ETV Bharat / bharat

2021ৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মোডী আৰু মমতা - মোডী আৰু মমতা

2021 বৰ্ষৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিসকলৰ 100 জনৰ ভিতৰত নাম সন্নিৱিষ্ট হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, মমতা বেনাৰ্জী আৰু আদৰ পুনাৱালাৰ ৷ Time আলোচনীয়ে মোডী, বেনাৰ্জী আৰু পুনাৱালাক 2021 বৰ্ষৰ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত সন্নিৱিষ্ট কৰিছে ৷

PM Modi, Mamata and Adar Poonawalla among Time Magazine's 100 'most influential people of 2021
2021ৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মোডী আৰু মমতা
author img

By

Published : Sep 16, 2021, 10:59 AM IST

নেশ্যনেল ডেস্ক , 16 ছেপ্তেম্বৰ : Timeয়ে প্ৰকাশ কৰিলে 2021 বৰ্ষৰ আটাইতকৈ প্ৰভাৱশালী 100 জন ব্যক্তিৰ তালিকা ৷ বুধবাৰে Timeয়ে প্ৰকাশ কৰা এই তালিকাত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi), পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(West Bengal Chief Minister Mamata Banerjee) আৰু Serum Institute of Indiaৰ CEO আদৰ পুনাৱালা ৷

Time আলোচনীয়ে প্ৰকাশ কৰা এই গ্ল'ৱেল তালিকাখনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেন(US President Joe Biden), উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ(Vice President Kamala Harris), চীনৰ ৰাষ্ট্ৰপতি Xi Jinping, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প(US President Donald Trump) আৰু তালিবানৰ সহ-প্ৰতিষ্ঠাপক মোল্লা আব্দুল ঘানি বাৰাদাৰ(Mullah Abdul Ghani Baradar) ৰ নাম উল্লেখ আছে৷

স্বাধীন ভাৰতক নেতৃত্ব দিয়াসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী মোডী অন্যতম বুলি আলোচনীখনত উল্লেখ আছে ৷

Timeৰ মোডীৰ প্ৰফাইলত কোৱা হৈছে যে, এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে ভাৰতৰ তিনিজন গুৰুত্বপূৰ্ণ নেতা আছে ৷ সেইসকল হ'ল ক্ৰমে জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু নৰেন্দ্ৰ মোডী ৷ নেহৰু আৰু ইন্দিৰা গান্ধীৰ পাচতে দেশৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰাত নৰেন্দ্ৰ মোডী হৈছে তৃতীয়গৰাকী নেতা ৷ প্ৰখ্যাত সাংবাদিক ফৰিদ জাকাৰিয়াই লিখা প্ৰ'ফাইলটোত অভিযোগ কৰা হৈছে যে, মোডীয়ে "দেশখনক ধৰ্মনিৰপেক্ষতাৰ পৰা আঁতৰাই হিন্দু জাতীয়তাবাদৰ ফালে ঠেলি দিছে।"

৬৯ বছৰীয়া নেতাগৰাকীৰ বিৰুদ্ধে ভাৰতৰ মুছলমান সংখ্যালঘুসকলৰ অধিকাৰ খৰ্ব কৰা আৰু সাংবাদিকসকলক কাৰাগাৰত বন্দী কৰা আৰু ভীতিগ্ৰস্ত কৰাৰো অভিযোগ উত্থাপিত হৈছে ৷ ইফালে মমতা বেনাৰ্জীক আলোচনীখনে ভাৰতীয় ৰাজনীতিত face of fierceness হিচাপে আখ্যা দিছে ৷ মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছক নেতৃত্ব নিদিয়ে বৰঞ্চ মমতা নিজেই দল বুলি আলোচনীখনে উল্লেখ কৰিছে ৷ পুৰুষতান্ত্ৰিক সমাজত যুঁজাৰু মনোভাৱ লৈ মমতাই যিধৰণে স্ব-নিৰ্মিত জীৱনৰ বাট মুকলি কৰিছে , এই কাৰ্যই তেওঁক পৃথক কৰি তুলিছে বুলি আলোচনীখনে মন্তব্য কৰিছে ৷

একেদৰে বিশ্বত্ৰাস ক'ভিড-19 অতিমাৰী সম্পূৰ্ণৰূপে সমাপ্ত কৰাৰ ক্ষেত্ৰত বিশ্বৰ সৰ্ববৃহৎ ভেকছিন নিৰ্মাণকাৰী 40 বৰ্ষীয় আদৰ পুনাৱালাই সহায় কৰিব পাৰিব বুলি আলোচনীখনত উল্লেখ কৰা হৈছে ৷ তালিবানৰ সহ-প্ৰতিষ্ঠাপক বাৰাদাৰক এজন "শান্ত, গোপনীয় ব্যক্তি" হিচাপে আলোচনীখনে আখ্যা দিছে ৷

তালিকাখনত টেনিছ খেলুৱৈ নাওমি ওচাকা(Naomi Osaka), ৰাছিয়াৰ বিৰোধী কৰ্মী Alexei Navalny, সংগীত আইকন Britney Spears, এছিয়ান পেচিফিক পলিচী এণ্ড প্লেনিং কাউন্সিলৰ কাৰ্যবাহী সঞ্চালক মঞ্জুছা পি কুলকাৰ্ণী(Manjusha P. Kulkarni), এপলৰ মুখ্য কাৰ্যবাহী বিষয়া টিম কুক(Tim Cook), অভিনেতা কেট উইন্সলেট(Kate Winslet) আদি লোকসকলৰ নামো অন্তৰ্ভুক্ত আছে ৷

লগতে পঢ়ক : SCO সন্মিলনত ভাৰতৰ প্ৰতিনিধি দলক নেতৃত্ব দিব প্ৰধানমন্ত্ৰী মোডীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.