলন (G7 summit)ত অংশগ্ৰহণ কৰিবলৈ ব্ৰিটেইন ভ্ৰমণ নকৰে । জি৭ গোটত ইউকে (United Kingdom), কানাডা(Canada), ফ্ৰান্স(France ), জাৰ্মানী(Germany), ইটালী(Italy), জাপান(Japan) আৰু আমেৰিকা যুক্তৰাজ্য (United States) অন্তৰ্ভুক্ত আছে । কিন্তু এইবাৰ জি-৭ ৰ অধ্যক্ষ হিচাপে ব্ৰিটেইনে ভাৰত, অষ্ট্ৰেলিয়া, দক্ষিণ কোৰিয়া আৰু দক্ষিণ আফ্ৰিকাক সন্মিলনলৈ আমন্ত্ৰণ জনাইছিল।
ইফালে জি৭ ৰ সভাপতি তথা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে (Boris Johnson) ৪৭ সংখ্যক জি-৭ সন্মিলন (G7 summit)ত অংশগ্ৰহণ কৰিবলৈ মোডীক আমন্ত্ৰণ জনায় । প্ৰধানমন্ত্ৰী মোডীৰ লগতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামপাহোচা আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে-ইনকো সন্মিলনৰ আউটৰিচ চেছনলৈ আমন্ত্ৰণ জনোৱা হৈছিল ।
যোৱা আঠ মাহ ধৰি মহামাৰীৰ বিধ্বংসী প্ৰভাৱ আৰু নীতি-চালিত, উচ্চাকাংক্ষী আৰু পুনৰুদ্ধাৰ ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত এই বছৰৰ সন্মিলনৰ বাবে ব্ৰিটেইনে বাছনি কৰা বিষয়বস্তু হৈছে 'বিল্ড বেক বেটাৰ' । এই বিষয়বস্তুটো এই বছৰ জি-৭ আৰু অতিথি দেশসমূহৰ দ্বাৰা অনুসৰণ কৰা বিভিন্ন কামৰ ধাৰাৰ ওপৰত প্ৰচলিত ।
লগতে পঢ়ক:আনাৰস আৰু কঁঠালক জৈৱিক প্ৰমাণপত্ৰ প্ৰদানৰ চেষ্টা ত্ৰিপুৰা চৰকাৰৰ